July 14, 2024 12:58 PM

views 20

জিলা তথা খণ্ড বিষয়াসকলৰ দ্বাৰা গ্রাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আদি কাৰ্যসূচীৰে নিটি আয়োগৰ সম্পূর্ণতা অভিযান অনুষ্ঠিত

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগ...

July 14, 2024 12:53 PM

views 30

সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ ...

July 14, 2024 12:43 PM

views 26

ৰাজ্যৰ ২১ খন জিলাৰ প্ৰায় ৮ লাখ ৪০ হাজাৰতকৈ অধিক লোক এতিয়াও বানৰ কবলত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ ২১ খন জিলাৰ প্ৰায় ৮ লাখ ৪০ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্র, বৰাককে ধৰি প্ৰধান প্ৰধান নদীসমূহৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি...

July 14, 2024 12:35 PM

views 27

ভাৰতৰ বিশ্ব ক্রিকেট চেম্পিয়নশ্বিপ অব্ লিজেণ্ডছৰ খিতাপ দখল

ভাৰতে কালি পাকিস্তানক পৰাস্ত কৰি বিশ্ব ক্রিকেট চেম্পিয়নশ্বিপ অব্ লিজেণ্ডছৰ খিতাপ দখল কৰে । ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত অধিনায়ক যুৱৰাজ সিং নেতৃত্বাধীন ভাৰতীয় দলটো ৫টা উইকেট বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়। অম্বাটি ৰাইডুৰ অৰ্ধ শতকে ভাৰতীয় দলটোক জয়ৰ দিশে আগুৱাই নিয়া...

July 14, 2024 12:30 PM

views 27

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান  অবৈধ বিবাহ গোচৰত দোষমুক্ত

পাকিস্তানৰ ৰাজধানী ইছলামাদৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ গোচৰত দোষমুক্ত ঘোষণা কৰিছে। আদালতখনে শ্রীখানৰ বিৰুদ্ধে থকা অনা ইছলামীয় বিবাহ সম্পৰ্কীয় অভিযোগ খাৰিজ কৰিছে। ইমৰান খানৰ বিবাহৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰ...

July 14, 2024 12:26 PM

views 69

খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানৰ বৈঠক

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানে কালি খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে। এই আলোচনাত কোম্পানীসমূহৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও স্থান পায়। ইয়াৰ লগতে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১৯ৰ পৰা ২২ ছেপ্তেম্বৰলৈ হ'বলগীয়া বিশ্...

July 14, 2024 12:19 PM

views 72

২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত ভাৰতৰ প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন

ভাৰতে অহা ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন ৱেভছ আয়োজন কৰিব। দিল্লীত কালি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে, ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ চলচ্চিত্র নির্মাণকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম। তেওঁ কয় যে, ৱেভছ সন্মিলন দেশৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যৎ গঢ় দিয়াৰ ...

July 14, 2024 12:15 PM

views 21

বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত কৰ্ম সংস্থাপনহীনতাৰ বিষয়ে অপপ্ৰচাৰ চলোৱাসকলৰ মুখ বন্ধ হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইত কর্মসংস্থাপন সম্পর্কীয় এখন প্ৰতিবেদনৰ উদ্ধৃতি দি শ্রীমোদীয়ে কয় যে, দেশত দক্ষতা বিকাশ আৰু কৰ্মসংস্থা...

July 14, 2024 12:11 PM

views 20

সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিতঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিত। পৰিৱেশ সংৰক্ষণৰ বাবে আৰম্ভ কৰা এজোপা গছ মাতৃৰ নামত উদ্যমৰ উদাহৰণ দি শ্রীমোদীয়ে কয় যে, গোলকীয় পৰ্যায়ত এই উদ্যমৰ ভূয়ষী প্ৰশংসা কৰা হৈছে। সংবাদ মাধ্যমে এই উদ্যমক গণ আন্দোলনত পৰিণত কৰাত সহায...

July 14, 2024 12:06 PM

views 35

অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ

অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ মন্ত্ৰ্যালয়ে যোৱা ১ জুলাইৰ পৰা ১১ জুলাইলৈকে বিভিন্ন বিভাগৰ অভিযোগ নিষ্পত্তিৰ তালিকা প্রকাশ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্ৰ্যালয়ে প্রকাশ...