March 22, 2025 12:48 PM March 22, 2025 12:48 PM

views 8

খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় দিনা এথলিট আৰু বেডমিণ্টন খেলুৱৈসকলৰ সুন্দৰ খেল প্ৰদৰ্শন

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় দিনা পেৰা এথলিট আৰু পেৰা বেডমিণ্টন খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে। কালিৰ দিনটোত ৪৪টা সোণৰ পদক অৰ্জন কৰা হয়। তামিলনাড়ু ৯টা সোণৰ পদকেৰে তালিকাৰ শীৰ্ষত থকাৰ লগতে ৭টা সোণেৰে হাৰিয়ানা দ্বিতীয় আৰু ৫টা সোণেৰে মহাৰাষ্ট্ৰ ...

March 22, 2025 12:46 PM March 22, 2025 12:46 PM

views 17

বাচেলত অনুষ্ঠিত ছুইচ অপেন বেডমিণ্টন প্রতিযোগিতাত তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে ছুইজাৰলেণ্ডৰ বাচেলত অনুষ্ঠিত ছুইচ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কমনৱেলথ গেমছৰ ব্ৰঞ্জৰ পদক বিজেতা তৃষা আৰু গায়ত্ৰীয়ে হংকং চাইনাৰ যুটী য়ুং না টিং আৰু য়ুং পুই লামক ২১-১৮, ২১-১৪ ছেটত পৰাস্ত কৰে। কাইলৈ তেওঁলোক ছেমি ফাইনেলত ...

March 22, 2025 12:44 PM March 22, 2025 12:44 PM

views 6

নতুন দিল্লীত কালি চতুর্থ ভাৰত-ইউৰোপীয় সংঘ সামুদ্রিক নিৰাপত্তা আলোচনা অনুষ্ঠিত

নতুন দিল্লীত কালি চতুর্থ ভাৰত-ইউৰোপীয় সংঘ সামুদ্রিক নিৰাপত্তা আলোচনা অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰস্ত্ৰকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা পৰিক্ৰমা বিভাৰ যুটীয়া সচিব মুৱানপুই ছেয়াৱিয়ে ভাৰতীয় প্ৰতিনিধিসকলক নেতৃত্ব দিয়ে। আনহাতে ইউৰোপৰ প্ৰতিনিধিসকলক ইউৰোপীয় বৈদেশিক কাৰ্যসেৱাৰ নিৰাপত...

March 22, 2025 12:42 PM March 22, 2025 12:42 PM

views 25

সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই এখন দেশ বা সমাজৰ মৰ্যাদা নিৰ্ণয় কৰে- শ্ৰীমতী দ্রৌপদী মুৰ্মু

সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই এখন দেশ বা সমাজৰ মৰ্যাদা নিৰ্ণয় কৰে। ৰাষ্ট্ৰপতি ভৱনত কালি সন্ধিয়া অনুষ্ঠিত পাৰ্পল মহোৎসৱত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দয়া, সৌহাদ্য, আৰু অন্তৰ্ভুক্তিকৰণে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ মূল্যবোধ নিৰূ...

March 22, 2025 12:16 PM March 22, 2025 12:16 PM

views 11

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত অসম বিধানসভা আৰু বিধায়ক আবাস নির্মাণস্থলী পৰিদৰ্শন

ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি দিয়াৰ পাছতে ডিব্ৰুগড়ক উন্নয়নমূলক আঁচনি ৰূপায়ণৰ তৎপৰতা বৃদ্ধি পাইছে। ডিব্ৰুগড়ৰ খনিকৰত ৰাজ্যৰ দ্বিতীয় বিধানসভা গৃহ ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম বিধানসভা আৰু বিধায়ক আবাস নির্মাণস্থলী পৰিদৰ্শন...

March 22, 2025 12:14 PM March 22, 2025 12:14 PM

views 14

বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ অশোভনীয় আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্রতিক্রিয়া

মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালি অসম বিধানসভাত লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে অশোভনীয় আচৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰিয়নি থানা চাৰিআলি, হেমলাই, চেলেংহ...

March 22, 2025 12:12 PM March 22, 2025 12:12 PM

views 16

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ তৎপৰতা

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰ বিশেষ তৎপৰ হৈ পৰিছে। অসম বিধানসভাত কালি দি আছাম ক’চিং ইনষ্টিটিউট কন্ট্র’ল এণ্ড ৰেগুলেচন বিল, ২০২৫ উত্থাপন কৰা হয়। বিধেয়কখনৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে কল্যাণমূলক নিয়ন্ত্ৰণ ব্যৱস্থাও গঢ়ি তোলা হ’ব। এই বিধেয়ক অনুসৰ...

March 22, 2025 12:08 PM March 22, 2025 12:08 PM

views 13

অসম বিধানসভাত কালি মুঠ ১৫ খন বিধেয়ক উত্থাপন

 অসম বিধানসভাত কালি মুঠ চাৰিখন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে - শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ...

March 22, 2025 12:05 PM March 22, 2025 12:05 PM

views 6

অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান পূৰ্ণ গতিত চলি আছে। গোৱালপাৰা জিলাৰ ১৯টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে নিজ নিজ সমষ্টিত ভোটদাতাসকলক আকৰ্ষিত কৰিব বাবে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। দক্ষিণ দূধনৈৰ বিজেপি সমর্থিত ৰাভা-হাছং যৌথ সংগ্রম সম...

March 22, 2025 11:57 AM March 22, 2025 11:57 AM

views 15

মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত জনগোষ্ঠীটোৰ ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ, মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন, শুকানগুৰিত বদৌচা কলাক্ষেত্র নির্মাণ, সুকীয়া ভূমি নীতি, ডিব্ৰুগড়ত মৰাণ জ...