December 30, 2025 8:03 PM

views 14

বৰ্তমানৰ আৱশ্যকতাৰ কথা বিবেচনা কৰিয়েই বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়কখন সংসদত গৃহীত কৰা হৈছেঃ কেন্দ্রীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে বৰ্তমানৰ আৱশ্যকতাৰ কথা বিবেচনা কৰিয়েই বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান জী ৰাম জী বিধেয়কখন সংসদত গৃহীত কৰা হৈছে। এই বিধেয়কখনে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ দোষ-ত্রুটিসমূহ নাইকিয়া কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভূপালৰ এ...

December 30, 2025 7:31 PM

views 17

৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাত ডি বি আই কামৰূপ ফাইনেলত প্ৰৱেশ

মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল উপ-সমিতিৰ তত্বাৱধানত চলি থকা ৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি ছেমি ফাইনেলত ডি বি আই কামৰূপে নর্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি ফাইনেললৈ প্ৰৱেশ কৰিছে। ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত এই প্রতিযোগিতা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার...

December 30, 2025 7:26 PM

views 34

অৰণ্য মানব যাদব পায়েঙৰ মোলাই কাঠনি দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘটনাৰ অৰণ্য সুৰক্ষা সমিতি, অসমৰ তীব্র গৰিহণা

অৰণ্য সুৰক্ষা সমিতি, অসমে অৰণ্য মানব ৰূপে খ্যাত যাদব পায়েঙৰ মোলাই কাঠনি দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘটনাৰ তীব্র গৰিহণা দিছে। এই সন্দৰ্ভত সমিতিয়ে চৰজমিন তদন্তৰ দাবী উত্থাপন কৰিছে। এটা প্ৰেছ বিজ্ঞপ্তিত সমিতিৰ সচিব প্রধান ড০ হৰিচৰণ দাসে কয় যে অগ্নিকাণ্ড কোনে কিয় সংঘটিত কৰিলে তাক জানিবৰ বাবে তদন্তৰ প্ৰয়ো...

December 30, 2025 7:20 PM

views 31

শীতৰ প্ৰকোপৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগৰ নিৰ্দেশ জাৰি

শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ কাইলৈৰ পৰা অহা ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়খনৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নির্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত ...

December 30, 2025 7:07 PM

views 52

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত আজি মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কেন্দ্ৰটো মুকলি কৰে। উল্লেখযোগ্য যে ২০২৫-২৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰত শালি ধানৰ বাবে চৰকাৰে ন্যূনতম সমর্থন মূল্য প্রতি কুইণ্টলত ২৩৬৯ টকাৰ উপৰি অতিৰিক্ত সাহায্য ২৫০...

December 30, 2025 6:58 PM

views 20

প্রথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াক বৰেণ্য অসমীয়া বঁটাৰে সন্মানিত

প্রথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াক আজি বৰেণ্য অসমীয়া বঁটাৰে সন্মানিত কৰা হয়। অসমৰ এটা বৈদ্যুতিন আৰু ছপা সংবাদ গোষ্ঠীয়ে সাহিত্যিকগৰাকীৰ বাসগৃহত এই সন্মান আগবঢ়ায়। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডে...

December 30, 2025 6:55 PM

views 19

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। প্ৰায় ৫৩ কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্রশাসনিক ভৱন, আধুনিক প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটা শৈক্ষিক ভৱন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়...

December 30, 2025 6:51 PM

views 12

ৰাজ্যত গোপনে কাম কৰি যোৱা বহিঃৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিঘাতৰ জৰিয়তে উৎখাত কৰা বুলি মহানগৰ আৰক্ষী আয়ুক্তৰ প্ৰকাশ

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যত গোপনে কাম কৰি যোৱা বহিঃৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিঘাতৰ জৰিয়তে উৎখাত কৰা বুলি প্ৰকাশ কৰিছে। কালি মুকলি কৰা মহানগৰ আয়ুক্তৰ নতুন কাৰ্যালয়ত সম্বোধন কৰা প্ৰথমখন সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, যে দেশৰ আন ...

December 30, 2025 6:43 PM

views 37

ৰাজ্যত ভোটাৰৰ সংখ্যা পূৰ্বতকৈ ১.৩৫ শতাংশ বৃদ্ধি পাইছে বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া আলোক কুমাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যত ৬০ হাজাৰৰো অধিক বি এল অ'ৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্রস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এইবাৰ ৰাজ্যত ভোটদাতাৰ সংখ্যা ২ কোটি ৫২ লাখ এহেজাৰ ৬২৪। সেই অনুসৰি ভোটাৰৰ সংখ্যা পূৰ্বতক...

December 30, 2025 10:47 AM

views 21

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। কালি গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্রাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সাল-সলনি ঘটা নাই যদিও সর্বোচ্চ ...