May 16, 2024 8:27 PM

views 27

বৰপেটাত অসম ক্রিকেট সন্থাৰ প্রতিভাশালী পেচ বলাৰৰ সন্ধানত অনুষ্ঠিত শিবিৰত ৪০০ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ

অসম ক্রিকেট সন্থাই প্রতিভাশালী পেচ বলাৰৰ সন্ধানত আজি বৰপেটা জিলাত এটি শিবিৰ অনুষ্ঠিত কৰে। প্ৰতিভাসম্পন্ন বলাৰসকলক বিচাৰি উলিয়াই তেওঁলোকক উপযুক্ত প্রশিক্ষণ প্ৰদান কৰি দক্ষ খেলুৱৈ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যেৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। জিলা ক্রীড়া সন্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ১৪ বছৰ অনূৰ্ধ্ব, ১...

May 16, 2024 8:26 PM

views 20

ডেৰাডুনত অনুষ্ঠিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত লখিমপুৰৰ পৱিত্ৰ পেগুৰ ব্ৰঞ্জৰ পদক লাভ

উত্তৰাখণ্ডৰ ডেৰাডুনত আয়োজিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ তাৰিয়নি জেংৰাই গাঁৱৰ পৱিত্ৰ পেগুৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাৰ বাবে মনোনীত হৈছে। ৮ৰ পৰা ১২ মে'লৈ ডেৰাডুনত এই সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

May 16, 2024 6:44 PM

views 32

নির্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে দিল্লী বিজেপিৰ নেতা আৰু প্রার্থীৰ প্ৰাতঃভ্ৰমণকাৰীৰ সৈতে মত-বিনিময়

বিজেপিৰ কেইবাগৰাকীও নেতা আৰু দিল্লীৰ সাংসদ প্রার্থীসকলে নির্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি প্ৰাতঃভ্ৰমণকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই কেশৱপুৰমৰ হাটোডা ৰাম পাৰ্কত অঞ্চলটোৰ লোকসকলৰ সৈতে মত-বিনিময় কৰি পোষ্টাৰ আদি বিতৰণ কৰে। উত্তৰ পশ্চিম দিল্লীৰ বিজেপি প্রার্থ...

May 16, 2024 6:42 PM

views 12

মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ১৩টা সমষ্টিত ২৬৪গৰাকী প্ৰাৰ্থীৰ প্রতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মহাৰাষ্ট্ৰত ধুলে, দিন্দোৰি, নাছিক, কল্যাণ, পালঘৰ, ভিৱান্দি, থানে, মুম্বাই উত্তৰ, মুম্বাই উত্তৰ-পশ্চিম, মুম্বাই উত্তৰ-পূব, মুম্বাই উত্তৰ-মধ্য, মুম্বাই দক্ষিণ-মধ্য আৰু মুম্বাই দক্ষিণ- এই ১৩টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত ২৬৪গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত...

May 16, 2024 6:40 PM

views 14

বিজেপিয়ে সংৰক্ষণ ব্যৱস্থাৰ সমাপ্তিৰ লগতে সংবিধান পৰিৱৰ্তনৰ বাবেই ৪০০খনতকৈও অধিক আসন বিচাৰেঃ অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে বিজেপিক আক্ৰমণ কৰি কয় যে সংৰক্ষণ ব্যৱস্থাৰ সমাপ্তিৰ লগতে সংবিধান পৰিৱৰ্তন কৰিব বিচাৰে বাবেই গেৰুৱা দলটোৱে লোকসভা নিৰ্বাচনত ৪০০খনতকৈও অধিক আসন বিচাৰে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে তেওঁ লক্ষ্ণৌত যুটীয়াভাৱে এখন সংবাদ মেলত ভ...

May 16, 2024 6:39 PM

views 30

ছিকিমৰ ৪৯সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে জনসাধাৰণক ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছিকিমৰ ৪৯সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰকৃতিৰ বৰদানেৰে সমৃদ্ধ ছিকিমৰ সৌন্দৰ্য্য ৰাজ্যখনৰ বৰফেৰে আবৃত পর্বতৰ শিখৰ, ঘন বননি আৰু জলপ্ৰপ...

May 16, 2024 6:37 PM

views 22

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া ভ্ৰমণসূচীৰে চীনত উপস্থিত

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি পুৱা চীনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি হিচাপে পঞ্চমটো কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীপুটিনৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ। বিমানবন্দৰত চীনৰ চৰকাৰী বিষয়াসকলে শ্রীপুটিনক আদৰণি জনায়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে প্ৰকাশ কৰা মতে শ্রীপুটিনে আজি...

May 16, 2024 6:35 PM

views 30

শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো গুলীবিদ্ধ, প্ৰধানমন্ত্ৰী মোদীৰ কাপুৰুষালি আখ্যা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো গুলীবিদ্ধ হোৱা বাতৰিটোত আশ্চৰ্য প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোডীয়ে এই ঘটনাক কাপুৰুষালি বুলি আখ্যা দি প্ৰধানমন্ত্ৰীগৰাকীৰ আশুআৰোগ্য কামনা কৰিছে। তেওঁ কয় যে ভাৰত শ্লোভাকিয়াৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় হৈ আছে।

May 16, 2024 6:34 PM

views 28

ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীৰ অৱসৰৰ কথা ঘোষণা

ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীয়ে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত খেলুৱৈগৰাকীয়ে কয় যে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে খেলিবলগীয়া খেলখন হ'ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন খেল। ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বৰ্তমানৰ অধিনায়ক চেত্ৰীয়ে ২০০৫ চনৰ ১২ ...

May 16, 2024 6:32 PM

views 21

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। হায়দৰাবাদে বৰ্তমানলৈকে ১৪ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। শুভমন গিল ন...