September 25, 2025 12:36 PM

views 12

সেৱা সপ্তাহৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্যমেলা

সেৱা সপ্তাহৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্যমেলাৰ প্ৰথমটো শিবিৰ কালি ডুমডুমাৰ ৰূপাইত অনুষ্ঠিত হয়। ৰূপাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত শিবিৰত শ্ৰম, চাহ শ্রমিক আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰে। এই শিবিৰৰ দ্বাৰা জনসাধাৰণ বহু উপকৃত ...

September 25, 2025 12:32 PM

views 14

সেৱা সপ্তাহৰ উপলক্ষে যক্ষ্মা ৰোগ নিৰ্মূলকৰণ অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত নিক্ষয় শিবিৰৰ আয়োজন

সেৱা সপ্তাহৰ অংশ হিচাপে যক্ষ্মা ৰোগ নিৰ্মূলকৰণ অভিযানৰ অংশ হিচাপে কালি ৰাজ্যৰ বিভিন্ন জিলাত নিক্ষয় শিবিৰৰ আয়োজন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত কালি জিলাখনৰ বৈথালাংছ' খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, বৰপক আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ডংকামকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্...

September 25, 2025 12:28 PM

views 26

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্প কাইলৈৰ পৰা দৰ্শকৰ বাবে মুকলি হ’ব

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্প কাইলৈৰ পৰা দৰ্শকৰ বাবে মুকলি কৰা হ'ব। দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনত বাগৰি সংমণ্ডলৰ সীমিত পর্যটন পথহে দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিছে। ...

September 25, 2025 12:04 PM

views 28

আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ পৰা আঁতৰোৱা হ’ল পৰিমিতা সৰকাৰৰ নাম

আদৰৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধানকাৰী গোট চমুকৈ এছ আই টিৰ কিছু সালসলনি কৰা হৈছে। দহজনীয়া এছ আই টিৰ পৰা পৰিমিতা সৰকাৰৰ নাম আঁতৰোৱা হৈছে। কালি এছ আই টি গঠনৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামজিক মাধ্যমযোগে কয়, যে অসম আৰক্ষীয়ে ...

September 25, 2025 11:59 AM

views 32

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ দুদিন; ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন বাকী আছে যদিও অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত শাৰদীয় পৰিৱেশো নিস্তেজ হৈ পৰিছে। প্ৰতি শৰতৰ প্ৰভাতী পুৱাক গীতেৰে সম্ভাষণ জনোৱা শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশৰ সৈতে এতিয়াও ৰাজ্যবাসী সহজ হৈ উঠা নাই। ইয়াৰ মাজতে পৰম্পৰাগত ৰীতি-ন...

September 25, 2025 11:37 AM

views 36

কাইলৈ পুৱা ৮ বজাৰ পৰা বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হ’বলগীয়া এই ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিটিআৰৰ জিলাকেইখনৰ প্ৰশাসন সাজু হৈ উঠিছে। প্ৰশাসনে স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। এই ভোটগণনাৰ জৰিয...

September 24, 2025 10:26 PM

views 26

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ ৩ টা দিন বাকী, ৰাজ্যৰ ৭,৮১৭খন দূর্গা পুজা সমিতিলৈ ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান ৰাজ্য চৰকাৰৰ

শাৰদীয় দুর্গা পূজালৈ মাজত মাথোঁ ৩ টা দিন বাকী। অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকষ্মিক দেহাৱসানে এইবাৰ পুজাৰ পৰিবেশ ম্লান কৰিছে যদিও আধ্যাত্মিক ৰীতি নীতি বজাই ৰাখি পূজা পালন কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ আড়ম্বৰবিহীনভাৱে পূজা পালনৰ প্ৰস্তুতি চলাইছে। পূজাস্থলীসম...

September 24, 2025 10:16 PM

views 46

প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা সঞ্জীৱ নাৰায়ণৰ সংবাদমেলযোগে স্থিতি স্পষ্ট

ছিংগাপুৰত অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা ৰাজ্যৰ এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে আজি এখন সংবাদমেলত নিজৰ স্থিতি স্পষ্ট কৰে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ যিকোনো তদন্তৰ বাবে তেওঁ সাজু বুলি উল্লেখ কৰি নাৰায়ণে কয় যে এই ঘটনা সংক্রান...

September 24, 2025 10:08 PM

views 41

প্রিয় শিল্পী জুবিন গাৰ্গৰ সকলো সামগ্ৰী সংৰক্ষণ কৰা হ’ব বুলি পত্নী গৰিমা গাৰ্গৰ সদৰী

প্রিয় শিল্পী জুবিন গাৰ্গৰ সকলো সামগ্ৰী সংৰক্ষণ কৰা হব বুলি পত্নী গৰিমা গাৰ্গে আজি সদৰি কৰিছে। তেওঁ কয় যে ছিংগাপুৰৰ পৰা আহি শিল্পীগৰাকীয়ে ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ ডাবিঙৰ কাম কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। জুবিন গাৰ্গৰ ইচ্ছা অনুসৰি ৩১ অক্টোবৰত চলচ্চিত্ৰখন মুক্তি দিয়াটো তেওঁ বিচাৰে বুলি মন্তব্...

September 24, 2025 10:02 PM

views 33

জুবিন গাৰ্গৰ বাসগৃহত শিল্পীগৰাকীক শ্রদ্ধা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীক শ্রদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে কয়, যে জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পী, গীতিকাৰেই নাছিল বৰং তেওঁ আছিল কেইবাটাও প্ৰজন্মৰ লগতে সংস্কৃতি আৰু ভাষাৰ মাজত সমন্...