January 5, 2026 12:58 PM

views 13

ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম চাহ কৰ্মচাৰী সংঘৰ ডিব্ৰুগড় শাখাৰ ৬৩সংখ্যক ত্রিবার্ষিক অধিৱেশন

অসম চাহ কৰ্মচাৰী সংঘৰ ডিব্ৰুগড় শাখাৰ ৬৩ সংখ্যক ত্রিবার্ষিক অধিৱেশন ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত হয়। ডিব্ৰুগড় শাখাৰ সভাপতি নৱকুমাৰ বৰুৱাই সংঘৰ পতাকা উত্তোলন কৰাৰ লগতে ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন চন্দ্র কেওটে স্মৃতি তর্পণ কৰে। সভাত পৰৱৰ্তী কার্যকালৰ বাবে নৱকুমাৰ বৰুৱা সভাপতি...

January 5, 2026 12:57 PM

views 10

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান, IIMCত PHD পাঠ্যক্ৰম আৰম্ভ

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান, IIMC-য়ে ইয়াৰ ৬০ বছৰীয়া যাত্ৰাত নতুন শৈক্ষিক মাইলৰ খুঁটি হিচাপে PHD পাঠ্যক্ৰম আৰম্ভ কৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে সংবাদমাধ্যম আৰু গণসংযোগ অধ্যয়নত PHD-ৰ বাবে নামভৰ্তি কৰা হ'ব। সাংবাদিকতা, ডিজিটেল মিডিয়া আৰু কৌশলগত যোগাযোগৰ গৱেষণাৰ বাবে IIMC-য়ে এই ডক্টৰেট ডিগ্ৰী প্ৰদানৰ ...

January 5, 2026 12:56 PM

views 19

চৰাইদেউ জিলাৰ দিচাংপানীত অনুষ্ঠিত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ সামৰণি

চৰাইদেউ জিলাৰ দিচাংপানীত যোৱা ২ জানুৱাৰীৰ অনুষ্ঠিত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ কালি সামৰণি পৰে। অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত বোম্বে ভিকিংছৰ জনপ্ৰিয় কণ্ঠশিল্পী নীজ শ্ৰীধৰ আৰু গৰিসা নাথে গীত পৰিৱেশন কৰে। কালিৰ এই অনুষ্ঠানতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে সোণাৰু কাঞ্চন কৃষ্ণচূড়া বঁ...

January 5, 2026 12:55 PM

views 30

অসম গ্ৰন্থমেলাত আজি দিনৰ ২.৩০ বজাত ‘অসমীয়া নাট্য আন্দোলনঃ পৰম্পৰা আৰু বিৱৰ্তন’ শীর্ষক আলোচনা সত্ৰ

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থ মেলাত আজি দিনৰ আঢ়ৈ বজাত ‘অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন’ শীর্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক দুলা...

January 5, 2026 12:54 PM

views 22

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত আজি পুৱা ৪ বাজি ১৭ মিনিটত ৫.১ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক আজি পুৱা ৪ বাজি ১৭ মিনিটত ৫ দশমিক ১ প্রাবল্যৰ মজলীয়া ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ ধিং অঞ্চলত ভূ-পৃষ্ঠৰ পৰা ৫০ কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, ভূটান, নেপালতো অনুভূত হয়।

January 5, 2026 12:52 PM

views 12

ডিব্ৰুগড় জিলাত অনুষ্ঠিত মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বিবার্ষিক ৰাজ্যিক অধিৱেশনত সাংসদ সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ টিপমীয়া ধোৱাপথাৰ বৰনামঘৰ প্ৰাংগণত ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বিবার্ষিক ৰাজ্যিক অধিবেশনত কালি মুকলি সভাত কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱালে মৃদংগ বায়নৰ জৰিয়তে অসমৰ সংস্কৃত...

January 5, 2026 12:50 PM

views 11

অহা ৩১ জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰে APAAR পৰিচয়-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নির্দেশ

ৰাজ্য চৰকাৰে অহা ৩১ জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰে APAAR পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নির্দেশ দিছে। সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা অনুসৰি বিগত বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ৭৯ শতাংশ ছাত্ৰ-ছাত্ৰীৰ APAAR পৰিচ...

January 5, 2026 12:49 PM

views 36

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি-কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে আজিৰেপৰা ৰাজ্যজুৰি দেৱাল লিখন কাৰ্যসূচীৰ আয়োজন কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ স...

January 4, 2026 9:23 PM

views 14

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় ডিব্ৰুগড়ত দুৰ্ঘটনাত পতিত হয়

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় আজি ডিব্ৰুগড়ত এটা দুৰ্ঘটনাত পতিত হয়। শ্ৰী সোণোৱাল ওপজা গাঁও বিন্ধাকটালৈ গৈ থকা অৱস্থাত চাবুৱাৰ হাতীআলি বাইপাছত দুৰ্ঘটনাটো সংঘটিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী গৈ থকা অৱস্থাত কনভয়টোৰ এখন গাড...

January 4, 2026 9:21 PM

views 72

কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগৰ গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান

নৱবৰ্ষৰ আৰম্ভণিতে কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগে গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান কৰি আশা ব্যঞ্জক অধ্যায়ৰ আৰম্ভ কৰিছে। কৃষিভিত্তিক উদ্ভাৱন, দীৰ্ঘম্যাদী জীৱিকা সৃষ্টিৰ লগতে পৰিৱেশ অনুকূল উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীপুৰ ব্লকক এই স্বীকৃতি প্ৰদান কৰা হৈছে। এই ...