November 24, 2025 9:20 AM

views 33

চত্তিশগড় আৰক্ষীৰ দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ

চত্তিশগড় আৰক্ষীয়ে কালি দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ কৰে। নাইমেড আৰক্ষী আৰু কোৱা টু হান্ড্রেড টেন ৰিজেমেণ্টে চলোৱা প্ৰথমটো যুটীয়া অভিযানত কাণ্ডাকা-জাপেলি বনাঞ্চলৰ পৰা বিস্ফোৰকসহ ৫ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে ভূপাল পত্নম আৰক্ষীয়ে ম...

November 24, 2025 9:58 AM

views 30

ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পাছত এখন সংবাদ মেলত মুখ...

November 24, 2025 9:15 AM

views 163

সমগ্ৰ ৰাজ্যতে লাচিত দিৱস পালন

আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰি অহা হয়। এই উপলক্ষে আজি ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱ...

November 24, 2025 9:07 AM

views 48

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তে শপত গ্ৰহণ কৰিব

ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুমুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ন্যায়াধীশগৰাকীক দেশৰ মুখ্য ন্যায়াধীশ হিচাপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূর্য ...

November 24, 2025 9:05 AM

views 50

নতুন দিল্লীত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ ৰ আয়োজন

নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই সন্মিলন মুকলি কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰদৰ্শনী আৰু যুৱ বিজ্ঞানী তথা শিক্ষার্থী সমাৰোহো অনুষ্ঠিত হ'ব। এই সন্মিলনৰ এহেজ...

November 24, 2025 9:01 AM

views 27

জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  কেইবাগৰাকীও বিশ্বনেতাৰ সৈতে বৈঠক

জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কেইবাগৰাকী বিশ্বনেতাৰ সৈতে বৈঠকত মিলিত হয়। শ্রীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেল’নিক সাক্ষাৎ কৰি বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, উদ্ভাৱন, কৃত্রিম বুদ্ধিমত্তা, মহাকাশ আৰু শিক্ষা খণ্ডত সম্পৰ্ক সুদ...

November 23, 2025 8:54 PM

views 32

ৰাজ্যৰ বিভিন্ন জিলাত ছটা জনগোষ্ঠীৰ জনজাতিকৰণ তথা স্বায়ত্ত শাসন আৰু ভূমিপট্টা প্ৰদানৰ দাবীক লৈ প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ বিভিন্ন জিলাত ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতিবাদ অব্যাহত আছে। আজি ওদালগুৰি জিলাত কোচ-ৰাজংবশী ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা প্রদান, ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন, বি টি চিত কোচ-ৰাজবংশীক ভূমিৰ অধিকাৰ প্ৰদানকে ধৰি কেইবা...

November 23, 2025 8:48 PM

views 41

সমাজ সেৱক তথা দেশৰ স্বাধীনতা আন্দোলনৰ সক্রিয় কর্মী সীতানাথ ব্ৰহ্মচৌধুৰীৰ পূণ্য তিথি উপলক্ষে  শ্রদ্ধা নিবেদন

বিশিষ্ট লেখক, কবি, সমাজ সেৱক তথা দেশৰ স্বাধীনতা আন্দোলনৰ সক্রিয় কর্মী সীতানাথ ব্ৰহ্মচৌধুৰীৰ পূণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৮১ আৰু ১৯৮২ চনত অসম সাহিত্য সভাৰ ক্ৰমে তিনিচুকীয়া আৰু ডিফু অধিবেশনত সভাপতি হিচাপে কার্যনির্বাহ কৰা ব্রহ্মচৌধুৰী ১৯৫২ চনত গোৱালপাৰাৰ তেতিয়াৰ গাৰো পাহাৰ সমষ্টিৰ...

November 23, 2025 8:37 PM

views 60

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবলছ শীর্ষক কেন্দ্ৰটোৰ স্থান কৃষি মন্ত্রী অতুল বৰাৰ পৰিদৰ্শন

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত কাইলৈ ইজৰাইলৰ ৰাষ্ট্রদূত বিঅভেন আজাৰৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰিবলগীয়া ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবলছ শীর্ষক কেন্দ্ৰটোৰ স্থান আজি কৃষি মন্ত্রী অতুল বৰাই পৰিদৰ্শন কৰে। অসম ৰাজ্যিক উদ্যান শস্য অভিযানৰ অধীনত ভাৰত-ইজৰাইল কৃষি প্...

November 23, 2025 8:24 PM

views 36

জম্মু-কাশ্মীৰত চূণশিলৰ খনিজ ব্লকৰ প্ৰথমটো নিলাম সোমবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব

জম্মু-কাশ্মীৰত চূণশিলৰ খনিজ ব্লকৰ প্ৰথমটো নিলাম কাইলৈ জম্মুত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। এই অনুষ্ঠানৰ নেতৃত্ব দিব কয়লা মন্ত্রী জি কিষান ৰেড্ডীয়ে। এই উপলক্ষে মুখ্যমন্ত্রী ওমৰ আব্দুল্লা আৰু উপ মুখ্যমন্ত্রী সুৰিন্দৰ কুমাৰ চৌধুৰী উপস্থিত থাকিব। খনি মন্ত্রালয়ে কয় যে, ইয়াৰ দ্বাৰা কেন্দ্ৰ-ৰাষ্ট্ৰৰ শক্তিশালী ...