April 30, 2024 6:24 PM

views 46

খালিস্তানী সন্ত্ৰাসবাদী গুৰপটৱন্ত সিং পন্নুক হত্যাৰ ষড়যন্ত্ৰ ৰচা বুলি ওলোৱা বাতৰি ভাৰতৰ অস্বীকাৰ

ভাৰতে The Washington Post নামৰ বাতৰি কাকতখনত খালিস্তানী সন্ত্ৰাসবাদী গুৰপটৱন্ত সিং পন্নুক হত্যাৰ ষড়যন্ত্ৰ ৰচা বুলি ওলোৱা বাতৰি অস্বীকাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাকতখনত ওলোৱা বাতৰি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছোৱালে ইয়াক গুৰুতৰ বিষয় সন্দৰ্ভত...

April 30, 2024 6:01 PM

views 19

যৌন আতিশয্যৰ ঘটনাৰ অভিযোগত জে ডি এছৰ নেতা প্ৰজ্বল ৰেৱান্নাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ব্যৱস্থা গ্ৰহণৰ দাবী

ৰাষ্ট্ৰীয় মহিলা আয়োগে জে ডি এছৰ নেতা প্ৰজ্বল ৰেৱান্নাৰ সৈতে জড়িত যৌন আতিশয্যৰ ঘটনাৰ অভিযোগ সন্দৰ্ভত কৰ্ণাটকৰ আৰক্ষী সঞ্চালকপ্ৰধানক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই কৰ্ণাটকৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ পত্র লিখি অভিযুক্তজনক আটক কৰিবলৈ কৈছে। তেওঁ ল...

April 30, 2024 5:48 PM

views 14

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ জাননী জাৰি

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ ভুৱা ভিডিঅ' প্ৰচাৰৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে জাননী জাৰি কৰিছে। দিল্লী আৰক্ষী কালি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়, গান্ধী ভৱনলৈ গৈ আইনী কোষৰ অধ্যক্ষ ৰামচন্দ্ৰ ৰেড্ডীক জাননী জাৰি কৰে। নতুন দিল্লী আৰক্ষীৰ উপ-আয়ুক্তৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়াই প্ৰদ...

April 30, 2024 5:41 PM

views 24

কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অভিযোগ

বিজেপিয়ে ৪০০খনতকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটাব বুলি কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অভিযোগ তুলিছে। গুৱাহাটীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে অভিযোগ কৰে। শ্ৰী শ্বাহে কয় যে এই দাবী সঁ...

April 30, 2024 5:26 PM

views 14

বিগত দহ বছৰত ২৫ কোটি জনসাধাৰণ দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে জনসাধাৰণে মোদী চৰকাৰৰ ১০ বছৰ আৰু কংগ্ৰেছ শাসনৰ ৬০ বছৰৰ প্ৰভেদ প্ৰত্যক্ষ কৰিছে। মহাৰাষ্ট্ৰৰ মাচাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত প্ৰধানমন্ত্ৰীয়ে ‘গৰীৱি হতায়েংগে’ ধবনি আও...

April 30, 2024 11:22 AM

views 20

নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে জিলা প্ৰশাসনে

ৰাজ্যত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। সেই অনুসৰি বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাইং স্কোৱাৰ্ড আৰু ...

April 30, 2024 11:17 AM

views 38

গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অভিযোগত কংগ্ৰেছৰ সদস্য গ্ৰেপ্তাৰ

বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটা ভুৱা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে বিতর্কিত মন্তব্য কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে কালি কংগ্ৰেছৰ সদস্য ৰীতম সিঙক গ্রেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। অসম আৰক্ষীয়ে প্ৰ...

April 30, 2024 11:13 AM

views 32

আই পি এল ক্রিকেটত দেলহী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডার্ছৰ জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাত কলকাতাৰ ইডেন গার্ডেনছত কালি অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে। টছত জয়ী হৈ প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা দেলহী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি কলকাতা নাইট ...

April 30, 2024 11:10 AM

views 29

ইউ জি চি নেট পৰীক্ষা অহা ১৬ জুনৰ পৰিৱৰ্তে ১৮ জুনত অনুষ্ঠিত কৰা হ’ব

নেচনেল টেষ্টিং এজেন্সি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি নেট পৰীক্ষা অহা ১৬ জুনৰ পৰিৱৰ্তে ১৮ জুনত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলৰ মতামতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেচনেল টেষ্টিং এজেন্সিয়ে সেই দিনটোত অ' এম আৰ পদ্ধতিৰে সমগ্ৰ দেশত এই পৰীক্ষা অনুষ্ঠিত কৰি...

April 30, 2024 11:07 AM

views 38

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে আজি পুনৰ ভোটগ্রহণ

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে ৬ টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভাৰতীয় নির্বাচন আয়োগে দিয়া এক নিৰ্দেশনাৰ ভিত্তিত পুনৰ ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্রহণ প্রক্রিয়া আবেলি ৪ বজাত সমাপ্ত হ'ব। উল্লেখযোগ্য যে যোৱা ২৬ এপ্রিলত এই ৬...