January 19, 2026 2:27 PM

views 19

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলন

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামৰ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনৰ ৫৬ সংখ্যক বাৰ্ষিক বৈঠকত বিশ্বৰ ৩হাজাৰৰো অধিক নেতাই অংশ ল'ব। পাঁচদিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১০০ গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্রতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰ...

January 19, 2026 2:24 PM

views 16

জি ৰাম জি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকশিত ভাৰত জি ৰাম জি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰী চৌহানে কয় যে এম জি এনৰেগাৰ জৰিয়তে কংগ্ৰেছে দিয়া সুবিধাসমূহ কেৱল কাগজত হে উপলবদ্ধ আছিল। দলটোৱে নিজৰ আদৰ্শ,...

January 19, 2026 2:21 PM

views 13

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেড’শ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেড'শ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠকত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়ে গুৰুত লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্রধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ড...

January 19, 2026 2:19 PM

views 10

ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীৰ উপলক্ষ্যে তেওঁৰ প্ৰতি শ্রদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ঔপনিৱেশিক শাসনৰ অন্ত পেলাবলৈ পাৰ্বতী গিৰীয়ে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। শ্রী মোদীয়ে কয়...

January 19, 2026 2:15 PM

views 24

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ’ব

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্রসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত সমগ্র নির্বাচনী প্রক্রিয়া প...

January 19, 2026 2:12 PM

views 15

মহাৰাষ্ট্ৰৰ নাচিক জিলাত পথ দূৰ্ঘটনাত ৪ গৰাকী লোক নিহত

মহাৰাষ্ট্ৰৰ নাচিক জিলাৰ মালেগাওঁ-মানমাদ ঘাইপথত আজি সংঘটিত এটা পথ দূৰ্ঘটনাত ৪ গৰাকী লোক নিহত হোৱাৰ লগতে ২ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। লগতে আন ২০ গৰাকী যাত্ৰী সামান্যভাৱে আহত হয়। মালেগাঁৱৰ ৱাৰহানে গাঁৱৰ সমীপত পুৱতি নিশা ৩ বজাৰ আশে পাশে পুনেৰ পৰা মালেগাওঁ অভিমুখী এখন ব্যক্তিগত যাত্রীবাহী বাছ আৰু বিপ...

January 19, 2026 2:09 PM

views 22

পাকিস্তানৰ কৰাচীৰ গুলপ্লাজাত বৃহৎ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ১০লৈ বৃদ্ধি

পাকিস্তানৰ কৰাচীৰ গুলপ্লাজাত হোৱা বৃহৎ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১০লৈ বৃদ্ধি পাইছে যোৱা নিশা ৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু এতিয়াও ৬০ জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলৰ বিষয়াসকলে প্ৰকাশ কৰা মতে, উদ্ধাৰ অভিযানত ৩জন লোকৰ দেহাৱশেষ উদ্ধাৰ কৰা হয় আৰু ইয়াৰ ভিতৰত এগৰাকী শিশু আছিল।

January 19, 2026 12:45 PM

views 15

জুবিন গাৰ্গ সন্দর্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শইকীয়া গার্গৰ এজাহাৰ দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দর্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গার্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। শিখা শৰ্মা নামৰ মহিলাগৰাকীয়ে দীর্ঘ দিন ধৰি জুবিন গাৰ্গ সন্দর্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইপিনে হোজাই জিলাৰ ...

January 19, 2026 12:43 PM

views 15

পৰীক্ষা পে’ চর্চা শীর্ষক কাৰ্যসূচীৰ বাবে নলবাৰী জিলাৰ বৰক্ষেত্ৰী আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মৃদুমলয় বর্মন নির্বাচিত

প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে' চর্চা শীর্ষক কাৰ্যসূচীৰ বাবে নলবাৰী জিলাৰ বৰক্ষেত্ৰী আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মৃদুমলয় বর্মনক নির্বাচিত কৰা হৈছে। তেওঁ প্রধানমন্ত্রীৰ সৈতে প্রত্যক্ষভাৱে প্রশ্নোত্তৰ শিতানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। ছাত্ৰগৰাকীয়ে এই কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে আজি নতুন দিল্ল...

January 19, 2026 12:41 PM

views 29

অসম ক্রিকেট সন্থাৰ উদ্যোগত নাহৰকটীয়াত অষ্টম বার্ষিক আছাম প্রিমিয়াম ক্লাব চেম্পিয়নশ্বিপ আৰম্ভ

অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়া ক্রিকেট সন্থাৰ সহযোগত আজিৰ পৰা ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অৱস্থিত অসম ক্রিকেট সন্থাৰ খেলপথাৰত অষ্টম বার্ষিক আছাম প্রিমিয়াম ক্লাব চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আজি দুলীয়াজান কলেজ ক্রিকেট ক্লাব আৰু নামৰূপ ক্রিকেট একাডেমীৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন বিধায়ক তথা অসম ...