July 11, 2024 8:57 PM

views 34

বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে দিল্লীত প্রধানমন্ত্রী মোদীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত মত-বিনিময় কৰে। শ্ৰীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্রহণ কৰে। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলো এই বৈঠকত উপস্থিত থাকে। বৈঠকত নীতি আয়োগৰ উপ...

July 11, 2024 8:54 PM

views 17

সম্প্ৰতি ৰাজ্যৰ ৮৬টা ৰাজহ চক্ৰৰ ২,৫০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে

ৰাজ্যৰ কেইবাখনো জিলাত বতৰ ফৰকাল হোৱাৰ বাবে বাঢ়নি পানী হ্ৰাস পাইছে যদিও এতিয়াও ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৮৬টা ৰাজহ চক্ৰৰ ২,৫০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক ...

July 11, 2024 8:48 PM

views 16

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিতৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দিছপুৰত অনুষ্ঠিত এখন বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজোৰীয়া, সচিব তেজপ্ৰসাদ ভূষালৰ...

July 11, 2024 8:44 PM

views 29

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু ছেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা ৩ দিনীয়াকৈ মাণ্ডলিক সন্মিলন অনুষ্ঠিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' আৰু ছেণ্ট্ৰেল ব্যুৰ' অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে। পি আই বি আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি দ্বিতীয়দিনা চি বি চিব গোটসমূ...

July 11, 2024 8:41 PM

views 25

গুৱাহাটী মহানগৰক পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প

গুৱাহাটী মহানগৰীৰ জনসাধাৰণ নিৰাপত্তা তথা মহানগৰীখন পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰায় ২৫ কোটি টকা ব্যয়ৰে ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প লৈছে। ইয়াৰ বাবে মহানগৰীখনৰ ষ্ট্রীট লাইট নথকা এহেজাৰ ৫২০টা পথ আৰু উপ-পথ চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ত আলংকাৰিক লাইট আৰু অধিক উ...

July 11, 2024 8:32 PM

views 20

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গোলাঘাট জিলাত বিশেষ কার্যসূচী অনুষ্ঠিত

আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গোলাঘাট জিলাত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। গোলাঘাট নগৰৰ বেঙেনাখোৱাৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত দিৱসৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনা পষেক আয়োজিত হয়। পষেক উপলক্ষে অনুষ্ঠিত সভাত পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যাৰ বোধ সন্দৰ্ভত আলোচনা আয়োজিত হয়। সভাত চিকিৎসক ...

July 11, 2024 8:21 PM

views 31

মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটী ঘোষণা অসম চৰকাৰৰ

ৰাজ্য চৰকাৰে মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ, শাহু-শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰেও বন্ধ লাভ কৰিব। অত্য...

July 11, 2024 8:17 PM

views 34

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক ভবানন্দ দেৱ গোস্বামীৰ দেহাৱসান

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক ভবানন্দ দেৱ গোস্বামীৰ আজি দেহাৱসান ঘটে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী অতুল বৰা আৰু মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱব একান্ত অনুগামী দেৱ গোস্বামীয়ে অসম...

July 11, 2024 8:15 PM

views 27

খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনিষা সোণোৱালে ৰূপৰ পদক অৰ্জন

ওড়িশাৰ ভূৱনেশ্বৰত অনুষ্ঠিত খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনিষা সোণোৱালে ৰূপৰ পদক অৰ্জন কৰে। মনিষাই য়ুথ শাখাত ১২০ কিলোগ্রাম ওজন দাঙি ৰূপৰ পদক জয় কৰে। আনহাতে ৰেখামণি গগৈয়ে জুনিয়ৰ শাখাত ৰূপ আৰু ছিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। অসমৰ মৃদুস্মিতা চিত্ৰকৰে ...

July 11, 2024 8:00 PM

views 30

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু আজি তেওঁলোকক কাংকেচণ্টুৰই বন্দৰলৈ নিয়া হৈছে। গ্ৰেপ্তাৰ কৰাৰ সময়ত পুড়ুকোট্টইৰ এই মাছমৰীয়াকেইজনে কচ্চাটিৰ ওচৰত মাছ ধৰি আছিল। উল্লেখযোগ্য যে পহিলা জুলাইত শ্ৰীলংকাৰ নৌস...