December 6, 2025 11:52 AM December 6, 2025 11:52 AM

views 12

অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন

গুৱাহাটীস্থিত অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি ন্যাসে নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন কৰা হ'ব। ইয়াৰ লগতে ন্যাসে অসম ভিত্তিক আয়োজন কৰা পাণ্ডুলিপি প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগিসকলক এই সভাতে পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষা মন্ত্রী তথা ন্যাসৰ সভাপতি ডাঃ ৰণোজ পে...

December 6, 2025 11:51 AM December 6, 2025 11:51 AM

views 12

সমগ্র দেশতে ড° বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মৃত্যু বার্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ

ভাৰতৰ সংবিধান প্রণেতা, সমাজ সংস্কাৰক, আইনজ্ঞ তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড° বি আৰ আম্বেদকাৰৰ আজি ৭০ সংখ্যক মৃত্যু বার্ষিকীত সমগ্র দেশে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ড° আম্বেদকাৰৰ মৃত্যু বার্ষিকী উপলক্ষে দেশৰ বিভিন্ন প্রান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা নতুন দিল্লীৰ সংসদভবন চৌহদৰ প্...

December 6, 2025 11:49 AM December 6, 2025 11:49 AM

views 3

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উমৰাংদ্ভুত কালি আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কালি কয়, যে এই নির্বাচনত মহিলা আৰু যুৱ শক্তিক প্রাধান্য দিয়া হ'ব। দলটোক তৰুণৰ শক্তিৰে শক্তিশালী কৰি তোলা...

December 6, 2025 11:46 AM December 6, 2025 11:46 AM

views 11

ৰাজ্যৰ ২৮ গৰাকী সাহিত্যিকলৈ ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু পেঞ্চন ঘোষণা

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰিছে। এইবাৰ মুঠ ১৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে ১০ গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰে। তেওঁ লগতে অসমীয়া সাহিত্য জগতলৈ অৰিহণা যোগোৱা এই সাহিত্যিক আৰু প...

December 6, 2025 11:44 AM December 6, 2025 11:44 AM

views 3

দুদিনীয়া ভ্রমণসূচীৰে মুখ্যমন্ত্রী আজি শিলচৰলৈ ৰাওনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দুদিনীয়া ভ্রমণসূচীৰে আজি শিলচৰলৈ যাব। তেওঁ হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ যাব আৰু তাত দিনৰ ভাগত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব।...

December 6, 2025 11:40 AM December 6, 2025 11:40 AM

views 7

কোহিমাত ভার্চুৱেল ব্যৱস্থাৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন জ্যোতিৰাদিত্য সিন্ধিয়াৰ

ড'নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি কোহিমাত ভার্চুৱেল ব্যৱস্থাৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ২০২ কোটি টকা ব্যয়সাপেক্ষ ৫টা প্রকল্পৰ উদ্বোধন আৰু ৪৪৩ কোটি টকা ব্যয় সাপেক্ষ ১১টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তিনিদিনীয়া ভ্রমণসূচীৰে নাগালেণ্ডলৈ অহা মন...

December 6, 2025 11:34 AM December 6, 2025 11:34 AM

views 7

অমিত শ্বাহৰ সভাপতিত্ব গুজৰাটৰ বানাছ ডেইৰিত সমবায় মন্ত্ৰ্যালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ তৃতীয় বৈঠক

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ বানাছ ডেইৰিত সমবায় মন্ত্ৰ্যালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ তৃতীয় বৈঠকত সভাপতিত্ব কৰিব। তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সানাদাৰত বানাছ দুগ্ধ উদ্যোগৰ জৈৱ চি এন জি আৰু সাৰ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে সানাদাৰত অত্...

December 6, 2025 11:42 AM December 6, 2025 11:42 AM

views 17

ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ কেন্দ্ৰীয় চৰকাৰৰ তদন্ত ঘোষণা

কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ' এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ইয়াৰ বাবে এখন চাৰিজনীয়া সমিতি গঠন কৰা হৈছে। ১৫ দিনৰ ভিতৰত এই বিপৰ্যয়ৰ কাৰণ আৰু গাফিলতি সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক নির্দেশ দিয়া হৈছে। সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী, পাইলটকে ধৰি কৰ্ত...

December 6, 2025 11:31 AM December 6, 2025 11:31 AM

views 9

ভাৰত আৰু ৰাছিয়াৰ মাজত ১৬ খন চুক্তি স্বাক্ষৰ

ভাৰত আৰু ৰাছিয়াই প্ৰতিৰক্ষা, বাণিজ্য, অর্থনীতি, শিক্ষা, স্বাস্থ্যসেৱা, সংস্কৃতি আৰু সংবাদমাধ্যমৰ সৈতে জড়িত ১৬ খন চুক্তিত কালি স্বাক্ষৰ কৰে। নতুন দিল্লীত ২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সম্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এখন যুটীয়া সংবাদমেলত কয় যে, ভাৰ...

December 5, 2025 8:11 PM December 5, 2025 8:11 PM

views 12

কাইলৈ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ১ বাজি ৩০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত ১-১ৰ সমতা স্থাপন কৰিছে। দুয়োটা দলে কাইলৈ শৃংখলাটো দখলৰ বাবে আপ্রাণ চেষ্টা চলাব।