September 18, 2025 9:58 PM

views 30

অবৈধ আৰু জাল বাণিজ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

অবৈধ আৰু জাল বাণিজ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্ৰকাশ কৰে। চোৰাং আৰু জাল বাণিজ্যৰ বিৰুদ্ধে আন্দোলনৰ একাদশ সংস্কৰণত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰী মেঘৱালে কয়, যে শেহতীয়া জি এছ টি সংস্কাৰ ব্যৱস্থাই অংশীদাৰসকলক উল্লেখযোগ্য সকাহ দি...

September 18, 2025 9:55 PM

views 15

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ ‘চলো জিতে হে’ আজি দেশৰ প্ৰায় এক লাখ বিদ্যালয় আৰু প্ৰায় ৫০০ টা চলচ্চিত্ৰ গৃহত প্ৰদৰ্শন

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলো জিতে হে চলচ্চিত্ৰখন আজি সমগ্ৰ দেশৰ প্ৰায় এক লাখ বিদ্যালয় আৰু প্ৰায় ৫০০ টা চলচ্চিত্ৰ গৃহত প্ৰদৰ্শন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে চলচ্চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ ল'ৰালিৰ এটা ঘটনাৰ অনুপ্ৰেৰণাৰে চলচ্চিত...

September 18, 2025 9:52 PM

views 36

দেশৰ সাতটা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ খচৰা তালিকাত সন্নিৱিষ্ট

দেশৰ সাতটা প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ খচৰা তালিকাত সন্নিৱিষ্ট হৈছে। ইয়াৰ জৰিয়তে খচৰা তালিকাত স্থান পোৱা ভাৰতৰ ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা ৬২ৰ পৰা ৬৯ লৈ বৃদ্ধি পালে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দেশত বৰ্তমান ৪৯ টা সাংস্কৃতিক, ১৭ টা প্ৰাকৃতিক আৰু তিনিটা স...

September 18, 2025 8:57 PM

views 23

গোলাঘাটত বান পৰিস্থিতিৰ বাবে ছমহীয়া পৰীক্ষা স্থগিত

গোলাঘাট জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে পৰহিলৈৰ পৰা হ'বলগীয়া ছমহীয়া পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰি নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। একেদৰে জিলাখনৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাসমূহো ...

September 18, 2025 8:55 PM

views 25

দক্ষ চালক সৃষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে দক্ষ চালক সৃষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্রীসভাই এই সন্দৰ্ভত অতি সোনকালে এটা প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি পৰিবহণ মন্ত্ৰী যোগেন মহনে সদৰি কৰিছে। হাউলীত আজি ৰাজ্যৰ দ্বিতীয়টো চালক প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্রিয় ...

September 18, 2025 8:45 PM

views 33

সেৱা পৰ্ব’ত আজি মোদী চৰকাৰে কৃষি খণ্ডত কৰা পৰিৱৰ্তনৰ সূচনা আৰু কৃষকসকলৰ সবলীকৰণ সন্দৰ্ভত প্ৰতিবেদন

সেৱা আৰু সু-শাসনৰ মন্ত্ৰৰে পৰিচালিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। সেৱা পৰ্ব প্রতিবেদনলানিত আজি মোদী চৰকাৰে কৃষি খণ্ডত কিদৰে পৰিৱৰ্তনৰ সূচনা কৰিছে আৰু কৃষকসকলক সৱল কৰি তুলিছে সেই বিষয়ত প্রতিবেদন :  কৃষি দেশৰ অৰ্থব্যৱস্থা আৰু সংস্...

September 18, 2025 8:36 PM

views 20

ৰাজ্যৰ ভিন্ন স্থানত নাগৰিক সংগঠনসমূহৰ মুখ্যমন্ত্রী আৰু ৰে’ল কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ; ৰে’ল কী বাত কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যত যাত্ৰীৰ চাহিদা অনুসৰি স্থানীয় ৰে'লগাড়ী অর্থাৎ লোকেল ট্রেইন প্ৰৱৰ্তন কৰা আৰু ৰে’লগাড়ীসমূহ ৰখোৱাৰ সুবিধাজনক স্থান অর্থাৎ ষ্টপেজ দিয়াৰ দাবীত আজি ৰাজ্যখনৰ বিভিন্ন স্থানত নাগৰিক সংগঠনসমূহে মুখ্যমন্ত্রী আৰু ৰে’ল কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰি ৰে'ল কী বাত কাৰ্যসূচী ৰূপায়ণ কৰে। অসম ৰে'ল যাত্...

September 18, 2025 8:32 PM

views 12

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা সপ্তাহৰ অংশ হিচাপে স্বাস্থ্য শিবিৰ

সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ১৮ বছৰ তলৰ ল'ৰা-ছোৱালীৰ বাবে বৃহৎ‍ চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত ৫০টাতকৈ অধিক ৰোগৰ বিনামূলীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আটাইকেইটা বিধানসভা সম...

September 18, 2025 8:20 PM

views 18

যোৰাবাটত অসম-মেঘালয়ৰ টেক্সি চালক সন্থাৰ প্ৰতিবাদ

অসম আৰু মেঘালয়ৰ টেক্সি চালক সন্থাই যোৰাবাটত কৰা প্ৰতিবাদৰ ফলত আজি বহু সময় ধৰি চুবুৰীয়া ৰাজ্য দুখনৰ পৰ্যটকসকল অসুবিধাৰ সন্মুখীন হয়। মেঘালয়ৰ টেক্সি চালক সন্থাই পূৰ্বে অসমৰ পৰা পৰ্যটক লৈ যোৱা বাহনসমূহ ৰাজ্যখনত প্ৰৱেশত বাধা দিয়াৰ উপৰি মেঘালয় ভ্ৰমণ কৰিবলৈ ৰাজ্যখনৰ বাহনহে ব্যৱহাৰ কৰিব লাগিব বুলি দা...

September 18, 2025 8:04 PM

views 14

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ২০ ছেপ্টেম্বৰত বিশেষ দৃষ্টিপাত অনুষ্ঠান

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বি টি চিৰ ভোটগ্রহণ কেন্দ্ৰ থকা বিশ্বন...