January 8, 2026 7:41 PM

views 18

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অচিৰেই মুঠ ১১,০১৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অচিৰেই মুঠ ১১ হাজাৰ ১৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। এই অনুসৰি কাইলৈ এ ডি আৰ ইত উত্তীর্ণ হোৱা ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক গুৱাহাটী খানাপাৰাৰ নৱনির্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্...

January 8, 2026 7:39 PM

views 48

বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রস্তুতি

অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়োসকলৰ বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রস্তুতি চলি আছে। আমাৰ নগাঁও জিলাৰ সংবাদদাতাই জনোৱা মতে নগাঁও চহৰৰ আৰক্ষী ছাউনীৰ খেলপথাৰত জিলাখনৰ ৩২৮ গৰাকী নৃত্য শিল্পী আৰু ১৪ গৰাকী বাদ্য শিল্পীক লৈ বাগৰুম্...

January 8, 2026 7:38 PM

views 16

জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে জাগীৰোড সমজিলাৰ অন্তৰ্গত কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি মধ্যাহ্ন ভোজন কৰে। শ্রীআচাৰ্যই ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে আগবঢ়োৱা চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্...

January 8, 2026 7:35 PM

views 10

এন ডি এ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে বুলি গিৰিৰাজ সিঙৰ প্রকাশ

বৰ্তমানৰ এন ডি এ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্রী গিৰিৰাজ সিঙে প্রকাশ কৰিছে। গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অটল বিহাৰী বাজপেয়ীয়ে ড'নাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা কৰিছিল আৰু ...

January 8, 2026 7:24 PM

views 8

প্রাক্তন কেন্দ্রীয় মন্ত্রী কবিন্দ্ৰ পূৰকায়স্থৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন

প্রাক্তন কেন্দ্রীয় মন্ত্রী, প্রয়াত ৰাজনীতিবিদ তথা বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা কবিন্দ্ৰ পূৰকায়স্থৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে শিলচৰৰ শ্মশানঘাটত সম্পন্ন হয়। অসম প্রদেশ বিজেপিৰ পিতামহস্বৰূপ কবিন্দ্ৰ পুৰকায়স্থক শেষ শ্রদ্ধা জনোৱাৰ বাবে অগণন লোকে ভিৰ কৰে। ইয়াৰ পূৰ্বে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল...

January 8, 2026 7:22 PM

views 12

ডিব্ৰুগড়ত ২৩ হাজাৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খোৱাং বিধান সভা সমষ্টিৰ আত্মসহায়ক গোটৰ প্ৰায় ২৩ হাজাৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। ৰাঙচালি পঞ্চায়তৰ ৰাজহুৱা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রী যোগেন মহন, স্থানীয় বিধায়ক চক্ৰধৰ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে...

January 9, 2026 11:29 AM

views 27

লখিমপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লখিমপুৰ জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে ১৩২ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে ৪০ কোটি টকা ব্যয়সাপেক্ষে অসম মালা আঁচনিৰ অধীনত ন- আলিৰ পৰা কলিতাগাঁ...

January 7, 2026 10:23 PM

views 15

মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত বেডমিণ্টন তাৰকা পি ভি সিন্ধু

বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ অপেনিং ৰাউণ্ডত চীনা টাইপেইৰ চাং ছুঅ' য়ুনক ২১-১৩, ২২-২০ পোনপটীয়া চেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্রবেশ কৰে। দ্বিতীয় ৰাউণ্ডত সিন্ধুৱে জাপানৰ টমকা মিয়াজাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পূৰ্বৰ বিশ্ব ...

January 7, 2026 10:19 PM

views 8

ছত্তিশগড়ৰ ছুকমা জিলাত ২৬জন নক্সালবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ ছুকমা জিলাত আজি ২৬জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে। ইয়াৰে ১৩জন নক্সালবাদীৰ শিৰৰ মূল্য ৬৫ লাখ টকা আছিল। ছুকমা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ চাৱনে প্ৰকাশ কৰা মতে পুনা মার্জেম পুনর্বাস পদক্ষেপৰ অধীনত ৭গৰাকী মহিলাকে ধৰি নক্সালবাদীৰ দলটোৱে শীৰ্ষ আৰক্ষী বিষয়া আৰু চি আৰ পি এফৰ বিষয়াৰ সন্মুখত আত্মস...

January 7, 2026 10:08 PM

views 14

সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ’ খণ্ডন চৰকাৰৰ

চৰকাৰে সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ' খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য অনুসন্ধান গোটে এই ভিডিঅ'টোক এ-আইৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ' বুলি উল্লেখ কৰিছে। বিত্ত মন্ত্ৰীগৰাকীয়ে এনে কোনো আঁচনি প্ৰচাৰ কৰা নাই বুলি তথ্য অনুসন্ধান গোটে স্...