May 5, 2024 8:51 PM

views 32

USATF মহোৎসৱৰ পুৰুষৰ হাইজাম্প শিতানত ভাৰতৰ তেজস্কিন শংকৰৰ খিতাপ দখল

আমেৰিকাৰ আৰিজোনাৰ টাকচনত অনুষ্ঠিত USATF মহোৎসৱৰ পুৰুষৰ হাইজাম্প শিতানত ভাৰতৰ তেজস্কিন শংকৰে খিতাপ দখল কৰিছে। ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী তেজস্বিনে প্ৰথমটো প্ৰয়াসত ২.২৩ মিটাৰ স্পৰ্শ কৰি শীৰ্ষত স্থান নিশ্চিত কৰে। এই শিতানত আমেৰিকা আৰ্নি চিয়েৰে দ্বিতীয় আৰু মেক্সিকোৰ ৰবাৰ্টো ভিলছেচে তৃতীয় স্থান দখল কৰে...

May 5, 2024 8:48 PM

views 31

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ  ২৮ ৰানত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে পাঞ্জাব কিংছক ২৮ ৰানত পৰাজিত কৰিছে। ধৰ্মশালাৰ হিমাচল প্রদেশ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৬৭ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ৰবীন্দ্ৰ জাদেজাই ২৬ টা বলত সৰ্বাধিক ৪...

May 11, 2024 4:48 PM

views 28

৭ মে’ত অসমকে ধৰি দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। প্ৰচাৰ অভিযানৰ অন্তিম মুহূৰ্তত সকলো ৰাজনৈতিক দলৰ নেতাই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হয় ৷ এই পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহ...

May 5, 2024 8:36 PM

views 74

৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ আগত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নির্বাচন প্ৰক্ৰিয়াৰ সামগ্ৰিক অৱলোকন মুখ্য নির্বাচনী বিষয়া ৰাজীৱ কুমাৰৰ

মুখ্য নির্বাচনী বিষয়া ৰাজীৱ কুমাৰে আজি ৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ আগত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ বিশাল নির্বাচন প্ৰক্ৰিয়াৰ সামগ্ৰিক অৱলোকন দাঙি ধৰে। শ্ৰী কুমাৰে আজি বিয়লি নতুন দিল্লীত ২৩খন দেশৰ নির্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিসকলক সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে...

May 5, 2024 8:31 PM

views 22

বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিবঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি পুনৰ কয় যে, বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সুৰক্ষিত তথা বৃদ্ধি কৰিব। তেওঁ আদিলাবাদৰ জনসাধাৰণক মোদীৰ গেৰাণ্টী আৰু কংগ্ৰেছৰ স্বজন-তোষণৰ ৰাজনীতিৰ মাজৰ যিকোনো এটাক বাচি ল'বলৈ আহ্বান জনায়। আদিলাবাদ...

May 5, 2024 8:26 PM

views 40

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত  ৩৫ মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত আজি ৩৫টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইয়াৰে তিনিটা মাওবাদীৰ শিৰৰ বিনিময়ত পুৰস্কাৰ ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে ডাণ্টেৱাড়া আৰক্ষীয়ে চলোৱা লন ৱাৰাটো কাৰ্যসূচীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই মাওবাদীসকলে আজি আৰক্ষী সঞ্চালকপ্ৰধান তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু আৰক...

May 5, 2024 7:29 PM

views 25

মানস ৰাষ্ট্ৰীয় উদ্যানত ২০ মে’ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২০ মে'ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব বুলি উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে। পুনৰ জাননী নিদিয়া পৰ্যন্...

May 5, 2024 7:24 PM

views 59

প্রাপ্তবয়স্ক অৱস্থাত হাঁহিৰ পৰিমাণ হ্ৰাসৰ বাবে মানৱ শৰীৰত ৰোগ-ব্যাধি বৃদ্ধি পাই বুলি চিকিৎসকৰ মন্তব্য

আজি বিশ্ব হাস্য দিৱস। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ শ্বহীদ বাকৰিত শতাধিক জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ জ্যেষ্ঠ চিকিৎসক ডাঃ শ্যামা প্ৰসাদ শ‍ইকীয়া, প্ৰদীপ বৰুৱা, ডাঃ বিশ্বৰঞ্জন কলিতা, যতিন কোচে মানৱ শৰীৰৰ বাবে হাঁহিৰ উপকাৰিতা সম্পৰ্ক...

May 5, 2024 7:13 PM

views 22

কাৰ্বি সাহিত্য সভাৰ উদ্যোগত ডিফুত দিনজোৰা মত-বিনিময় অনুষ্ঠান

কাৰ্বি সাহিত্য সভা অর্থাৎ কাৰ্বি লামমেত আমেইৰ উদ্যোগত আজি ডিফুত থকা সভাৰ মুখ্য কাৰ্যালয়ত প্রাক্তন সভাপতি, সম্পাদক আৰু সদস্যসকলৰ সৈতে এটা দিনজোৰা মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে সভাৰ সম্পাদক কান্সিং হান্সেৰ পৌৰোহিত্যত আয়োজিত অনুষ্ঠানটোত প্রাক্তন সভাপতি আৰু সম্পাদকসকলৰ লগতে অন্যান্য...

May 11, 2024 5:04 PM

views 12

বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ দুর্গম ভোটগ্রহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল ৰাওনা

তৃতীয় পৰ্যায়ত নির্বাচন হ'বলগীয়া চাৰিটা লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাসমূহৰ যাতায়তৰ ক্ষেত্ৰত দুর্গম ভোটগ্রহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল আজিয়েই আগতীয়াকৈ ৰাওনা হয়। পৰহিলৈ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে আজি বৰপেটা জিলাতো ভোটগ্রহণকাৰী দলসমূহে প্ৰান্তীয় আৰু ভিতৰুৱা ...