September 30, 2025 12:12 PM

views 52

কাছাৰ আৰক্ষীৰ শিলচৰ-আইজল বাইপাছত চলোৱা এক অভিযানত ৩০ হাজাৰৰো অধিক নিচাযুক্ত টেবলেট জব্দ

কাছাৰ আৰক্ষীয়ে কালি নিশা শিলচৰ-আইজল বাইপাছত চলোৱা এক অভিযানত ৩০ হাজাৰৰো অধিক নিচাযুক্ত টেবলেট জব্দ কৰে। জব্দ কৰা এই বৃহৎ পৰিমাণৰ টেবলেটখিনিত মূল্য ৯ কোটিৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট কঢ়িওৱা ট্রাকসহ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে।

September 30, 2025 12:08 PM

views 20

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আই চি চি মহিলা বিশ্বকাপ ক্রিকেটৰ উদ্বোধনী খেল

গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এচ’ছিয়েছনৰ ষ্টেডিয়ামত আজি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্রিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে ভাৰতীয় মহিলা দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ খিতাপ লাভৰ ...

September 30, 2025 12:04 PM

views 52

অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী ৰে’ল প্ৰকল্প দুটা চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ভূটানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বাবে অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী ৰে’ল প্ৰকল্প দুটা চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। ৪০৩৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰক...

September 30, 2025 11:54 AM

views 97

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুৰ্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিল্বেশ্বৰ দেৱ...

September 30, 2025 11:44 AM

views 38

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে কালি নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ কৰে। মন্ত্রী ড০ জয়শংকৰে শেহতীয়াকৈ নিযুক্তি দিয়া উচ্চায়ুক্তৰ প্ৰতি শুভেচ্ছা জনাই কয়, যে এয়া এক আদৰণীয় পদক্ষেপ। ড০ জয়শংকৰৰ এই সাক্ষাৎ আছ...

September 30, 2025 11:35 AM

views 23

হাঙ্গেৰীত অনুষ্ঠিত বিকশিত ভাৰত দৌৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক, জনগোষ্ঠীয় সংগঠনসমূহকে ধৰি এশতকৈও অধিক দৌৰবিদৰ অংশগ্ৰহণ

হাঙ্গেৰীত কালি অনুষ্ঠিত বিকশিত ভাৰত দৌৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক, জনগোষ্ঠীয় সংগঠনসমূহকে ধৰি এশতকৈও অধিক দৌৰবিদে অংশ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত সময়ত আন্তঃগাঁথনি, স্বাস্থ্য, প্রযুক্তি আৰু শিক্ষা খণ্ডত লাভ কৰা উল্লেখনীয় অগ্ৰগতি আৰু বহনক্ষম উন্নয়নৰ ধাৰাক প্ৰতিফলিত কৰাৰ উদ্দ...

September 30, 2025 11:26 AM

views 37

ভূটানৰ বৈদেশিক সচিব ওম পেমা ছডেনৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্ৰীৰ বৈঠক

বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে নতুন দিল্লীত কালি ভূটানৰ বৈদেশিক সচিব ওম পেমা ছডেনৰ সৈতে বৈঠকত মিলিত হয়। বৈদেশিক মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জনাই যে দুয়োপক্ষই দ্বিপাক্ষিক যোগাযোগ আৰু সহযোগিতাৰ ক্ষেত্ৰখনত লাভ কৰা অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰে। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰত আৰু ভূটানৰ মাজত ৰে'ল সংযোগ স্থ...

September 30, 2025 11:22 AM

views 36

গংগাৰ সংৰক্ষণ কেৱল পৰিৱেশৰ সংৰক্ষণেই নহয় বৰং ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, বিশ্বাস আৰু লাখ লাখ মানুহৰ জীৱন ৰেখাৰ সৈতে জড়িতঃ কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাটিল

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে গুৰুত্ব আৰোপ কৰি কয়, যে গংগাৰ সংৰক্ষণ কেৱল পৰিৱেশৰ সংৰক্ষণেই নহয় বৰং ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, বিশ্বাস আৰু লাখ লাখ মানুহৰ জীৱন ৰেখাৰ সৈতে জড়িত। নতুন দিল্লীত কালি গংগা সজীৱকৰণ সম্পৰ্কীয় সৱলীকৰণ টাস্ক ফৰ্চৰ ষষ্ঠদশ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীপাটিলে এইদৰে কয়।...

September 30, 2025 11:17 AM

views 41

অৱসৰ গ্ৰহণৰ পাছতো ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা অৱদানৰ বাবে সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সম্বৰ্ধনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৱসৰ গ্ৰহণৰ পাছতো ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা অৱদানৰ বাবে সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সম্বৰ্ধনা জনায়। নতুন দিল্লীত কালি বিকশিত ভাৰত আৰু প্ৰাক্তন সৈনিকৰ কল্যাণ শীৰ্ষক প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীসিঙে কয়, যে প্রাক্তন সৈনিকসকলে কেৱল সীমান্তৰ সুৰক্ষা ...

September 30, 2025 11:06 AM

views 45

দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা লোকসকললৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাযোগে শ্রীমতী মুর্মুৱে কয়, যে দুর্গা পূজা সংস্কৃতি, বিকাশ আৰু আধ্যাত্মিকতাৰ প্ৰতীক। তেওঁ কয়, যে দুৰ্গাৰ ৯টা ৰূপে সত্য, ন্যায় আৰু মমতাৰে আগবাঢ়ি যাবলৈ আমাক সাহস দিয়ে। এই উৎসৱ...