January 2, 2026 8:48 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ দিনা সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলোৱা হৈছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী ...

January 2, 2026 8:46 PM

views 17

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ২৫০ টা পৰিয়ালৰ ভিতৰত এহেজাৰ ৯৮টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ ...

January 2, 2026 8:44 PM

views 14

ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত সত্ৰৰ ৬২০ গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ শুভাৰম্ভ

ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত সত্ৰৰ ৬২০ গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলি এহেজাৰ ৫০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে ৰাজ্যৰ সত্ৰৰ ভকতস...

January 2, 2026 8:38 PM

views 9

শোণিতপুৰ-ছিপাঝাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলা সৱলীকৰণৰ উল্লেখনীয় পদক্ষেপ হিচাপে আজি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ ৩০ হাজাৰ ৬৫৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৫২ কোটি টকা ব্যয়সাপেক্ষ ...

January 2, 2026 8:35 PM

views 17

জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহত শিল্পীগৰাকীৰ নামত ন্যাস গঠনৰ সিদ্ধান্ত

জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহতে প্রয়াত শিল্পীগৰাকীৰ নামত এটা ন্যাস গঠন কৰা হ'ব বুলি এখন সংবাদমেল যোগে পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে প্ৰকাশ কৰিছে। গৰিমা শ‍ইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সম্বোধন কৰা সংবাদমেলখনত তেওঁলোকে কয় যে জুবিন গার্গ ন্যাসে সামাজিক আৰু সাংস্কৃতিক দিশত কাম কৰি যাব...

January 2, 2026 12:51 PM

views 11

অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূণ্যতিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীবন উদাত্ত কণ্ঠেৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূণ্যতিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেবী ৰায়চৌধুৰীক তেজোদীপ্ত ধ্যান ধাৰণা আৰু চেতনাৰ সঞ্চাৰক...

January 2, 2026 12:48 PM

views 8

কাছাৰৰ কাটিগড়াত আজি পুনৰ ৯ জন ৰোহিংগিয়াক আটক

কাছাৰৰ কাটিগড়াত আৰক্ষীয়ে আজি পুনৰ ৯ জন ৰোহিংগিয়াক আটক কৰে। পশ্চিম কাটিগড়াৰ কালাইনচ'ৰাত আৰক্ষীৰ তালাচীৰ সময়ত দুটি শিশুসহ ৯ জন অনুপ্ৰৱেশকাৰীক আটক কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে অসম-মেঘালয় সীমান্তৰ মালিদহৰ হৈ বাংলাদেশলৈ যাবলৈ অহা লোককেইজনক একাংশ লোকে ধৰি আৰক্ষীৰ হাতত চমজাই দিয়ে। ধাৰাবাহিক জেৰাৰ অন্তত ...

January 2, 2026 12:46 PM

views 11

সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ আজি শুভাৰম্ভ

সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলী এহেজাৰ ৫০০ টকাকৈ আর্থিক অনুদান প্রদান কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভবনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে ৰাজ্যৰ সত্ৰৰ ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সাম...

January 2, 2026 12:43 PM

views 6

শোণিতপুৰত ৩০, ৬৫৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলা সৱলীকৰণৰ উল্লেখনীয় পদক্ষেপ হিচাপে আজি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ ৩০ হাজাৰ ৬৫৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰিব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৫২ কোটি টকা ব্যয়সাপেক্ষ জিল...

January 2, 2026 12:37 PM

views 5

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ গ্রন্থবর্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত গ্রন্থবর্ষ, গ্ৰন্থৰ চাহিদা আৰু ভবিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্রকাশক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° সূর্যকান্ত হাজৰিকা আৰু লেখক, অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্রযো...