January 13, 2026 8:26 PM

views 48

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আজি প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হৈছে

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আজি প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হৈছে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত লোক কৃষ্টি সংস্কৃতিৰে ফুটবল বিশ্বকাপৰ ট্ৰফীক আদৰণি জনোৱা হয়। পুৱাৰ ভাগত বিমানবন্দৰৰ পৰা ট্ৰফী সৰুসজাই ষ্টেডিয়ামলৈ আৰু বিয়লিৰ ভাগত বর্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামলৈ নিয়া ...

January 13, 2026 8:23 PM

views 32

কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত কাইলৈ অনুষ্ঠিত হ'ব। খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব। ভাৰত দেওবাৰে বডোডৰাত অনুষ্ঠিত প্ৰথমখন খেলত ৪ উইকেটত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অহা দেওবাৰে...

January 13, 2026 7:53 PM

views 11

ঠিকাভিত্তিক টে’ট শিক্ষকৰ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ঠিকাভিত্তিক টে'ট শিক্ষকৰ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ দিছে। সদৌ অসম টে’ট উত্তীর্ণ সমাজে দাখিল কৰা গোচৰ এটাৰ শুনানিৰ অন্তত ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে ২০১৯ চনৰ জুলাইৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈ ৫ শতাংশ মৰগীয়া বানচৰ বকেয়া আৰু ২০২১ৰ জুলাইৰ পৰা ২০২২ চনৰ আগষ্টলৈ ক্ৰম...

January 13, 2026 8:52 PM

views 13

সন্ত্রাসবাদী সংস্থাৰে জড়িতৰ অভিযোগত ৫ গৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল নিৰ্দেশ

  জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নিষিদ্ধ সন্ত্রাসবাদী সংস্থাৰ লগত সক্ৰিয়ভাৱে জড়িত থকাৰ অভিযোগত ৫ গৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে। আকাশবাণী জম্মুৰ সংবাদদাতাৰ আগত শ্রীসিনহাই জনায় যে, নিলম্বিত কৰ্মচাৰীসকলৰ ভিতৰত এজন চৰকাৰী শিক্ষক, এজন লেবৰেটৰি টেকনিচিয়ান, ...

January 13, 2026 8:38 PM

views 24

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদন মৰ্মে ৰাজ্যপালগৰাকীয়ে ৫গৰাকী অধিবক্তাক আজি বিশেষ ওকালতিৰ দায়িত্ব অর্পণ কৰে। কিংবদন্তি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ওকালতি কৰাৰ বাবে জিয়াউল কামাৰ ক ব...

January 13, 2026 8:29 PM

views 14

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কামৰূপ আৰক্ষীয়ে অভিযান চলাই আমিনগাওঁত ১১ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰে। কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যান কুমাৰ পাঠকৰ নেতৃত্বত এই অভিযান চলিছিল। আৰক্ষীয়ে এই অভিযানত আনোৱাৰ হুছেইন কাজি আৰু আমিনুল চিকদাৰ...

January 13, 2026 8:01 PM

views 177

আজি ভোগালী বিহুৰ উৰুকা

আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰা অনুসৰি মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রামাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি পুৱাতে আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুতি সম্পূৰ্ণ ক...

January 13, 2026 7:48 PM

views 119

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ শেষকৃত্য ৰাজ্যিক মর্যাদাৰে সম্পন্ন

● অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। নৱগ্ৰহ শ্মশানত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই ৭৯ বছৰত দেহাৱসান ঘটা শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিলীপ শ‍ইকীয়াই ৰাজ্যৰ সংগীত জগতলৈ শিল্...

January 13, 2026 6:38 PM

views 21

২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৯ দিনীয়া কাৰ্যসূচীৰে “মানাহ মহোৎসৱ”ৰ আয়োজন

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৯ দিনীয়া কাৰ্যসূচীৰে বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগনত "মানাহ মহোৎসৱ" ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মানাহ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ তির্কীয়ে আজি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে। কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ ...

January 13, 2026 5:44 PM

views 16

আজি নিশা ৯.১৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান পুনৰ প্ৰচাৰ কৰা হ’ব

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি ক্ষন্তেক পাছতে নগাওঁ চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ চিকিৎসা সেৱাৰ বিভিন্ন সুবিধা সন্দৰ্ভত নগাওঁ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিষ্ণুৰাম দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমা...