April 29, 2024 12:36 PM

views 32

গুৱাহাটীৰ খানাপাৰাত আৰক্ষীৰ বিশেষ কৰ্ম বাহিনীৰ ১২ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ

বিশেষ কৰ্ম বাহিনীয়ে গুৱাহাটীৰ খানাপাৰাত অভিযান চলাই প্রায় ১২ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ কৰে। আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ তদাৰকত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে চলোৱা এই অভিযানত এখন সৰু গাড়ীৰ পৰা হেৰ'ইনখিনি জব্দ কৰিছে। ঘটনা সংক্রান্তত দুজন লোকক আটক কৰা হৈছে। ইপিনে শুল্ক বিভাগ...

April 29, 2024 12:33 PM

views 27

৪টা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা তৃতীয় পর্যায়ৰ ভোটদান প্রক্রিয়া

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ত ভোটগ্রহণ হ'বলগীয়া ৪টা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা ভোটদান প্রক্রিয়া চলি আছে। বৰপেটা জিলাত কালি ৪১ গৰাকী ভোটদাতাৰ বাসগৃহলৈ গৈ ভোটগ্ৰহণ কৰা হয়। জিলাখনত এই প্ৰক্ৰিয়াৰ বাবে গঠন কৰা ১৩টা গোটে ১৪০ গৰাকী ভোটদাতাৰ ঘৰে ঘৰে গৈ ভোটগ্রহণ কৰিব বু...

April 29, 2024 12:29 PM

views 34

গৃহমন্ত্রী অমিত শ্বাহৰ আজি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি ৰাজ্যখনলৈ আহিব। তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। শ্ৰী শ্বাহে আজি মহানগৰত বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ নিৰ্বাচনী সূচীৰ লগত সংগতি ৰাখি...

April 29, 2024 12:25 PM

views 21

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। এই পৰ্যায়ত গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ৭ মে'ত ভোটগ্ৰহণ কৰা হ'ব। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নেতাসকল সম্প্ৰতি প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বি...

April 28, 2024 8:35 PM

views 22

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্ণাটকৰ উত্তৰা কানাড়াৰ চিৰচি আৰু দেৱনাগৰিত নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে বিভিন্ন দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উত্তৰা কানাড়াৰ চিৰচি আৰু দেৱনাগৰিত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্রীমোদীয়ে এখন জনসভাক সম্বোধন কৰি ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ গেৰেণ্টীৰ নিশ্...

April 28, 2024 8:32 PM

views 19

বিজেপিয়ে নির্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছেঃ অমিত শ্বাহ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ কাজগঞ্জ জিলাত নির্বাচনী প্ৰচাৰ চলায়। শ্ৰীশ্বাহে অযোধ্যাৰ প্ৰাণ প্রতিষ্ঠা অনুষ্ঠানত অংশ গ্রহণ নকৰাৰ বাবে বিৰোধী দলক সমালোচনা কৰি কয় যে, বিজেপিয়ে নির্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। শ্ৰীশ্বাহে ৰা...

April 28, 2024 8:29 PM

views 30

কংগ্ৰেছ ক্ষমতালৈ আহিলে নিবনুৱা যুৱকসকলৰ বাবে সংস্থাপন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ওড়িশাৰ কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ চালিপুৰত নির্বাচনী প্ৰচাৰ চলায়। শ্রীগান্ধীয়ে কংগ্ৰেছ ক্ষমতালৈ আহিলে নিবনুৱা যুৱকসকলৰ বাবে সংস্থাপন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পূৰ্বে তেওঁ কটক জিলাৰ সত্যভামাপুৰত উৎকল গৌৰৱ মধুসুধন দাসৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি...

April 28, 2024 8:24 PM

views 22

বিগত দশকত এন ডি এৰ নেতৃত্বত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ তাৎপৰ্য বৃদ্ধি পাইছেঃ ৰাজনাথ সিঙ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, বিগত দশকত এন ডি এৰ নেতৃত্বত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ তাৎপৰ্য বৃদ্ধি পাইছে। গুজৰাটৰ আনন্দ জিলাত এখন নির্বাচনী সভাক সম্বোধন কৰি শ্রীসিঙে কয় যে, কোনো বহিৰাগত শক্তিয়ে ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন উন্নত দেশত পৰিণত হোৱাৰ যাত্ৰাক ৰোধ কৰিব নোৱাৰ...

April 28, 2024 8:20 PM

views 33

বিহাৰৰ গোপালগঞ্জ জিলাত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যৰত দুজন আৰক্ষীৰ মৃত্যু

বিহাৰৰ গোপালগঞ্জ জিলাৰ চিৱালিয়া আৰক্ষী চকীৰ অন্তৰ্গত বৰহিমা বজাৰৰ সমীপত সামগ্ৰী কঢ়িওৱা এখন বাহন আৰু বাছৰ মাজত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যত থকা দুজন আৰক্ষীৰ লোকৰ মৃত্যু হয়। গোপালগঞ্জৰ আৰক্ষী অধীক্ষক স্বর্ণ প্রভাতে কয় যে, নির্বাচন অনুষ্ঠিত হ'বলগীয়া চপৌল জিলালৈ আৰক্ষীৰ লোকক লৈ যোৱা ৩ খন বাছ...

April 28, 2024 8:14 PM

views 35

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰে গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত

জম্মু-কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীৰ সৈতে আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ এটা যুটীয়া দলৰ গুলিয়াগুলীৰ সূত্ৰপাত হয় । নিহত লো...