January 2, 2026 12:35 PM

views 17

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিনৰ আলাপ শীর্ষক এটা অনুষ্ঠানত সাংবাদিকৰ আগত এই কথা প্রকাশ কৰি কয়, যে ২০২৫ বৰ্ষত জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুওৱাটো জাতিৰ বাবে দুর্ভাগ্যৰ বিষয়। জুবিন গাৰ্গৰ মৃত...

January 2, 2026 12:33 PM

views 22

বিগত ৯ দিনত অসম গ্রন্থমেলাত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্রী

 ইংৰাজী নৱবৰ্ষৰ কালি পহিলা দিনটোত অসম প্রকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পৃথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গ্রন্থ মেলাত গ্ৰন্থপ্ৰেমীৰ বিপুল সমাগম দেখা যায়। বিগত ৯ দিনত অসম গ্রন্থমেলাত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্রী হোৱা বুলি ...

January 2, 2026 12:30 PM

views 18

এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজৰ বহু প্রত্যাশিত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন কৰিব। ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে পৰৱৰ্তী ১৫-২০ দিনৰ ভিতৰত ১৮ বা ১৯ জানুৱাৰীত এই ৰে'লসেৱা মুকলি কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রীক ইত...

January 2, 2026 12:29 PM

views 17

ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ

হোজাই জিলা প্রশাসনে আজি ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাইছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত এহেজাৰ ২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি ...

January 2, 2026 12:27 PM

views 14

বিশিষ্ট সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ’ শীর্ষক সংবাদমেলত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

 মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত পাঁচ বছৰত অসম এখন আন্দোলন আৰু সন্ত্ৰাসজৰ্জৰ ৰাজ্যৰ পৰা দেশৰ দ্রুত বিকশিত ৰাজ্যত পৰিণত হোৱা বুলি মন্তব্য কৰিছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে 'নতুন দিনৰ আলাপ' শীর্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই...

January 2, 2026 11:58 AM

views 22

দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্ৰকাশ

ভাৰত শীঘ্রেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতিভৱনত আয়োজিত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰস্তুতিৰ বাবে দক্ষতাৰ বিকাশ- SOAR শীর্ষক এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্...

January 2, 2026 11:55 AM

views 9

১ ফেব্ৰুৱাৰীৰ পৰা নতুন ফাষ্ট টেগ জাৰী কৰাৰ বাবে KYV কাৰ্ডৰ প্ৰচলন বন্ধ কৰা হ’ব বুলি ঘোষণা

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্রাধীকৰণে পহিলা ফেব্ৰুৱাৰীৰ পৰা নতুন ফাষ্ট টেগ জাৰী কৰাৰ বাবে আপোনাৰ বাহনখনক জানক KYV কাৰ্ডৰ প্ৰচলন বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে, ঘাইপথেৰে অহা-যোৱা কৰা লোকৰ সুবিধা আৰু ফাষ্ট টেগ সক্ৰিয়কৰণৰ পৰৱৰ্তী পৰ্যায়ৰ সমস্যা দূৰ কৰাৰ বাবে ...

January 2, 2026 11:52 AM

views 9

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগৰ প্রকাশ

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগে প্রকাশ কৰিছে। ই মুঠ ঘৰুৱা উৎপাদন জি ডি পিৰ প্ৰায় ২১ শতাংশ ৰপ্তানিৰ জৰিয়তে দেশে বৃহৎ পৰিমাণৰ বিদেশী মুদ্রা আহৰণ কৰিব পাৰে। সেই খণ্ডত প্রত্যক্ষ আৰু প্ৰৰোক্ষভাৱে ৪ কোটি ৫০ লাখতকৈ অধিক লোক জড়িত হৈ আছে। ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্য...

January 2, 2026 11:47 AM

views 10

ঘৰুৱা ৰন্ধন গেছৰ মূল্য সলনি হোৱা নাই বুলি স্পষ্টীকৰণ পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ

পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে ঘৰুৱা ৰন্ধন গেছৰ মূল্য সলনি হোৱা নাই বুলি স্পষ্ট কৰি দিছে। বাণিজ্যিক ৰন্ধন গেছৰ মূল্য ১১১ টকা বৃদ্ধি কৰা হৈছে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে মন্ত্র্যালয়ে এইদৰে স্পষ্টীকৰণ দিছে। মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বজা...

January 2, 2026 11:45 AM

views 7

বেংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ সফলতাৰে চাইকেল যাত্রা সমাপ্ত কৰাৰ বাবে এছ. সুৰেশ কুমাৰক প্রশংসা প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ সফলতাৰে চাইকেল যাত্রা সমাপ্ত কৰাৰ বাবে এছ. সুৰেশ কুমাৰক ভূয়সী প্রশংসা কৰিছে। এটা শুভেচ্ছা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে এই সফলতা কেৱল প্রশংসনীয়া আৰু প্ৰেৰণাদায়কেই নহয়, ই তেওঁৰ মনোবল আৰু অদম্য সাহসৰো পৰিচায়ক। শ্রীমোদীয়ে লগতে জোৰ দি কয়, যে এন...