January 3, 2026 6:12 PM

views 17

দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্র পিপৰহৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্র পিপৰহৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰে। পিপৰহৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্রচলিত হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰদৰ্শনীৰ বিভিন্ন শাখা পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীৰ...

January 3, 2026 1:55 PM

views 12

হোজাইৰ যমুনা-মৌদংগাত প্ৰায় ৬০০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ দ্বিতীয় দিনাও অব্যাহত

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ২৫০ টা পৰিয়ালৰ ভিতৰত এহেজাৰ ৯৮টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অ...

January 3, 2026 1:53 PM

views 6

মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ প্রত্যাখ্যান

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে। উল্লেখযোগ্য যে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদনৰ পাছতে জনজাতি সংগঠনসমূহে প্রতিবেদনখন পুংখানুপুংখভাবে অধ্যয়ন কৰি সিদ্ধান্ত ল'বলৈ এমাহ সময় বিচাৰিছিল। সমন্বয়ৰক্ষী স...

January 3, 2026 1:50 PM

views 9

ৰাজ্যৰ ৯১খন নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ

অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে। অতিৰিক্ত বিত্তীয় বোজা নোহোৱাকৈ প্রয়োজনীয় ব্যৱস্থাৰ যুক্তিসংগত ব্যৱহাৰেৰে প্ৰাথমিক শিক্ষাক উন্নতমানৰ কৰাৰ লক্ষ্যৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দর্ভত এটা নির্দেশ জ...

January 3, 2026 1:12 PM

views 22

ৰাজস্থানত ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ, তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজস্থান আৰক্ষীয়ে কালি শ্ৰীগংগানগৰত চোৰাংভাৱে সৰবৰাহ হৈ থকা ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। শ্ৰীগংগানগৰৰ আৰক্ষী অধীক্ষক অমৃতা দুহানে কালি এই আৰক্ষী অভিযানৰ সবিশেষ প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, পাকিস্তানৰ পৰা ড্র'ন যোগে এই মাদক দ্রব্য সৰবৰাহ ...

January 3, 2026 1:08 PM

views 16

ভাৰত-দক্ষিণ আফ্ৰিকাৰ ১৯ বছৰ অনুৰ্ধ দলৰ আজি প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল

দক্ষিণ আফ্ৰিকাৰ বেননীৰ উইল’মোৰ পাৰ্কত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ১৯ বছৰ অনুৰ্ধ দলৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ'ব। তিনিখনীয়া শৃংখলাৰ আজি প্ৰথমখন খেল ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত আৰম্ভ হ'ব। অহা ১৫ জানুৱাৰীৰ পৰা হ'বলগীয়া আই চি চি ১৯ বছৰ অনূর্ধ বিশ্বকাপৰ পূৰ্বে এই শৃংখল...

January 3, 2026 1:05 PM

views 18

ঘন কুঁৱলীৰ পৰিস্থিতিৰ বাবে দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু চণ্ডীগড়ত ৰেড এলার্ট জাৰি

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু চণ্ডীগড়ত ঘনৰ পৰা অতি ঘন কুঁৱলীৰ পৰিস্থিতিৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। সংস্থাটোৱে জনোৱা অনুসৰি হিমাচল প্ৰদেশৰ বিচ্ছিন্ন স্থানত শীত প্ৰৱাহ আৰু উত্তৰাখণ্ডত হিমবাহ হোৱাৰ সম্ভাৱনা আছে।

January 3, 2026 1:03 PM

views 33

দক্ষিণ আৰু মধ্য মেক্সিকোত প্রবল ভূমিকম্পৰ জোকাৰণি

দক্ষিণ আৰু মধ্য মেক্সিকোত কালি এটা প্রবল ভূমিকম্প সংঘটিত হয়। মেক্সিকোৰ ৰাষ্ট্ৰীয় ভূকম্পবিজ্ঞান সংস্থাই জনোৱা মতে, এই ভূমিকম্পৰ প্ৰাৰম্ভিক প্রাবল্য আছিল ৬.৫ আৰু ইয়াৰ কেন্দ্রবিন্দু আছিল দক্ষিণৰ গুয়েৰেৰো ৰাজ্যৰ ছান মাৰ্কছ চহৰৰ সমীপৰ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় আকাপুলকোৰ ওচৰত। ৰাজ্যখনৰ অসামৰিক প্ৰত...

January 3, 2026 1:00 PM

views 9

মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ “দিল্লী শব্দোৎসৱ ২০২৬”ৰ শুভাৰম্ভ

দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত অৱস্থিত মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ "দিল্লী শব্দোৎসৱ ২০২৬"ৰ কালি শুভাৰম্ভ হয় । দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ হ'বলগীয়া এই মহোৎসৱৰ উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোত্রা, দিল্লীৰ কলা ত...

January 3, 2026 12:51 PM

views 12

ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ অভিযানত মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক

আছাম ৰাইফলছে ভাৰত-ম্যানমাৰ সীমান্তত অভিযান চলাই কালি বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক কৰে। মাদক দ্রব্যখিনিৰ বজাৰ মূল্য ৩৩ কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত লাভ কৰা গোপন সূত্ৰৰ...