May 25, 2024 12:11 PM

views 21

ক্রীড়া কোটাৰ অধীনত পুৰুষ-মহিলাৰ ২৪টা পদৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিযুক্তিৰ অধিসূচনা প্রকাশ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ক্রীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ কৰিছে। ভাৰতীয় নাগৰিক আৰু যোগ্যতাৰ সকলো মাপকাঠি পূৰ্ণ কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে এই আবেদন দাখিল কৰিব পাৰিব। এই নিযুক্তি লেবেল একৰ পৰা পঞ্চমলৈকে বিভিন্ন পদৰ বাবে হ'ব । পদসমূহৰ বাবে ...

May 25, 2024 12:07 PM

views 28

আজিৰ দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুন্নাপ্ৰসাদ গুপ্তা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস...

May 25, 2024 12:03 PM

views 33

ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তি অহা ২৭ মে’ত সমর্থ প’ৰ্টেলৰ জৰিয়তে আৰম্ভ

ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তি অহা ২৭ মে'ত সমর্থ প'ৰ্টেলৰ জৰিয়তে আৰম্ভ হ'ব। এই সন্দৰ্ভত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম, ৫ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব...

May 25, 2024 11:54 AM

views 20

প্রচণ্ড গৰমৰ বাবে অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ত পাঠদানৰ সময়সূচী সাল-সলনি

প্রচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল-সলনি কৰা হৈছে। বঙাইগাঁও, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি বঙাইগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা ১০ বজালৈ আৰু মধ্...

May 25, 2024 11:42 AM

views 33

আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ ফাইনেলত প্ৰৱেশ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ৰাজস্থান ৰয়েলছে ১৭৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবল...

May 25, 2024 11:38 AM

views 28

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ Sunflowers were the first ones to know’ শীর্ষক ছবিখনৰ ‘লা চিনেফ’ বঁটা লাভ

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ছাত্ৰ চিদানন্দ এছ নাইক আৰু তেওঁৰ দলৰ Sunflowers were the first ones to know' শীর্ষক ছবিখনে 'লা চিনেফ' বঁটা লাভ কৰিছে। বুধবাৰে মহোৎসৱস্বীত ভাৰতীয় চলচ্চিত্ৰখনক আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হয়। ছবিখনৰ পৰিচালনা চিদানন্দ এছ ন...

May 25, 2024 11:32 AM

views 28

ঘূৰ্ণী বতাহত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটী NCMC য়ে বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ল'বলগীয়া প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি কেবিনেট সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত এখন বৈঠকত মিলিত হয়। বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে বংগোপ সাগৰৰ মধ...

May 25, 2024 11:27 AM

views 31

ৰেমাল নামৰ ঘূৰ্ণী বতাহজাক কাইলৈ পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমাল নামৰ ঘূৰ্ণী বতাহজাকে কাইলৈ প্রচণ্ড ঘূৰ্ণী বতাহৰৰূপত পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপ বলয়ে কালি প্রতি ঘণ্টাত ৮ কিলোমিটাৰ বেগেৰে উত্তৰ-উত্তৰ পূব দিশে গতি কৰে আৰু স...

May 25, 2024 11:20 AM

views 20

ভোটদানৰ হাৰৰ তথ্য আপলোড কৰাৰ বাবে নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে এইবাৰৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতিটো পৰ্যায়ৰ পাছত নিৰ্বাচন আয়োগৰ ৱেবছাইটত ভোটগ্রহণ কেন্দ্ৰ ভিত্তিক ভোটদানৰ হাৰৰ তথ্য আপলোড কৰাৰ বাবে আয়োগক নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ দীপাংকৰ দত্তা আৰু সতীশ চন্দ্ৰ শৰ্মাক লৈ গঠিত এখন অৱকাশকালীন বিচাৰপীঠে কালি বিষয়টোৰ শুনানি স্...

May 25, 2024 11:05 AM

views 20

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে আৰম্ভ হৈছে। এই পৰ্যায়ত ৫৮টা সমষ্টি সামৰি লোৱা হৈছে। ইয়াৰে ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০টা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ছটা, উত্তৰ প্ৰদেশৰ ১৪টা, পশ্চিমবংগৰ ৮টা আৰু জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। এই পৰ্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা উল্লেখযো...