November 17, 2025 1:37 PM

views 34

কুশল দালাল জিটি অ’পেন ইনড’ৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী

ভাৰতৰ আৰ্চাৰী খেলুৱৈ কুশল দালাল লাজ্জেমবাৰ্গৰ স্থাচেনত অনুষ্ঠিত জিটি অ'পেন ইনড'ৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী হৈছে। কুশলে ডাবল খুটঅফত আমেৰিকাৰ ষ্টিফেন হানচেনক পৰাস্ত কৰি সোণৰ পদক জয় কৰে। ইয়াৰ পূৰ্বে ছেমি ফাইনেলত কুশলে বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ নিকোলাছ জেৰাৰ্ডক পৰাস্ত কৰি ফাইনে...

November 17, 2025 1:35 PM

views 33

ইউ এ ইত আজি বায়ুসেনাৰ প্ৰদৰ্শন ডুবাই এয়াৰ শ্ব’ ২০২৫ আৰম্ভ

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইত আজি বায়ুসেনাৰ প্ৰদৰ্শন ডুবাই এয়াৰ শ্ব' ২০২৫ আৰম্ভ হ'ব। দুদিনীয়া এই প্রদর্শনীত প্ৰতিৰক্ষা বিভাগে নিজৰ শক্তি প্ৰদৰ্শন কৰিব। ভাৰতীয় বায়ুসেনায়ো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সূৰ্য কিৰণ এৰ'বেটিক টীম আৰু এল চি এ তেজস্বৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ শক্তি প্ৰদৰ্শন কৰিব। কেন্দ্ৰ...

November 17, 2025 1:34 PM

views 26

উত্তৰ প্ৰদেশৰ শিলৰ কুৱেৰীত আৱদ্ধ হৈ থকা শ্রমিকসকলৰ উদ্ধাৰৰ অভিযান অব্যাহত

উত্তৰ প্ৰদেশৰ সোণভদ্রা জিলাৰ এটা শিলৰ কুৱেৰীত আৱদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত কৰ্মৰত অৱস্থাত এজন শ্রমিকৰ মৃত্যু হয়। কুৱেৰীটোত ১২ জনতকৈও অধিক শ্রমিক বর্তমানো আৱদ্ধ হৈ আছে আমাৰ সংবাদদাতাই জনাইছে। শিলৰ কুৱেৰীটোত খহি পৰা প্ৰকাণ্...

November 17, 2025 1:38 PM

views 30

ৰাজ্যপালক নবনির্বাচিত ২৪৩ জন প্রার্থীৰ তালিকা অর্পণ বিহাৰৰ মুখ্য নির্বাচনী বিষয়াৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দুদিন পাছত ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে পাটনাৰ ৰাজভৱনত ৰাজ্যপাল আৰিফ মহম্মদ খানক নবনির্বাচিত ২৪৩ জন প্রার্থীৰ তালিকা অর্পণ কৰে। এই তালিকাখনত এন ডি এৰ ২০২ জন, মহামিত্ৰজোঁটৰ ৩৪ জনৰ লগতে এ আই এম আই এম, ইন্ডিয়ান ইনক্লুশিভ পার্টি আৰু বহুজন...

November 17, 2025 1:28 PM

views 42

শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ ৰায়দান

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানৱতা উলংঘনৰ গোচৰ সংক্রান্তত আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। ন্যায়াধীশ মহম্মদ গোলাম মটুজা মজুমদাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ৰায়দানৰ পৰিপ্ৰেক্ষিতত ঢাকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে...

November 17, 2025 1:23 PM

views 25

বিকশিত ভাৰত নিৰ্মাণৰ অংশ হ’বলৈ সংবাদ সংস্থাসমূহক আহ্বান চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ সংস্থাসমূহক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ অংশ হ'বলৈ আহ্বান জনাইছে। হায়দৰাবাদাত কালি প্ৰথম ৰামোজী উৎকৃষ্টতা বঁটা প্রদান অনুষ্ঠানত অংশ লৈ শ্ৰীৰাধাকৃষ্ণনে কয়, যে সামাজিক মাধ্যমৰ আধিপত্য আৰু ভুল তথ্যৰে পৰিচালিত এই সময়ত সংবাদ মাধ্যমে তেওঁলোকৰ কৰ্তব্য নিষ্ঠা সহক...

November 17, 2025 1:20 PM

views 28

টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাত উত্তৰ-পূব সীমান্ত ৰে’লৱে দলৰ খিতাপ অৰ্জন

নাহৰকটীয়া ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাৰ কালি নিশা অনুষ্ঠিত চূড়ান্ত খেলত উত্তৰ-পূব সীমান্ত ৰে'লৱে ফুটবল দলে খিতাপ অর্জন কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱে ফুটবল দলে ইউনাইটেড চিৰাংদুৱাৰ ফুটবল দলক ৩-০ গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত চূড়ান্ত খেলত ক্রীড়া মন্ত...

November 17, 2025 1:19 PM

views 31

৯২ সংখ্যক ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত আজি স্থানীয় বন্ধৰ দিন ঘোষণা

নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত চলি থকা ৯২ সংখ্যক ৰাস মহোৎসৱ উপলক্ষে আজি জিলাখনত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এটা নির্দেশযোগে এই বন্ধ ঘোষণা কৰে। বন্ধৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো কার্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহ আদালতসমূহ বন্ধ থাকিব। অৱশ্যে জৰুৰী সেবাসমূহ চলি থাকি...

November 17, 2025 1:18 PM

views 23

৭৪ সংখ্যক কাৰ্বি আংলং দিৱস পালন

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আজি ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস পালন কৰা হৈছে। ডিফুৰ তাৰালাংছ'ত পুৱা পতাকা উত্তোলনেৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে এই কাৰ্যসূচী আৰম্ভ কৰে। দুপৰীয়া কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ'ৰ পৌৰোহিত্যত মুক...

November 17, 2025 1:17 PM

views 26

তিনিদিনীয়া ভ্রমণসূচীৰে আজি ডাঃ মোহন ভাগৱত অসমত উপস্থিত হ’ব

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰববী ডাঃ মোহন ভাগৱত আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ'ব। বিয়লি আৰ এছ এছৰ মুৰবৰীগৰাকীয়ে বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা গৈ সুদর্শনালয়ত উপস্থিত হ'ব। সংঘৰ শতবর্ষ পূর্ণ হোৱা উপলক্ষে ডাঃ ভাগবতে সাংগঠনিক বৈঠকত অংশগ্রহণ কৰাৰ লগতে কাইলৈ আৰু প...