November 21, 2025 8:21 PM

views 29

বজালী জিলা কৃষি বিষয়াৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

বজালী জিলাত আজি কৃষি বিভাগৰ বজালী জিলা কৃষি বিষয়াৰ এটা কাৰ্যালয় স্থাপন কৰা হয়। বজালী জিলা গঠন হোৱাৰ পাছতো জিলাখনত কৃষি বিভাগৰ কাৰ্যালয় মহকুমা পৰ্যায়তে আছিল। নকৈ স্থাপন কৰা এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ এই কৃষি বিষয়াৰ কাৰ্যালয়টোত ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয...

November 21, 2025 8:16 PM

views 27

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ১০ কিলোৱাৰ্ট শক্তিসম্পন্ন এফ এম ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা প্ৰচাৰণ বন্ধ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ১০ কিলোৱাৰ্ট শক্তিসম্পন্ন এফ এম ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে বৰ্তমান এশ ৱাৰ্ট শক্তিসম্পন্ন আন এটা ট্রান্সমিটাৰৰ পৰা এফ এম মডত অনুষ্ঠান সূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা...

November 21, 2025 8:15 PM

views 21

জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ বৈঠক

ৰাজ্যৰ সমাজ কল্যাণ আৰু সাংস্কৃতিক গৌৰৱ শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পর্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে এখন বৈঠকত মিলিত হয়। এই বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয়ৰ তৃতীয় সংস্কৰণৰ জড়িয়তে প্ৰতিটো যোগ্য পৰিয...

November 21, 2025 8:09 PM

views 14

ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্টৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ বাবে বিশেষ নির্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈৰ পৰা হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ বাবে বিশেষ নির্দেশ জাৰি কৰা হৈছে। সেই অনুসৰি কাইলৈ পুৱা ৬ বজাৰ পৰা বৰ্ষাপাৰাৰ সমীপৰ পথত বাণিজ্যিক বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে। বি কে কাকতি পথ, এ কে আজাদ পথ, ...

November 21, 2025 8:05 PM

views 25

অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত ৰাজ্যত প্ৰথমখন টেষ্ট মেচ; বৰ্ষাপাৰাত কাইলৈৰ পৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট

গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এছ'চিয়েছনৰ ষ্টেডিয়ামত কাইলৈৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত ৰাজ্যখনত হ’বলগীয়া প্ৰথমখন টেষ্টৰ বাবে বি চি চি আই তথা অসম ক্রিকেট সন্থাই প্রস্তুতি সম্পূৰ্ণ কৰিছে। আজি দুয়োটা দলৰ ...

November 21, 2025 8:03 PM

views 26

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্যগ্রহণ প্ৰক্ৰিয়াৰ অন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰে। ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে তিনি নৱেম্বৰৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছিল। আজি বিয়লি চাৰি বজা পর্যন্ত, ন্যায়িক আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বহুকেইটা...

November 21, 2025 8:02 PM

views 17

কাইলৈ দাখিল কৰা হ’ব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ চূড়ান্ত প্রতিবেদন

অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ চূড়ান্ত প্রতিবেদন কাইলৈ মুখ্যমন্ত্ৰীক দাখিল কৰিবলৈ সাজু কৰা হৈছে। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীগৰাকীয়ে আজি জনতা ভৱনৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উচ্চ পদস্থ বিষয়াসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকতে কাইলৈ দাখিল ক...

November 21, 2025 11:23 AM

views 35

কাইলৈ গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত ৰাজ্যখনত হ'বলগীয়া এই প্রথমখন টেষ্টৰ বাবে বি চি চি আই তথা অসম ক্রিকেট সন্থাই প্রস্তুতি সম্পূৰ্ণ কৰিছে। দুয়োটা দলে কালি বহু স...

November 21, 2025 11:21 AM

views 30

গোৱাত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ

গোৱাত কালিৰেপৰা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-অনুষ্ঠিত হৈছে। আজি দুখন চলচ্চিত্ৰৰ প্ৰদৰ্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ হ'ব। ৰাজকুমাৰ পেৰিয়াস্বামী পৰিচালিত তামিল ভাষাৰ 'অমৰনৰ' প্ৰদৰ্শনীৰে কাহিনীচিত্র শিতান উদ্বোধন কৰা হ'ব। একেদৰে কমলেশ কে মিশ্ৰৰ কাকৰিৰে অকাহিনীচিত্ৰৰ শিতান মুকলি কৰ...

November 21, 2025 11:18 AM

views 52

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যত প্রতিবাদী কার্যসূচী অব্যাহত

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে ৰাজ্যৰ বিভিন্ন জিলাত প্রতিবাদী কার্যসূচী অব্যাহত আছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চৰাইদেউ জিলা সমিতিৰ নেতৃত্বত সোণাৰিত কালি হাজাৰ হাজাৰ লোকে প্রতিবাদী সমদল উলিয়ায়। প্রতিবাদকাৰীসকলে জনজাতিকৰণৰ উপৰি মজুৰি বৃদ্ধি আৰু ম্যাদিপট্টাৰ দাবী জনায়। সদৌ টাই-আহোম ছাত্র সন্থাৰ কেন...