June 8, 2024 1:29 PM

views 32

বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছেঃ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ইনটান শ্বীপ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৬২ চনত শেষবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহেৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচ...

June 8, 2024 1:22 PM

views 21

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ

প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭.১৫ মিনিটত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব। ইয়া...

June 7, 2024 8:18 PM

views 23

খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত নেডাৰলেণ্ডছৰ এগৰাকী প্ৰতিনিধিৰ সৈতে দেৱাশিষ শৰ্মাৰ বৈঠক

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত নেডাৰলেণ্ডছৰ এগৰাকী প্ৰতিনিধিৰ সৈতে আজি এখন বিশেষ বৈঠকত মিলিত হয়। নেডাৰলেণ্ডছৰ প্ৰতিনিধিগৰাকীয়ে গছপুলি ৰোপণৰ জৰিয়তে প্ৰাকৃতিক উপায়েৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা সন্দৰ্ভত বিশেষ ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে, আয়ুক্তগৰাকীয়ে আজ...

June 7, 2024 8:16 PM

views 31

আকাশবাণী দৃষ্টিপাত অনুষ্ঠানত কাইলৈ মোদীৰ তৃতীয় কার্যকাল বিষয়ত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত মোদীৰ তৃতীয় কার্যকাল বিষয়ত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

June 7, 2024 8:15 PM

views 27

মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবামত সান্ধ্য আইন জাৰি

চৰকাৰে যোৱানিশাৰেপৰা আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবামত সান্ধ্য আইন জাৰি কৰিছে। পামলৈ বুলি যোৱা এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰেপৰা অঞ্চলটোৰ পৰিস্থিতি বেয়াৰ পিনে ঢাল খাইছে। ইয়াৰ উপৰি একাংশ দুৰ্বৃত্তই যোৱানিশা দুটা ভিন ভিন সম্প্ৰদায়ৰ কেইটামান বাসগ...

June 7, 2024 8:13 PM

views 30

নীট অনিয়ম সম্পৰ্কীয় অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মল্লিকার্জুন খাৰ্গেৰ

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ আৰু প্ৰৱেশ পৰীক্ষা, নীটৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি উঠা অভিযোগৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। শ্ৰী খার্গেই আজি সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ তত্বা...

June 7, 2024 8:10 PM

views 26

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনটো আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত বুলি মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষণ ড° বাবাচাহেব আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে আজি কয় যে একমাত্ৰ সংবিধানৰ বাবে তেওঁৰ নিচিনা দুখীয়া আৰু অনগ্ৰসৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এজন লোকেও দেশৰ প্ৰতি সেৱা আ...

June 7, 2024 8:09 PM

views 27

অহা নৱেম্বৰ-ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত

ৰাজ্যত অহা নৱেম্বৰ-ডিচেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। লোকসভা নির্বাচন প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধক্ষ্যতাত কালি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছতেই অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, নিৰ্...

June 7, 2024 8:06 PM

views 25

আজিৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্য মন্থন ১২ শীর্ষক কর্মশালা

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য মন্থন ১২ শীর্ষক এখন কর্মশালা তথা পর্যালোচনা সভা অনুষ্ঠিত হয়। কর্মশালাখন উদ্বোধন কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ড° এম এছ লক্ষ্মীপ্রিয়াই ২০২৩-২৪ বি...

June 7, 2024 8:04 PM

views 26

বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সভা অনুষ্ঠিত

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ উদ্যোগত আয়োজিত এই সভাত স্বাস্থ্য বিভাগৰ লগতে আন কেইবাটাও বিভাগৰ বিষয়া- কৰ্মচাৰীয়ে অং...