May 20, 2024 8:33 PM

views 25

বিদ্যালয় এৰা শিক্ষাৰ্থীক পুনৰ বিদ্যালয়লৈ প্ৰত্যাৱৰ্তনৰ বাবে জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বিশেষ পদক্ষেপ

বিভিন্ন কাৰণত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীসকলক পুনৰ বিদ্যালয়লৈ প্ৰত্যাৱৰ্তনৰ বাবে মৰিগাঁও জিলাৰ জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। পাঠ আমি পঢ়িমেই, দেশ আমি গঢ়িমেই শীর্ষক শ্লোগানেৰে সমবায় সমিতিখনে অভিযানৰ অংশ হিচাপে ইতিমধ্যে ৩০ গৰাকী শিক্ষাৰ্থীক বিনামূলীয়া...

May 20, 2024 8:32 PM

views 21

কাছাৰ জিলাৰ ফুলেৰতালত কুঁৱাত পৰি তিনিজন লোকৰ মৃত্যু

কাছাৰ জিলাৰ ফুলেৰতালত কুঁৱাত আবদ্ধ হৈ মৃত্যু হোৱা তিনিজন লোকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত লোক কেইজন মনজিত দেৱ, প্রসেনজিত দেৱ আৰু অমিত সেন বুলি চিনাক্ত কৰা হৈছে। কুঁৱাটোত পৰি যোৱা এটা কুকুৰাক উদ্ধাৰ কৰিবলৈ যাওঁতে এই ঘটনাটো সংঘটিত হয়। এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অভিযান চলাই লোক তিনিজনক উদ্ধাৰ কৰ...

May 20, 2024 6:49 PM

views 20

লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ, প্ৰধানমন্ত্ৰী মোদীৰ কেইবাটাও সমদলত অংশগ্ৰহণ

লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে ৰাজ্যসমূহত ৰাজহুৱা সভা আৰু ৰোড শ্ব’ত অংশগ্রহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলক উৎসাহিত কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগত আজি কেইবাটাও সমদলত অংশগ্রহ...

May 20, 2024 6:43 PM

views 25

কংগ্ৰেছে সময়ে সময়ে ভাৰতীয় সংবিধানক অৱমাননা কৰা বুলি দোষাৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে ভাৰতীয় সংবিধানক অৱমাননা কৰা বুলি কংগ্ৰেছক দোষাৰোপ কৰিছে। দূৰদৰ্শনত দিয়া এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে তেওঁ বি আৰ আম্বেদকাৰ আৰু সাংবিধানিক কমিটীৰ আন সদস্যসকলক লৈ এনে এখন সংবিধান প্ৰস্তুত কৰাৰ বাবে সন্মান জনাইছে, যিখন...

May 20, 2024 6:42 PM

views 19

ইৰানৰ ৰাষ্ট্ৰপতি-বৈদেশিক মন্ত্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰৰ শোক প্ৰকাশ

ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ভাৰত-ইৰানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। প্ৰধানমন্ত্ৰ...

May 20, 2024 6:39 PM

views 16

উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু নয়দাত অতিমাত্ৰা গ্ৰীষ্মপ্ৰৱাহৰ বাবে বিদ্যালয়সমূহৰ অংকুৰৰ পৰা অষ্টম শ্ৰেণীলৈ বন্ধ

অতিমাত্ৰা গ্ৰীষ্মপ্ৰৱাহৰ বাবে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু নয়দাত অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে। গাজিয়াবাদত ২৫ মে’লৈকে শ্ৰেণীসমূহ বন্ধ হোৱাৰ বিপৰীতে নয়দাত পৰৱৰ্তী নির্দেশ নিদিয়াপর্যন্ত বিদ্যালয়সমূহ বন্ধ থাকিব। জিলাৰ শিক্ষা বিভাগে কেন্দ্রীয় মাধ্যমিক শিক্ষা ব'ৰ্ড, T...

May 20, 2024 6:37 PM

views 29

পেৰিছৰ ষ্টেড ৰোলাঁ গাৰোত আৰম্ভ ফ্রেন্স অপেন ২০২৪ টেনিছ টুর্নামেণ্ট

ফ্রেন্স অপেন ২০২৪ টেনিছ টুর্নামেণ্ট আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাঁ গাৰোত আৰম্ভ হয়। ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগালে পুৰুষৰ ছিংগলছৰ মূল ড্র’ খেলত স্থান নিশ্চিত কৰিছে। ২০১৯ চনত প্ৰাজনেছ গুনেশ্বৰণৰ পাছত ফ্রেন্স অপেন মূল ড্ৰ’ৰ বাবে কোৱালিফায়াৰ কৰা সুমিত নাগাল হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। এই টুর্নামেণ্ট...

May 20, 2024 6:35 PM

views 30

গুৱাহাটীত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখন বৰষুণৰ বাবে বাতিল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ চাৰে ৩ ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে প্ৰথমে বলিং কৰাৰ সি...

May 20, 2024 1:10 PM

views 29

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি

হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যু হোৱা ঘটনাত প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰেও এই খবৰ পাই স্তম্ভিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে। ডº জয়শংকেৰ তেওঁলোকৰ সৈতে যোৱা জানুৱাৰী মাহত হোৱা স...

May 20, 2024 1:01 PM

views 37

পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ত নিছাদ কুমাৰ আৰু প্ৰীতি পলৰ পদক অৰ্জন

জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ৰ তৃতীয় দিনা কালি ভাৰতৰ নিছাদ কুমাৰে ৰূপৰ পদক আৰু প্ৰীতি পলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। নিছাদ কুমাৰে পুৰুষৰ হাই জাম্প T47 শাখাত ফাইনেলত এক দশমিক ৯-৯ মিটাৰৰ আকৰ্ষণীয় প্রদর্শনেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে প্রীতি পলে মহিলাৰ ২০০ মিটা...