May 22, 2024 8:24 PM

views 14

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টি সন্দৰ্ভত সভা

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ আলোচনাৰ বাবে এখন সভা অনুষ্ঠিত হয়। সভাত জিলা প্রশাসন, তথ্য আৰু জনসংযোগ, জলসিঞ্চন, নগৰ উন্নয়ন, কৃষি, মীন বিভাগ আদিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। এই ...

May 22, 2024 8:22 PM

views 17

বোকাখাতৰ কৃষকৰ ৫ কোটি ২৪ লাখ টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ

গোলাঘাট জিলাৰ বোকাখাতৰ কৃষকসকলে চলিত বছৰত ৫ কোটি ২৪ লাখ টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিছে। বিগত বছৰত বোকাখাতৰ কৃষকসকলে ২ কোটি টকা মূল্যৰ ৰঙালাও প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছিল। কৃষিমন্ত্ৰী অতুল বৰাৰ তত্ত্বাৱধানত ৰাজ্যৰ কৃষি বিভাগে এই কৃষকসকলৰ দ্বাৰা উৎপাদন কৰা ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণ কাৰ্যৰ শুভ...

May 22, 2024 8:20 PM

views 20

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাৰ সামৰণি

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাৰ আজি সামৰণি পৰিছে। মহাবিদ্যালয়খনৰ পৰিৱেশ কোষৰ উদ্যোগত আয়োজিত এই দুদিনীয়া কৰ্মশালাত পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন, প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, কেঁচুসাৰ প্ৰস্তুতকৰণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা আ...

May 22, 2024 8:19 PM

views 24

গুৱাহাটীৰ ফাঁচীবজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান খাদ্য সুৰক্ষা বিভাগৰ অভিযান, আমৰ নমুনা সংগ্ৰহ

খাদ্য সুৰক্ষা বিভাগে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান চলায়। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এটা দলে কৃত্ৰিমভাৱে পকোৱা আম বিচাৰি ফাঁচীবজাৰৰ প্ৰায় প্ৰতিখন ফলৰ দোকানত অভিযান চলায়। এই অভিযানত কাৰ্বাইড ব্যৱহাৰ কৰা প্ৰায় এক কুইণ্টল আম দলটোৱে নষ্ট কৰে। তদুপৰি দল...

May 22, 2024 8:17 PM

views 17

যোৰহাটৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে আজি যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৰহাট জিলাৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত স্থানীয় ছাত্র-ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এখন সভা অনুষ্ঠিত কৰা হয়। সভাত প্ৰতিষ্ঠা...

May 22, 2024 6:54 PM

views 15

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কেইবাগৰাকীও ষ্টার্টআপ প্ৰতিষ্ঠাপকৰ উদ্যমী যাত্ৰাক প্ৰশংসা

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেইবাগৰাকীও ষ্টার্টআপ প্ৰতিষ্ঠাপকৰ উদ্যমী যাত্ৰাক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বার্তাত শ্রীমোদীয়ে সফল ষ্টার্টআপ প্ৰতিষ্ঠানৰ কেইগৰাকীমান সফল উদ্যমীৰ বিষয়ে ভিডিঅ’ প্ৰচাৰ কৰি কয় যে, কষ্ট কৰিলে সফলতাৰ শীৰ্ষত আৰোহন কৰিব পৰা যায়। শ্রীমোদীয়ে লগতে ...

May 22, 2024 6:53 PM

views 35

আম আদমী পাৰ্টী আৰু দিল্লীৰ জনসাধাৰণৰ বিৰুদ্ধে বিজেপি ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ‘আপ’ৰ নেতৃত্বৰ অভিযোগ

ভাৰতীয় জনতা পাৰ্টী, আম আদমী পাৰ্টী (আপ) আৰু দিল্লীৰ জনসাধাৰণৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আপৰ নেতৃত্বই অভিযোগ কৰিছে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ভাষণ দি দলটোৰ জ্যেষ্ঠ নেত্ৰী আতিশীয়ে কয় যে, দেশৰ ৰাজধানীত জলসংকট সৃষ্টি কৰাৰ উদ্দেশ্যে বিজেপিয়ে দিল্লীলৈ পানী বোৱাই অনাৰ পথ ৰোধ কৰিছ...

May 22, 2024 6:52 PM

views 30

ইজৰাইলক গাজা অভিমুখে চিকিৎসা সামগ্রী যোগানৰ অৱৰোধ প্ৰত্যাহাৰৰ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ এধানম ঘেব্ৰেয়েছছৰ

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মুৰব্বী টেড্ৰছ এধানম ঘেব্ৰেয়েছছে গাজা অভিমুখে চিকিৎসা সামগ্রী যোগানৰ অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ ইজৰাইলক আহ্বান জনাইছে। যুদ্ধবিধ্বস্ত এলেকাটোত প্রায় ৭০০ গৰাকী গুৰুতৰভাৱে অসুস্থ ৰোগী আৱদ্ধ হৈ থকা বুলি প্ৰকাশ কৰি তেওঁ এইদৰে আহ্বান জনায়। জেনেভাত এখন সংবাদমেলত অংশগ্ৰহণ কৰি W...

May 22, 2024 6:51 PM

views 15

দেশৰ সামুদ্রিক সীমান্তক সুৰক্ষিত ৰখাৰ স্বাৰ্থত নৌসেনা বাহিনী সততে প্ৰস্তুত হৈ থকাৰ বিষয়টোত গুৰুত্ব মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ

নৌসেনা বাহিনীৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে, দেশৰ সামুদ্রিক সীমান্তক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ভাৰতীয় নৌসেনা বাহিনী সততে প্ৰস্তুত হৈ থকাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত অৱস্থিত নৌসেনা বাহিনীৰ মুখ্য কাৰ্যালয়ত নতুনকৈ নিযুক্তি লাভ কৰা বিষয়াসকলক সম্বোধন কৰি এডমিৰেল ত্রিপাঠীয়ে ...

May 22, 2024 6:49 PM

views 19

যোৰহাট-লখিমপুৰ জিলাত প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি

প্রচণ্ড গৰমৰ বাবে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। অহা ১ জুনৰ পুৱা ৮ বজাৰ পৰা প্ৰতিখন বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হ'ব। আনহাতে, প্রাথমিক পৰ্যায়ত ১২.৩০ বজালৈ, মধ্য প্রাথমিকত ১ বজালৈ, উচ্চ আৰু উচ্চ মাধ্যমিক পৰ্যায়ত ১.৩০ বজালৈ পাঠদান চলিব। লখিমপুৰ জিলা প্রশাসনেও গ্রীষ্ম প্ৰৱ...