December 29, 2025 12:18 PM

views 27

ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিৰ ব্ৰঞ্জৰ পদক

দোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ শাখাত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰতিযোগিতাত মেগনাছ কাৰ্লছেন আৰু আলেকজেন্দ্ৰা গ'ৰয়াছকিনাই খিতাপ জয় কৰে। কনেৰু হাম্পিয়ে ২০১৯ আৰু ২০২৪ চনৰ এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল।

December 29, 2025 12:00 PM

views 24

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ সামান্য ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছ...

December 29, 2025 11:57 AM

views 22

মহিলা টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতে, শ্রীলংকাক ৩০ ৰানত পৰাস্ত

● ত্ৰিৰৱনন্তপুৰমত অনুষ্ঠিত মহিলা টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত যোৱানিশা ভাৰতে, শ্রীলংকাক ৩০ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই শ্রীলংকাক ২২২ ৰানত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ স্মৃতি মান্ধানাই ৮০ আৰু শেফালি বাৰ্মাই ৭৯ ৰা...

December 29, 2025 11:54 AM

views 21

বিশ্বনাথৰ বাঘমাৰীত জিলা প্রশাসনৰ দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ

বিশ্বনাথ জিলাৰ বাঘমাৰীত কালি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্রশাসনে কালি ন্যায়ালয়ৰ...

December 29, 2025 11:52 AM

views 20

গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন, পূৰ্ণাংগ নাট প্ৰতিযোগিতা

ধেমাজী জিলাৰ গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কালি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মুকলি সভাত ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি নাট্যপ্রেমী ৰাইজৰ সৈতে...

December 29, 2025 11:49 AM

views 27

ড০ নগেন শ‍ইকীয়ালৈ প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতৰ বৰেণ্য অসমীয়া বঁটা

■ বিশিষ্ট সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াক অসমৰ সংবাদ গোষ্ঠী প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতে বৰেণ্য অসমীয়া বঁটা প্ৰদান কৰিব। সাহিত্যিকগৰাকীৰ ডিব্ৰুগড় জিলাৰ ফুকন নগৰত অৱস্থিত বাসগৃহ আশ্ৰয়ত কাইলৈ এই বঁটা প্ৰদান কৰা হ'ব। বঁটা প্ৰদান অনুষ্ঠানত ডিব্ৰুগড...

December 29, 2025 11:44 AM

views 21

নগাঁও জিলাৰ কলিয়াবৰত ২ জানুৱাৰীৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ত্রিংশতিতম দ্বিবার্ষিক অধিৱেশন

নগাঁও জিলাৰ কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেল-পথাৰত অহা ২ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী তথা ত্রিংশতিতম দ্বিবার্ষিক অধিৱেশনৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শ‍ইকীয়াই প্ৰকাশ কৰা মতে এই সমাৰোহত আলোচনা...

December 29, 2025 11:41 AM

views 22

ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ ভাৰত সমৰ্থ হৈছে

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ সমৰ্থ হৈছে। আকাশবাণীযোগে প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোত আলোকপাত কৰি কয়,...

December 29, 2025 11:37 AM

views 31

অসম গ্রন্থ মেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক আলোচনা অনুষ্ঠিত হ’ব

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি ষষ্ঠদিন। গ্রন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক এখন আলোচনা সত্র অনুষ্ঠিত হ'ব। আলোচনা সত্ৰখন উদ্বোধন কৰিব ব...

December 29, 2025 11:32 AM

views 23

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত আইন-শৃংখলা পৰিস্থিতি কিছু উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত কালিৰেপৰা ম'বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাৰ্বত্য জিলা দুখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ক্ষতিগ্রস্ত অঞ্চলসমূহত অতিৰিক্ত সুৰক্ষা বাহি...