January 4, 2026 8:16 PM

views 27

উত্তৰ কোৰিয়াই নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰৰ সন্দৰ্ভত অঞ্চলটোৰ মিত্ৰদেশসমূহৰ সুৰক্ষাৰ বিষয়ত নিজৰ প্ৰতিশ্রুতিবদ্ধতাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে দোহাৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে উত্তৰ কোৰিয়াই পূব সাগৰলৈ লক্ষ্য কৰি আজি নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰৰ সন্দৰ্ভত অঞ্চলটোৰ মিত্ৰদেশসমূহৰ সুৰক্ষাৰ বিষয়ত দেশখনে নিজৰ প্ৰতিশ্রুতিবদ্ধতাক দোহাৰিছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মিয়ুঙে অহা সপ্তাহত চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে চীন ভ্ৰমণ কৰাৰ সময়ত দেশখনৰ ৰা...

January 4, 2026 8:09 PM

views 18

য়েমেনৰ জনসাধাৰণক সংযম বৰ্তাই ৰাখিবলৈ আৰু দেশখনৰ নিৰাপত্তা আৰু স্থিৰতা ৰক্ষাক অগ্রাধিকাৰ দিবলৈ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আহ্বান

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই য়েমনৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত দেশখনে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি প্রকাশ কৰিছে। ৰাষ্ট্ৰখনত অব্যাহত থকা সংঘাতপূর্ণ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি য়েমেনৰ জনসাধাৰণক সংযম বৰ্তাই ৰাখিবলৈ আৰু দেশখনৰ নিৰাপত্তা আৰু স্থিৰতা ৰক্ষাক অগ্রাধিকাৰ দিবলৈ আহ্বান জনাইছে। সংযুক্ত আৰব আমি...

January 4, 2026 8:03 PM

views 22

২০৩৬ চনত অলিম্পিক গেমছ অনুষ্ঠিত কৰিবলৈ ভাৰতে শক্তিশালী দাবী আগবঢ়াবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

২০৩৬ চনত অলিম্পিক গেমছ অনুষ্ঠিত কৰিবলৈ ভাৰতে শক্তিশালী দাবী আগবঢ়াব। বাৰানসীত অনুষ্ঠিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্রতিযোগিতা উদ্বোধন কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দিয়া ভাষণত শ্রীমোদীয়ে কয় যে ২০১৪ চনৰ পাছত ক্রীড়াৰ বিভিন্ন ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদ...

January 4, 2026 7:59 PM

views 18

চৰকাৰে তিনি বছৰ সম্পূর্ণ নোহোৱাকৈৱে ষ্টার্ট আপসমূহে গৱেষণা, বিকাশ আৰু উদ্ভাৱন পুঁজিৰ সুবিধা লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্রী ড০ জিতেন্দ্র সিঙ

চৰকাৰে তিনি বছৰ সম্পূর্ণ নোহোৱাকৈৱে ষ্টার্ট আপসমূহে গবেষণা, বিকাশ আৰু উদ্ভাৱন পুঁজিৰ সুবিধা লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত বৈজ্ঞানিক আৰু ঔদ্যোগিক গবেষণা বিভাগ ডি এছ আই আৰৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে এই কথা ঘোষণা কৰি কয় যে যিকোনো নতুন ...

January 4, 2026 7:55 PM

views 11

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজিৰে পৰা ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চৰকাৰী কাৰ্যসূচীৰে আজিৰে পৰা ১০ জানুৱাৰীলৈ ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ কৰিব। ড০ জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ বিদেশ মন্ত্রী জ্যা ন'ৱেল বাৰ্টৰ সৈতে মতবিনিময় কৰিব। দুয়োগৰাকী নেতাই ভাৰত-ফ্রান্স কৌশলগত অংশীদাৰিত্বৰ অধীনত লাভ কৰা ...

January 4, 2026 7:52 PM

views 71

২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰে বিকশাই তোলা ২৫ বিধ শস্যৰ ১৮৪ টা নতুন জাত মুকলি কৰি শ্রীচৌহানে কয় যে ধানৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে চীনক পাছ পেলাইছে। তেওঁ লগতে কয় যে ভাৰত বিশ্বৰ...

January 4, 2026 8:44 AM

views 14

ন্যূনতম সমর্থন মূল্যত শালিধান ক্ৰয়ৰ বাবে যোৰহাটত ধান ক্রয় কেন্দ্ৰ মুকলি

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে ন্যূনতম সমর্থন মূল্যত শালিধান ক্ৰয়ৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে যোৰহাটত কালি ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হৈছে। জিলাখনৰ ন-কচাৰী, ঢেকৰগঢ়া আৰু মাধপুৰ হাঁহচৰাত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত এই কেন্দ্ৰ মুকলি কৰা হৈছে।...

January 4, 2026 8:41 AM

views 11

হোজাইৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমি দখল মুক্ত কৰাৰ বাবে প্রশাসনে চলোৱা উচ্ছেদ অভিযান শান্তিপূর্ণভাবে সম্পন্ন

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমি দখল মুক্ত কৰাৰ বাবে প্রশাসনে চলোৱা উচ্ছেদ অভিযান শান্তিপূর্ণভাবে সম্পন্ন হয়। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাবে বাস কৰি থকা ১২৫০ টা পৰিয়ালৰ ভিতৰত ১০৯৮টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লোৱা হৈছিল। এই অভিযানত ১০১৬ টা...

January 4, 2026 8:38 AM

views 17

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত অহা ৭ জানুৱাৰীত ধেমাজিত হ'বলগীয়া প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সেইদিনা সমষ্ট...

January 4, 2026 8:31 AM

views 14

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৬০ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে যদিও এতিয়াও ১২ লাখ ভূমি দখলমুক্ত কৰিবলগা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৬০ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে, যদিও এতিয়াও ১২ লাখ ভূমি দখলমুক্ত কৰিবলগা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুধনৈত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰা...