April 1, 2024 12:47 PM April 1, 2024 12:47 PM

views 23

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণহানি

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ জন লোক আঘাতপ্রাপ্ত হৈছে। প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি পেচাৱাৰ, নাউশ্বেৰা, বাজাউৰ, শ্বাংলা, মানশ্বেৰা, বান্নু, মহমন্দ, মর্দান আৰু উত্তৰ ৱাজেৰি...

April 1, 2024 12:34 PM April 1, 2024 12:34 PM

views 10

আই পি এল ক্রিকেট প্রতিযোগিতাত দেলহি কেপিটেলছৰ চেন্নাই ছুপাৰ কিংছক ২০ ৰানত পৰাজিত

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা বিশাখাপট্টনমৰ ৱাই এছ ৰাজাশেখৰ ৰেড্ডী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছে চেন্নাই ছুপাৰ কিংছক ২০ ৰানত পৰাজিত কৰে। দেশহি কেপিটেলছে নিৰ্ধাৰণ কৰি দিয়া ১৯২ ৰানৰ লক্ষ্যৰে খেলিবলৈ লোৱা চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭০ ৰানহে কৰিব...

April 1, 2024 12:20 PM April 1, 2024 12:20 PM

views 21

মণিপুৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

মণিপুৰৰ বিভিন্ন প্ৰান্তত কালি হোৱা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হোৱাৰ ফলত থাউবালৰ সাপাম লেইকেই আৰু খংজম গাঁৱৰ কেইবাটাও বাসগৃহ, ভৱন তথা বহু খেতিপথাৰ ক্ষতিগ্রস্ত হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত হোৱা মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ আন্তঃগাঁথনি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। গুৱাহাটী বিমানবন্দৰৰ মুধুচৰ এটা...

April 1, 2024 12:03 PM April 1, 2024 12:03 PM

views 13

জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰ

জম্মু কাশ্মীৰত সাহায্য আৰু পুনৰ সংস্থাপন বিভাগে জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰৰ আয়োজন কৰিছে। ১২ চি তথা এম প্ৰ-পত্ৰসমূহৰ থলিতে প্রত্যায়নৰ লগতে প্ৰব্ৰজনকাৰীসকলৰ মাজত ভোটদানৰ আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই সজাগতা শিবিৰসমূহৰ আয়োজন কৰা হৈ...

April 1, 2024 11:52 AM April 1, 2024 11:52 AM

views 15

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় দৃষ্টিগোচৰৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ অনলাইন এপ্লিকেশ্বন মুকলি

ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় আয়োগৰ দৃষ্টিগোচৰ কৰোৱাৰ উদ্দেশ্যে নাগৰিকসকলৰ বাবে এটা অনলাইন এপ্লিকেশ্বন মুকলি কৰিছে। চি ভিজিল নামৰ এই এপ্লিকেশ্বনটোৰ জৰিয়তে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলে সক্ৰিয় আৰু দায়িত্বশীল ভূম...

April 1, 2024 11:56 AM April 1, 2024 11:56 AM

views 41

দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি নতুন দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, কে চি বেনুগোপাল আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। বিহাৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাস...

April 1, 2024 11:13 AM April 1, 2024 11:13 AM

views 27

উত্তৰ প্ৰদেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে কংগ্ৰেছৰ তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ

উত্তৰ প্ৰদেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে কংগ্ৰেছে দলে তাৰকা প্ৰচাৰকসকলৰ এখন তালিকা প্রকাশ কৰিছে। দলৰ সভাপতি মল্লিকার্জুন খার্গে, জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ভদ্রা, ডি কে শিৱকুমাৰ, দিগ্বিজয় সিং, শচীন পাইলট আৰু অন্যান্য সকলৰ নাম এই তালিকাত অন্তৰ্ভুক্ত ক...

April 1, 2024 10:59 AM April 1, 2024 10:59 AM

views 20

দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৃহমন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে ৰাজস্থানলৈ গৈছে। কালি শ্ৰীশ্বাহে ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি জয়পুৰত এখন সাংগঠনিক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত তেওঁ ডাউচা, কাৰাউলি-ধোলপুৰ, নাগৌৰ, চুৰু আৰু ঝুনঝুনু এই পাঁচটা লোকসভা সমষ...

April 1, 2024 10:51 AM April 1, 2024 10:51 AM

views 10

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G-20ৰ কাৰ্যসূচী ৰাজনৈতিক আৰু অর্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণঃ বিদেশ মন্ত্রী জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G-20ৰ কাৰ্যসূচিক ৰাজনৈতিক আৰু অর্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত কালি সভ্যতা ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত দেলহি হেৰিটেজ শীৰ্ষক কাৰ্যসূচীত ভাষণ দি ড০ জয়শংকৰে কয় যে, G-20ত আমাৰ অধ্যক্ষতা সমগ্র দেশে উদযাপন কৰিছে।...

April 1, 2024 10:44 AM April 1, 2024 10:44 AM

views 6

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্রীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ উপলক্ষে আয়োজিত RBI at 90 শীর্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত ৰাজ্য মন্ত্ৰী ভাগৱত কৃষণৰাও আৰু পংকজ চৌ...