October 17, 2025 1:00 PM

views 45

ওড়িশা, তেলেংগানা, গোৱা, মধ্যপ্রদেশ, মাৰাঠৱাৰা আদি অঞ্চলত বজ্ৰপাতৰ লগতে ধুমুহাৰ আগলি বতৰা

● ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি ওড়িশা, তেলেংগানা, গোৱা, মধ্যপ্রদেশ, মাৰাঠৱাৰা আদি অঞ্চলত বজ্ৰপাতৰ লগতে ধুমুহাৰ আগলি বতৰা দিছে। বিভাগৰ তথ্য অনুসৰি তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ অংশ, কেৰালাৰ উপকূল অঞ্চল আৰু লাক্ষাদ্বীপতো আজি একেধৰণৰ পৰিৱেশে বিৰাজ কৰিব।

October 17, 2025 12:57 PM

views 39

আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ ভাৰতৰ

● ভাৰতে আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে নতুন দিল্লীত কালি সাংবাদিকৰ আগত কয়, যে পাকিস্তানে সন্ত্রাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পোষকতা কৰাতো স্পষ্ট হৈ পৰিছে। আভ্যন্তৰীন...

October 17, 2025 12:54 PM

views 89

বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

● বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। ৰাজ্যখনৰ ২৪৩টা বিধানসভা সমষ্টিৰ ভিতৰত ১২১টাত অহা ৬ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পর্যায়ে পাটনা, দাভাংগা, মুজফফৰপুৰ, গোপালগঞ্জ আৰু ভোজপুৰ জিলাক সামৰি লৈছে। কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা...

October 17, 2025 12:50 PM

views 74

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নামৰ প্রথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ

● কংগ্ৰেছে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্রথমখন তালিকা প্রকাশ কৰিছে। এই তালিকাখনত নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায় - দুয়োটাৰে বাবে ২৪ গৰাকীকৈ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। দলটোৱে বিহাৰ প্ৰদেশ কংগ্ৰেছৰ মুৰববী ৰাজেশ ৰামক কুটুম্বা আসনৰ পৰা প্ৰক্ষেপ কৰিছে।...

October 17, 2025 12:48 PM

views 95

ব্ৰিটেইনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ জে পি নাড্ডাৰ

● কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই কালি নতুন দিল্লীত "ন' বিজেপি", অর্থাৎ 'বিজেপিক জানো আহক' পদক্ষেপৰ অধীনত ব্ৰিটেইনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীনাড্ডাই কয়, যে তেওঁলোকে ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰা আৰু তৃণমূল পৰ্যায়ত ...

October 17, 2025 12:45 PM

views 45

ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বদৰ আব্দেলাট্টীৰ সৈতে জে পি নাড্ডাৰ বৈঠক

● কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্রকাশ নাড্ডা কালি নতুন দিল্লীত ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বদৰ আব্দেলাট্টীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীনাড্ডাই কয় যে, বৈঠকত উভয় দেশৰ মাজৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে সাৰ, ঔষধ, ৰাসায়নিক ...

October 17, 2025 12:42 PM

views 18

প্ৰতিৰোধমূলক আৰু বহনক্ষম স্বাস্থ্যসেৱাৰ বাবে বিশ্বক আয়ুৰ্বেদৰ কালজয়ী প্ৰজ্ঞাৰ প্ৰয়োজন বুলি ব্রাজিলৰ উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

● ব্রাজিলৰ উপ-ৰাষ্ট্ৰপতি জেৰাল্ডো আলকমিনে প্ৰতিৰোধমূলক আৰু বহনক্ষম স্বাস্থ্যসেৱাৰ বাবে বিশ্বক আয়ুৰ্বেদৰ কালজয়ী প্ৰজ্ঞাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে৷ নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান ভ্ৰমণৰ সময়ত শ্ৰীআলকমিনে কালি আয়ুর্বেদক ৫০০০ বছৰীয়া স্বাস্থ্য আৰু প্ৰজ্ঞাৰ সম্পদ ৰূপে প্ৰশংসা...

October 17, 2025 12:40 PM

views 30

দেশৰ কৃষি বিজ্ঞান কেন্দ্রসমূহক অধিক ফলপ্রসূ আৰু সবল কৰি তোলাৰ কৌশলৰ বিষয়ে আলোচনা কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ

● কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি এখন উচ্চ পর্যায়ৰ বৈঠকত সমগ্ৰ দেশৰ কৃষি বিজ্ঞান কেন্দ্রসমূহক অধিক ফলপ্রসূ আৰু সবল কৰি তোলাৰ কৌশলৰ বিষয়ে আলোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত শ্ৰীচৌহানে কয়, যে বর্তমান দেশত ৭৩১ টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু ইয়াৰ নেটৱৰ্ক সম্প্ৰ...

October 17, 2025 12:37 PM

views 34

ৰাষ্ট্ৰপতি মুৰ্মুৱে দিল্লীত আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত হ'বলগীয়া আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ আধাৰত এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী জনমন আৰু ধৰতী আবা অভিযানৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰী...

October 17, 2025 12:34 PM

views 52

৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া প্রতিযোগিতালৈ নিৰ্বাচিত লখিমপুৰ টাইকোৱানডো একাডেমীৰ ৩ খেলুৱৈ

● লখিমপুৰ জিলা টাইকোৱানডো সন্থাৰ অধীনৰ সদৰ আৰু তেলাহী টাইকোৱানডো একাডেমীৰ তিনিগৰাকী খেলুৱৈয়ে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া প্রতিযোগিতালৈ নিৰ্বাচিত হৈছে। নির্বাচিত খেলুৱৈকেইগৰাকী হ'ল দিশা প্ৰিয়া সোণোৱাল, গিৰি শংকৰ কোঁৱৰ আৰু ৰনিতা কাকতি।