July 11, 2024 12:52 PM

views 19

মালুৱা কান্দিগ্রাম অঞ্চলত কৰিমগঞ্জ আৰক্ষীৰ অভিযানত এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে কালি সন্ধিয়া মালুৱা কান্দিগ্রাম অঞ্চলত অভিযান চলাই এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত উদ্ধাৰ হোৱা মাদক দ্রব্যখিনিৰ মূল্য আনুমানিক ২ কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বদৰপুৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা অ...

July 11, 2024 12:49 PM

views 27

ব্ৰাৱো অ’পেন চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটোৱে জাৰ্মানীৰ ব্ৰৌংশ্বিগত অনুষ্ঠিত ব্ৰাৱো অ'পেন চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। শীর্ষ বাছনিপ্রাপ্ত শ্ৰীৰাম আৰু গোঞ্জালোৰ যুটীটোৱে কালি বিয়লি প্রি-কোৱাৰ্টাৰ ফাইনেলত বলিভিয়াৰ বোৰিছ এৰিয়াছ আৰু ফেড...

July 11, 2024 12:42 PM

views 30

পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাব’ৱেক ২৩ ৰাণত পৰাস্ত ভাৰতৰ

ভাৰতে কালি হাৰাৰে স্প'ৰ্টছ ক্লাবত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাব’ৱেক ২৩ ৰাণত পৰাস্ত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ য়শস্বী জয়ছোৱালে ২৭ টা বলত ৩৬ ৰান, শুভমন গীলে ৪৯ টা বলত ...

July 11, 2024 12:40 PM

views 32

ইংলেণ্ড, ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

ইংলেণ্ড, ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ডটমণ্ডত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডে নেডাৰলেণ্ডছক ২-১ গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। দলটোৰ হৈ অংলি ৱাটকিনছে নির্ণায়ক গ'লটো দিয়ে। ইংলেণ্ড দলৰ অধিনায়ক হেৰি কেনে খেলৰ প্ৰথমাৰ্ধত প্ৰথমটো গ'ল কৰে। নেডাৰলেণ্ডছৰ হৈ ...

July 11, 2024 12:20 PM

views 20

কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সাংসদ পৰিমল শুক্লবৈদ্যৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিৰ সৈতে বৈঠক

■ সাংসদ পৰিমল শুক্লবৈদ্যই কালি কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিৰ সৈতে এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সাংসদগৰাকীয়ে সকলো প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কাছাৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চ...

July 11, 2024 12:12 PM

views 33

ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

● মীন মন্ত্ৰী কেশৱ মহন্তই কালি ৰহাৰ অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্য চৰকাৰৰ মীন বিভাগ তথা নাবাৰ্ডৰ সহযোগত মীন মহাবিদ্যালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যত মীন পালনৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তদুপৰি কৃষকসকলৰ ম...

July 11, 2024 12:07 PM

views 31

টাটা টেকন’লজি, টাটা ষ্টীল তথা লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

● দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি টাটা টেকন'লজি, টাটা ষ্টীল তথা লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত দক্ষতা বিকাশ উন্নত কৰাৰ উদ্দেশ্যে টাটা টেকন'ল'জিৰ সহযোগত ৬১ খন পলিটেকনিক্ তথা আই টি আই প্রতিষ্ঠানক উৎকৰ্ষতাৰ কেন্...

July 11, 2024 11:52 AM

views 22

কেন্দ্ৰীয় চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ হকে প্রয়াস চলাই আছে

● স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এইবুলি স্পষ্ট কৰি দিছে যে চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা বৰ্তমানৰ জিলা আৰু ৰেফাৰেল চিকিৎসালয়সমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰি যাব। কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰই এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ...

July 11, 2024 10:15 AM

views 26

অষ্ট্ৰিয়া ভ্রমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্রসূ বুলি অভিহিত প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰিয়া ভ্রমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্রসূ বুলি অভিহিত কৰিছে। তেওঁ লগতে এই ভ্রমণে দুয়ো দেশৰ মাজৰ বন্ধুত্ব এনাজৰী অধিক সুদৃঢ় কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ ভিয়েনাত ভিন ভিন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই সুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে চেন্সেলৰ কাৰ্ল নেহমৰ,...

July 11, 2024 10:12 AM

views 17

দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ পৰা দিহা-পৰামৰ্শ ল'ব। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও...