September 9, 2025 7:16 PM

views 10

অসম কৃষি বিশ্ববিদ্যালয়ত মহিলা কৃষকৰ বাবে অনুষ্ঠিত শিক্ষামূলক ভ্ৰমণ আৰু কৃষি প্ৰশিক্ষণৰ সামৰণি

মটক স্বায়ত্ত শাসিত পৰিষদৰ কৃষি বিভাগৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ত মহিলা কৃষকৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত শিক্ষামূলক ভ্ৰমণ আৰু কৃষি প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণত মটক জনগোষ্ঠীৰ ৪০গৰাকী মহিলা কৃষকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্রযুক্তি তথ্য কেন্দ্ৰত ...

September 9, 2025 7:05 PM

views 25

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। আজি এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰীয়ে ড° হাজৰিকাৰ গীতক লুইতৰ টোৰ সৈতে তুলনা কৰি তেওঁৰ জীৱন আৰু আদর্শ সন্দৰ্ভত বহু গুৰুত...

September 9, 2025 7:04 PM

views 52

দীনদয়াল দিব্যাংগ পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰীলৈ বৰপেটা জিলা সমিতিৰ স্মাৰক-পত্ৰ প্ৰেৰণ

অসমত দীনদয়াল দিব্যাংগ পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা আৰু দিব্যাংগসকলৰ মাহিলী পেন্সনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আজি বৰপেটা জিলা দিব্যাংগ সন্থাৰ বৰপেটা জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। বৰপেটা জিলা দিব্যাংগ সন্থাৰ সম্পাদক অনন্ত ডেকাই ভাৰতৰ আনবোৰ ঠাইত বর্তমানে চ...

September 9, 2025 8:45 PM

views 17

বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী কার্যালয় মুকলি

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে বিটিআৰৰ জিলা কেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। একেদৰে জিলা প্ৰশাসনসমূহেও নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত ৰাখিছে। চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিটে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাইছে। বিজেপিৰ ৰাজ্যিক ...

September 9, 2025 2:50 PM

views 24

সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰৰ পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল

■ সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰিছে। উল্লেখযোগ্য যে কালি সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে নৱপ্ৰজন্মই বিক্ষোভ প্ৰদৰ্শন কৰিছিল। প্ৰশাসনে এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময...

September 9, 2025 2:38 PM

views 35

হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ লৈছে। এই ভ্ৰমণসূচীৰ আৰম্ভণিতে পাঠানকোটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ ৰাজ্যপাল গুলাব চান্দ ক...

September 9, 2025 3:07 PM

views 37

কেৰালাত আয়োজন কৰা অ’নাম উৎসৱ উদযাপনৰ চৰকাৰী কাৰ্যসূচীৰ আজি সন্ধিয়া সামৰণি

● কেৰালাত আয়োজন কৰা অ’নাম উৎসৱ উদযাপনৰ চৰকাৰী কাৰ্যসূচীৰ আজি সন্ধিয়া সামৰণি পৰিব। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰে আজি এই উদ্দেশ্যে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্রা পতাকা জোকাৰি উদ্বোধন কৰিব। আজি বিয়লি চাৰে চাৰি বজাত আৰম্ভ হ'বলগীয়া এই শোভাযাত্ৰাই উৎসৱৰ সামৰণিৰ পৰ্যায়ৰ সূচনা কৰিব। আক...

September 9, 2025 2:46 PM

views 28

নেপালত ভাৰতীয় নাগৰিকক প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

■ নেপালত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত দেশখনত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিককে প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে চৰকাৰ-প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নির্দেশনা মানি চলিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীয়ে নেপালৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি তীক্ষ্...

September 9, 2025 2:42 PM

views 25

দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত

■ দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নতুন সংসদ ভৱনত জ্যেষ্ঠ বিজেপি নেতা আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ভোটদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অশ্বিনী বৈষ্ণৱ, জিতেন্দ্ৰ সিং, প্ৰহ্লাদ যোশী, ৰাজ্য সভাৰ উপ-সভাপতি হৰি বংশ, প্রাক্তন প্ৰধানমন্ত্ৰী আৰু জে ডি এ...

September 9, 2025 2:59 PM

views 48

অপাৰেচন সিন্দূৰৰ সময়ছোৱাত সকলো ভাৰতীয় কৃত্রিম উপগ্রহই কাৰ্যক্ৰম হৈ আছিল

■ অপাৰেচন সিন্দূৰৰ সময়ছোৱাত সকলো ভাৰতীয় কৃত্রিম উপগ্রহই কাৰ্যক্ৰম হৈ থকাৰ লগতে প্ৰয়োজন অনুসৰি এইবোৰ ব্যৱহাৰ কৰিব পৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ভি. নাৰায়ননে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি নাৰায়ণননে - ইছৰোৱে ভাৰতৰ প্ৰযুক্তিৰ দিশসমূহক কেনে...