January 19, 2026 7:01 PM

views 10

ধেমাজি টাইকোৱানডো একাডেমীয়ে আয়োজন কৰা টাইকোৱানডো প্ৰতিযোগিতা উদ্বোধন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলা টাইকোৱানডো সংস্থাৰ অধীনত ধেমাজি টাইকোৱানডো একাডেমীয়ে আয়োজন কৰা টাইকোৱানডো প্ৰতিযোগিতা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক উৎসাহ যোগোৱাৰ লগতে এই প্রতিযোগিতাৰ পৰাই ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ও...

January 19, 2026 6:54 PM

views 17

ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ছুইজাৰলেণ্ডত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আজি দেশখনলৈ গৈছে। মুখ্যমন্ত্ৰীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্রবাসী ভাৰতীয়সকলে আন্তৰিকতাৰে আদৰণি জনায়। ড০ শৰ্মাই জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান চন্মগৰত্নমক সাক্ষাৎ কৰি ...

January 19, 2026 6:51 PM

views 20

হত্যাকাণ্ডৰ অপৰাধত ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতৰ ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড

কামৰূপ জিলাৰ ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে আজি এটা ৰায়যোগে হত্যাকাণ্ডৰ অপৰাধত ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। লোক কেইজন হৈছে উত্তৰ গুৱাহাটীৰ ফুলুং গাঁৱৰ একেটা পৰিয়ালৰ তফাইল আহমেদ, ইলিজা বেগম, ৰুকিয়া ছিদ্দিকা আৰু লুতফুৰ ৰহমান। ২০১৮ চনৰ ১৬ জানুৱাৰীত এই লোক কেইজনে তেওঁ...

January 19, 2026 6:50 PM

views 24

শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শ‍ইকীয়া গাৰ্গৰ পাণবজাৰ থানাত এজাহাৰ

জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইতিমধ্যে গৰিমা শ‍ইকীয়া গাৰ্গৰ...

January 19, 2026 8:51 PM

views 29

৬ ফেব্ৰুৱাৰীত গুৱাহাটীত মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণৰ আৰম্ভণি

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ অহা ৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই আঁচনিৰ অধীনত ৰাজ্যৰ ৭৫ হাজাৰ যুৱকে আত্মসংস্থাপনৰ বাবে ২ লাখ টকাকৈ লাভ কৰিব। সমগ্ৰ ৰাজ্যত ১৫ ফেব্ৰুৱাৰীৰ...

January 19, 2026 6:43 PM

views 51

বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ শেষকৃত্য সম্পন্ন

সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ শেষকৃত্য আজি আবেলি নৱগ্ৰহ শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৫ ব...

January 19, 2026 6:38 PM

views 11

কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গোৱালপাৰা জিলাত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আজি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্রীসমূহ প্রত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী...

January 19, 2026 6:34 PM

views 19

আজিৰে পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীৰ্ষক অনুষ্ঠানৰ আয়োজন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে আজিৰে পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰ...

January 19, 2026 2:32 PM

views 11

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ সলাগ লয়। শ্রী মোদীয়ে কয় যে দুৰ্য...

January 19, 2026 2:30 PM

views 14

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শুভেচ্ছা

গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে এন ডি আৰ এফক বিশ্বাসৰ স্তম্ভ আক্ষা দি কয় যে দুৰ্যোগৰ সময়ত দেশে এন ডি আৰ এফৰ ওপৰত ভৰষা কৰে। দেশখনক দুর্যোগ প্ৰতিৰোধী হিচাপে গঢ়ি ...