January 11, 2026 12:03 PM

views 10

ৰাজ্যত সদ্য নিযুক্তিপ্রাপ্ত প্রার্থীসকলক কোনো কাৰণতে দুর্নীতিৰ আশ্রয় নলবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ আহ্বান

ৰাজ্যত সদ্য নিযুক্তিপ্রাপ্ত প্রার্থীসকলক কোনো কাৰণতে দুর্নীতিৰ আশ্রয় নলবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত কালি অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা-এ.ডি.আৰ.ইত উত্তীর্ণ তৃতীয় বর্গৰ ৬৩৪৭ গৰাকী প্রার্থীৰ মাজত নিযুক্তি পত্র বিতৰণ কৰি মুখ্যমন্ত...

January 11, 2026 11:58 AM

views 12

নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্রহ্মপুত্রক কেন্দ্র কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত চাৰিটা নতুন আলোকস্তম্ভ নির্মাণ কৰা হ’ব বুলি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ

অসমত অভ্যন্তৰীণ জলপথত নৌ চলাচল বৃদ্ধিৰ উদ্দেশ্যে ব্রহ্মপুত্রক কেন্দ্র কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত চাৰিটা নতুন আলোকস্তম্ভ নির্মাণ কৰা হ'ব বুলি কেন্দ্রীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। বিশাখাপটনমত অনুষ্ঠিত ভাৰতীয় আলোকস্তম্ভ মহোৎসৱত অংশগ্রহণ কৰি কা...

January 11, 2026 11:38 AM

views 23

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫০ ৰানত পৰাস্ত কৰে

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত যোৱানিশা নবী মুম্বাইত অনুষ্ঠিত এখন খেলত দুবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫০ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত চাৰি উইকেটৰ বিনিময়ত ১৯৫ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ অধিনায়ক হৰমনপ্রীত ক...

January 11, 2026 11:33 AM

views 18

গুজৰাটৰ বডোডৰাত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি গুজৰাটৰ বডোডৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক শৃংখলাটোৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ঋষভ পণ্টক আঘাটৰ বাবে শৃংখলাৰ পৰা বাদ দিয়া হৈছে। শুভমন গিলে এই শৃংখলাত ভাৰতীয় দলৰ নেতৃত্বৰ...

January 11, 2026 11:29 AM

views 13

প্রধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ প্ৰগতিৰ ৫০ সংখ্যক বৈঠকৰ সফলতা

সক্ৰিয় শাসন আৰু নিৰ্ধাৰিত সময়ত আঁচনি ৰূপায়ণৰ বাবে প্রধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ প্ৰগতিৰ ৫০ সংখ্যক বৈঠকৰ সফলতাৰ উল্লেখযোগ্য মাইলৰ খুঁটি ৰূপে বিবেচিত হৈছে। ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰগতি আৰম্ভ কৰাৰ পিছৰে পৰা এই কাৰ্যসূচীৰ অধীনত প্রধানমন্ত্ৰীৰ দ্বাৰা প্ৰত্যেক্ষ পর্যালোচনাৰ জৰিয়তে আন...

January 11, 2026 11:26 AM

views 11

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কেৰালা ভ্রমণসূচীৰে তিৰুৱনন্তপুৰমত উপস্থিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কেৰালা ভ্রমণসূচীৰে যোৱানিশা তিৰুৱনন্তপুৰমত উপস্থিত হয়। তিৰুৱনন্তপুৰম পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ ভি ভি ৰাজেশ, কেৰেলা বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্ৰশেখৰকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলে গৃহমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। এই ভ্রমণসূচীত গৃহমন্ত্ৰী শ্ৰীশ্বাহ ৰাজ্যখনৰ স্থা...

January 11, 2026 12:40 PM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক সোমনাথ স্বাভিমান পর্বত অংশগ্ৰহণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি গুজৰাটত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক সোমনাথ স্বাভিমান পর্বত ভাগ লয়। ১০২৬ চনৰ জানুৱাৰীত সোমনাথ মন্দিৰৰ ওপৰত সংঘটিত প্ৰথম আক্ৰমণৰ এহেজাৰ বছৰ আৰু দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫১ চনত মন্দিৰটো পুনৰ নিৰ্মাণৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই অনুষ...

January 11, 2026 11:16 AM

views 15

ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতীয় ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা কৰিছে। এই সেৱাৰ জৰিয়তে ২৪ আৰু ৪৮ ঘণ্টাৰ ভিতৰত সুৰক্ষিতভাৱে নিৰ্দিষ্ট স্থানত প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। শ্রীসিন্ধিয়াই কালি মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ পিচৰত এই কথা ঘো...

January 11, 2026 11:14 AM

views 16

দেশে স্বদেশী আৰু স্ব-ভাষাৰ মন্ত্ৰ আঁকোৱালি লৈ আত্মনিৰ্ভৰ হৈ উঠিব পাৰে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

দেশে স্বদেশী আৰু স্ব-ভাষাৰ মন্ত্ৰ আঁকোৱালি লৈ আত্মনিৰ্ভৰ হৈ উঠিব পাৰে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। ৰাজস্থানৰ যোথপুৰত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আৰু ঘৰত নিজৰ মাতৃভাষাতে কথা পাতিবলৈ আহ্বান জনায়। শ্রীশ্বাহে কয়, যে...

January 11, 2026 11:10 AM

views 18

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্রাক বাজেট সমীক্ষা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন প্রাক বাজেট পৰামৰ্শ আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, মণিপুৰৰ ৰাজ্যপাল, গোৱা, হাৰিয়ানা, মেঘালয়, ছিকিম, দিল্লী আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী, অৰুণাচল প্ৰদেশ, মধ্যপ্রদেশ...