June 29, 2024 8:43 PM

views 25

ভূটানত অনুষ্ঠিত ইণ্ডো-ভূটান কুংফু-ৱুচু প্ৰতিযোগিতাত বাক্সাৰ বিজন বসুমতাৰীৰ সোণ, চোমদন বসুমতাৰীৰ ৰূপৰ পদক লাভ

ভূটানত অনুষ্ঠিত ইণ্ডো-ভূটান কুংফু-ৱুচু প্ৰতিযোগিতাত বাক্সাৰ দুগৰাকী খেলুৱৈয়ে পদক লাভ কৰিছে। প্ৰতিযোগিতাত বিজন বসুমতাৰীয়ে সোণৰ পদক আৰু চোমদন বসুমতাৰীয়ে ৰূপৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে অসম কুংফু ফেডাৰেচনৰ সহযোগত এই প্রতিযোগিতাত জিলাখনৰ তিনিগৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিছিল।

June 29, 2024 6:46 PM

views 18

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন-কৰ্মভিত্তিক ৩খন গ্ৰন্থ উন্মোচন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্মক সামৰি ৰচনা কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰিব। শ্রীনাইডুৰ ৭৫ বছৰীয়া জন্মদিনৰ লগত সংগতি ৰাখি গ্ৰন্থ তিনিখন উন্মোচন কৰিবলৈ লোৱা হৈছে। হায়দৰাবাদৰ গাছিবউলিৰ অন্বয়া প্ৰেক্ষাগৃহত ...

June 29, 2024 6:49 PM

views 18

আকাশবাণীত কাইলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১১সংখ্যক খণ্ড। আনহাতে শ্রীমোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব মন কী বাতৰ প্ৰথমটো খণ্ড। আকাশবাণী-দ...

June 29, 2024 6:43 PM

views 17

দিল্লী আৰু উত্তৰ প্ৰদেশৰ পূব-পশ্চিম অংশ, ৰাজস্থান, হাৰিয়ানা, মধ্যপ্রদেশ, চত্তিশগড়কে ধৰি কেতবোৰ অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰৱেশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে যে, দিল্লী আৰু উত্তৰ প্ৰদেশৰ পূব-পশ্চিম অংশৰ লগতে ৰাজস্থান, হাৰিয়ানা, মধ্যপ্রদেশ, চত্তিশগড়, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ আৰু উত্তৰাখণ্ডৰ কেতবোৰ অংশত দক্ষিণ-পশ্চিম মৌচুমী আগতীয়াকৈ প্ৰৱেশ কৰিছে। বিভাগে জনোৱা অনুসৰি ইয়াৰ প্ৰভাৱত আজি হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, হা...

June 29, 2024 6:42 PM

views 17

লাডাখৰ দাউলট বেইগ ওল্ডি অঞ্চলত টি-৭২ টেংক পানীত ডুবি ৫জন সেনা জোৱানৰ মৃত্যু

লাডাখৰ দাউলট বেইগ ওল্ডি অঞ্চলত মন্দিৰ মাৰ্গ প্ৰকৃত নিয়ন্ত্ৰত ৰেখাৰ কাষত এখন টি-৭২ টেংক পানীত ডুবি পাঁচজন সেনা জোৱানে প্ৰাণ হেৰুৱাইছে। যোৱা নিশা টি-৭২ টেংকখন ছিয়ক নদী পাৰ হোৱা সময়ত দুর্ঘটনাটো সংঘটিত হয়। লেহৰ ভাৰতীয় সেনাবাহিনীৰ মুখপাত্রই এটা বিবৃতিত প্ৰকাশ কৰা মতে ২৮ জুনৰ নিশা পূব লাডাখৰ চাছেৰ ব্...

June 29, 2024 6:40 PM

views 20

লাডাখত টেংক ডুবি ৫জন সেনা জোৱানৰ মৃত্যুত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গভীৰ শোক প্ৰকাশ

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখৰ ছিয়ক নদীত টেংক ডুবি মৃত্যু হোৱা পাঁচজন সেনা জোৱানৰ দুৰ্ভাগ্যজনক দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়াৰ এটা পোষ্টত শ্ৰীসিঙে কয় যে, দেশৰ প্ৰতি বীৰ সৈনিকসকলৰ দৃষ্টান্তমূলক সেৱা দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সম...

June 29, 2024 6:38 PM

views 16

টেক্সাছত চলি থকা ইউ এছ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ছেমিফাইনেলত ভাৰতৰ মালবিকা বেনছ’ড

ভাৰতৰ মালবিকা বেনছ’ডে টেক্সাছত চলি থকা ইউ এছ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ কিৰষ্টি গীলমোৰক ১০-২১, ২১-১৫, ২১-১০ গেমত পৰাজিত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি নিশা জাপানৰ নাটছুকি নিডাইৰাৰ বিৰুদ্ধে ছেমিফাইনেল খেলিব। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিং...

June 29, 2024 6:37 PM

views 27

তামিলনাডুৰ ভিৰধুনগৰৰ চাট্টুৰৰ আতচবাজী কাৰখানাত বিস্ফোৰণ, ৪জন নিহত

তামিলনাডুৰ ভিৰধুনগৰৰ চাট্টুৰৰ এটা আতচবাজী কাৰখানাত হোৱা বিস্ফোৰণত ৪জন ব্যক্তি নিহত হৈছে। কাৰখানাটোত ৫০জন শ্রমিক আতচবাজী প্ৰস্তুতৰ কামত নিয়োজিত হৈ আছিল। জানিব পৰা মতে আতচবাজী প্ৰস্তুতৰ বাবে বিভিন্ন ৰাসায়নিক দ্রব্য সংমিশ্ৰণৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। কাৰখানাটোৰ মুঠ কোঠাৰ ৩টা কোঠা বিস্ফোৰণৰ ফল...

June 29, 2024 6:35 PM

views 31

শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে শোণিতপুৰত ২৩ৰ পৰা ২৭ জুলাইলৈ অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশ

ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাৱেশ অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহ...

June 29, 2024 6:34 PM

views 19

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকা

ভাৰত আজি বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে দক্ষিণ ...