November 11, 2025 12:10 PM

views 32

ইছৰোৰ নেচনেল স্পেছ ছাইন্স ছিম্ফোজিয়ামৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশেষ প্ৰচাৰ কাৰ্যসূচী

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ নেচনেল স্পেছ ছাইন্স ছিম্ফোজিয়ামৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি এখন বিশেষ প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰচাৰ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ইছৰোৰ নেচনেল স্পেছ ছাইন্স ছিম্ফোজিয়ামৰ উদ্যোগত শ্বিলঙৰ নৰ্থ-ইষ্ট স্পেছ এপ্লিকেছন চেণ্টাৰত ২০২৬ চনৰ ফেব্ৰুৱাৰী...

November 11, 2025 11:58 AM

views 35

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলক নিযুক্তি-পত্ৰ প্ৰদান অনুষ্ঠান

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলে ১৩ নৱেম্বৰত নিযুক্তি পত্ৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এখন জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি ১৩ নৱেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰ...

November 11, 2025 11:56 AM

views 42

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ আৰম্ভ

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে । ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই আজি এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব যদিও ৭ ...

November 11, 2025 11:55 AM

views 44

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণত কমেও ৮জন লোকৰ মৃত্যু

দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৪ জনৰো অধিক লোক আহত হৈছে। এখন বাহনত সংস্থাপিত এটা বোমা বিস্ফোৰণৰ ফলত হোৱা এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শক্তিশালী এই বিস্ফোৰণটো...

November 11, 2025 11:53 AM

views 28

দিল্লীত সংঘটিত বোমা বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা, আহতসকলৰ আশুআৰোগ্য কামনা ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুৰ

দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সমবেদনা প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰ...

November 11, 2025 11:50 AM

views 36

ছবছৰৰ পাছতো এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূর্ণ নকৰা বিষয় সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

ছবছৰ পূৰ্বে অসমত চূড়ান্ত এন আৰ চি অৰ্থাৎ‍ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পাছতো এই পর্যন্ত এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিছে। ন্যায়ালয়ে বিগত ছবছৰে নাগৰিক পৰিচয় পত্ৰ আৰু বাদ পৰি যোৱা নথি প্ৰদানকে ধৰি বি...

November 10, 2025 8:13 PM

views 30

তামিলনাডুৰ মায়লাদুথুৰাইৰ ১৪জন মাছমৰীয়াক মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনাৰ

তামিলনাডুৰ মায়লাদুথুৰাই জিলাৰ ১৪জন মাছমৰীয়াক আজি শ্ৰীলংকাৰ নৌসেনাই মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। মাছমৰীয়াসকলে ব্যৱহাৰ কৰা এখন নাওঁ নৌসেনাই জব্দ কৰে। বাৰ্জন মাছমৰীয়া বানাকিৰৈ গাঁৱৰ আৰু বাকীসকল কুড্ডালোৰ আৰু থাৰংগম্বড়ীৰ বুলি জানিব পৰা গৈছে। তদন্তৰ বাবে মাছমৰীয়াকেইজনক কাংকেসন্তুৰাই নৌসেনাৰ শ...

November 10, 2025 8:08 PM

views 66

বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত এটা উল্লেখযোগ্য আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিবঃ বিজেপি

  বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত এটা উল্লেখযোগ্য আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি ভাৰতীয় জনতা পাৰ্টীয়ে আজি আস্থা প্ৰকাশ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ ৰবীশংকৰ প্ৰসাদে কয় যে বিৰোধীয়ে ইতিমধ্যে এই নিৰ্বাচনত তেওঁলোকৰ পৰাজয় স্বীকাৰ ক...

November 10, 2025 8:05 PM

views 30

সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব

অহা ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে হ'বলগীয়া সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কোহিমাত আজি বিয়লি কমনৱেল্থ সংসদীয় সংস্থাৰ ২২ সংখ্যক সন্মিলনত ভাগ লৈ সংবাদ মাধ্যমৰ আগত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইকথা প্ৰকাশ কৰে। শ্ৰীবিলাই সংসদ...

November 10, 2025 8:00 PM

views 29

২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে ২০২৪-২৫ বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ প্রায় এক লাখ ৫১ হাজাৰ কোটি টকা হৈছে। ইয়াৰে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ অধীনত ৭১.৬ শতাংশ অৱদান আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ড ভৱনৰ থলুৱাভাৱে বিকশাই তোলা ব্যৱস...