December 14, 2025 12:08 PM December 14, 2025 12:08 PM

views 3

যোৱা বছৰৰ তুলনাত বিক্ৰীৰ ক্ষেত্ৰত ষ্টীল অথৰিটী অব্ ইণ্ডিয়াৰ ২৭ শতাংশ বৃদ্ধি লাভ

ষ্টীল অথৰিটী অব্ ইণ্ডিয়াই বিগত মাহত যোৱা বছৰৰ তুলনাত বিক্ৰীৰ ক্ষেত্ৰত ২৭ শতাংশ বৃদ্ধি লাভ কৰিছে। তীখা মন্ত্ৰ্যালয়ে এটা বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰি কয়, যে বিগত বছৰৰ এই সময়ছোৱাত ০.৮৪ মিলিয়ন টনৰ তুলনাত যোৱামাহত খুচুৰা বিক্ৰী ৬৯ শতাংশ বাঢ়ি  ০. ১৪ মিলিয়ন টন হয়। ইয়াৰ লগতে চলিত বছৰৰ এপ্ৰিলৰ পৰা ন...

December 14, 2025 12:03 PM December 14, 2025 12:03 PM

views 1

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত এখন উন্নত ৰাষ্ট্ৰৰ দিশে দ্রুতগতিত ধাৱমান হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জগত প্রকাশ নাড্ডা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত এখন উন্নত ৰাষ্ট্ৰৰ দিশে দ্রুতগতিত ধাৱমান হৈছে। বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই কালি ছিমলাত এই কথা প্ৰকাশ কৰে। হিমাচল প্ৰদেশৰ ছিমলাত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰ...

December 14, 2025 11:50 AM December 14, 2025 11:50 AM

views 3

কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালৰ চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলাত অংশগ্ৰহণ

কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত অনুষ্ঠিত হৈ থকা চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈ নৱপ্ৰজন্মক গ্রন্থ অধ্যয়নৰ বাবে আহ্বান জনায়। তেওঁ কয়, যে গ্রন্থ অধ্যয়নৰ অভ্যাসেহে এখন সমাজ শক্তিশালী কৰিব...

December 14, 2025 11:44 AM December 14, 2025 11:44 AM

views 4

নগাঁও জিলা প্রশাসনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ অভিযান

নগাঁও জিলা প্রশাসনে পৰহিলৈ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা মাণ্ডৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই কালি উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি, আহোমগাঁও, কটণ্ডৰি, ৰৌমাৰী বিল, মৈৰাধবজ গা...

December 14, 2025 11:39 AM December 14, 2025 11:39 AM

views 8

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত পথ দুর্ঘটনাত নিহত লোকসকলৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ কালি ৰাজ্য চৰকাৰে পৰিয়ালৰ লোকক অর্পণ কৰাৰ লগতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে। দুর্ঘটনাত মৃত্যু হোৱা ৬ গৰাকী লোকৰ মৃতদেহ পৰিয়ালৰ লোকক অর্পণ কৰি মন্ত্ৰী বিমল বৰাই শ্রদ্ধাঞ্জলি জ্ঞাপন করে। উল্লেখযোগ্য যে কালি দিনটোৰ উদ্ধাৰ অ...

December 14, 2025 11:33 AM December 14, 2025 11:33 AM

views 6

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব লাভ

নাগৰিকত্ব সংশোধনী আইন, CAA-ৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। শ্রীভূমি জিলাত বাস কৰা বাংলাদেশৰ চট্টগ্ৰামৰ ৪০ বছৰীয়া এগৰাকী মহিলাক CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্রদান কৰা হৈছে। নাগৰিকত্ব লাভ কৰা মহিলাগৰাকীয়ে ২০০৭ চনত চিকিৎসাৰ বাবে আহি শ্রীভূমিৰ এজন ব্যক্তিৰ সৈতে বিবাহ...

December 14, 2025 11:28 AM December 14, 2025 11:28 AM

views 7

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পর্ক থকাৰ অভিযোগত ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পর্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে কালি ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে। ধৃত কুলেন্দ্ৰ শৰ্মাই দেশৰ প্ৰতিৰক্ষা বিভাগৰ অতি স্পর্শকাতৰ নথিপত্র আৰু তথ্য সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আ...

December 14, 2025 11:20 AM December 14, 2025 11:20 AM

views 4

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে অহা ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী সুকলমে আয়োজন কৰাৰ লক্ষ্যৰে কালি মন্ত্রী পীযূষ হাজৰিকাই প্রকল্পস্থলী পর্যবেক্ষণ কৰে। মন্ত্রী কেশৱ মহন্ত, বিধায়ক ৰূপক শর্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসৰ সৈতে তেওঁ প্রকল...

December 14, 2025 11:16 AM December 14, 2025 11:16 AM

views 20

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই ৪ জন খেলুৱৈক নিলম্বন কৰে

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৪ জন খেলুৱৈক নিলম্বন কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত অসম দলৰ একাংশ খেলুৱৈক মেচ ফিক্সিং কৰিবলৈ প্রলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পাছতে অসম ক্রিকেট সন্থাই অমিত সিনহা, ঈশান আহমেদ, অমন...

December 14, 2025 11:05 AM December 14, 2025 11:05 AM

views 5

ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অভিহিত কৰিছে

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি অভিহিত কৰিছে। তেওঁ কয়, যে ডাকোৱালসকলে কেৱল চিঠিয়েই কঢ়িয়াই নানে, বেংক, বীমা আৰু চৰকাৰী সেৱাও ভাৰতৰ প্ৰতিঘৰ মানুহলৈ কঢ়িয়াই আনে। গ্ৰাম্য ভাৰতক সংযোজিত কৰাৰ ক্ষেত্ৰত আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত তেওঁলোকৰ উল্লেখয...