December 2, 2025 11:45 AM

views 26

পশ্চিমবংগৰ ২,২০৮ টা বুথত প্রায় ১০০% গণনা প্ৰ-পত্র দাখিল হোৱা সন্দৰ্ভত বিশদ প্রতিবেদন বিচাৰিছে নিৰ্বাচন আয়োগে

দেশৰ নিৰ্বাচন আয়োগে পশ্চিমবংগৰ ২,২০৮ টা বুথত প্রায় ১০০ শতাংশ গণনা প্ৰ-পত্র দাখিল হোৱা সন্দৰ্ভত বিশদ প্রতিবেদন বিচাৰিছে। উল্লেখযোগ্য যে, এই বুথসমূহৰ পৰা এখনো সংগ্ৰহ কৰিবলৈ বাকী থকা প্ৰ-পত্ৰৰ প্ৰতিবেদন দিয়া হোৱা নাই, যিটো প্ৰায় অবাস্তৱ। সেয়ে, জিলা নির্বাচনী বিষয়াসকলক আজি পুৱা ১০ বজাৰ ভিতৰত এইক্ষ...

December 2, 2025 11:38 AM

views 24

জম্মু- কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত এন আই এৰ তালাচী অভিযান অব্যাহত

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা- এন আই এয়ে দিল্লী গাড়ী বোমা বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে জম্মু- কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে। এটা বিবৃতি যোগে এন আই এয়ে জম্মু-কাশ্মীৰৰ ছ’পিয়ান, কুলগাম, পুলৱামা আৰু অৱন্তিপুৰ জিলাৰ মুঠ ৮টা অঞ্চল তথা লক্ষ্ণৌৰ এটা স্থানত কালি অভিযা...

December 2, 2025 11:35 AM

views 24

সাগৰ বন্ধু অভিযানৰ অধীনত ভাৰতে শ্ৰীলংকালৈ সমৰ্থন আগবঢ়াই যাব : প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰি সাগৰ বন্ধু অভিযানৰ অধীনত দেশখনলৈ সমৰ্থন আগবঢ়াই যাব বুলি নিশ্চিতি দিছে। শ্রীমোদীয়ে মহাসাগৰ দৃষ্টিভংগীৰ অধীনত ভাৰতে প্ৰথমেই সাহায্য আগবঢ়োৱা ৰাষ্ট্ৰ হিচাপে শ্রীলংকাত বিপদাপন্ন লোকসকলক উদ্...

December 1, 2025 9:37 PM

views 24

ভাৰত বিশ্ব মঞ্চত কেৱল অর্থনৈতিক স্বাধীনতাৰ বাবেই নহয়, অর্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে বিশ্ব মঞ্চত ভাৰত কেৱল অর্থনৈতিক স্বাধীনতাৰ বাবেই নহয়, অর্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছে। নতুন দিল্লীত ফুটৱেৰ ডিজাইন এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউট -এফ ডি ডি আইৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। শ্ৰীমতী মুৰ্মুৱে...

December 1, 2025 9:28 PM

views 32

পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত এইপর্যন্ত ২ কোটি ৭২ লাখ হস্তশিল্পী অন্তৰ্ভুক্ত

পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত এই পর্যন্ত ২ কোটি ৭২ লাখ হস্তশিল্পীক অন্তৰ্ভুক্ত কৰা হৈছে। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ৰাজ্য মন্ত্ৰী শোভা কন্দলাজে আজি ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ২৩ লাখৰো অধিক হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু ...

December 1, 2025 9:25 PM

views 25

প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত ১৭ কোটিতকৈও অধিক ধন অনুমোদন

জনজাতীয় ব্যৱসায়িক আৱাস আৰু গাঁৱৰ প্ৰয়োজনীয় উন্নয়ন আৰু সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গাঁও অভিযান আঁচনিৰ অধীনত ১৭ কোটিতকৈও অধিক ধন অনুমোদন দিয়া হৈছে। লোকসভাত আজি পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱাটে এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিয়ে জন...

December 1, 2025 9:20 PM

views 15

নতুন দিল্লীত অনুষ্ঠিত জৈৱিক অস্ত্ৰ অভিৱৰ্তনৰ ৫০সংখ্যক বর্ষপূর্তি অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত গ্লোবেল ছাউথৰ অন্তৰ্গত দেশসমূহৰ জৈৱ সুৰক্ষা শক্তিশালী কৰাৰ বাবে জৈৱিক অস্ত্ৰ অভিৱৰ্তনৰ ৫০ সংখ্যক বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীজয়শংকৰে কয় যে এই সন্মিলনত কমেও ৮০খন দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশ...

December 1, 2025 9:11 PM

views 16

ইণ্ডোনেছিয়াত প্ৰচণ্ড ঘূর্ণীবতাহ আৰু বৰষুণে সৃষ্টি কৰা বান আৰু ভূমিস্খলনত বহু লোকৰ মৃত্যু

ইণ্ডোনেছিয়াত প্ৰচণ্ড ঘূর্ণীবতাহ আৰু বৰষুণে সৃষ্টি কৰা বান আৰু ভূমিস্খলনত বহু সংখ্যক লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই কালি প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ সুমাত্রা, পশ্চিম সুমাত্রা, এছেহক ধৰি কেইবাটাও অঞ্চলত ক্ষয়-ক্ষতি অধিক হৈছে আৰু অন্য চাৰিশৰো অধিক লোক সন্ধানহীন হৈ আছে...

December 1, 2025 8:40 PM

views 15

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতিৰূপে বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়াৰ কাৰ্যভাৰ গ্ৰহণ

বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়াই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতিৰূপে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণৰ পাছতেই শ্ৰী শ‍ইকীয়াই এখন বৈঠকত অংশ লৈ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত চলি থকা বিভিন্ন প্ৰকল্পৰ বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে। কলাক্ষেত্ৰ সচিব সুদৰ্শন ঠাকুৰে তেওঁক কলাক্ষেত্ৰ সমাজৰ হৈ আদ...

December 1, 2025 8:35 PM

views 12

শ্ৰীভূমিৰ চূড়াইবাৰী তালাচী চকীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিচাযুক্ত দ্রব্যবিৰোধী অভিযানৰ অংশ হিচাপে শ্ৰীভূমি আৰক্ষীয়ে আজি চূড়াইবাৰী তালাচী চকীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ত্ৰিপুৰাৰ জিৰাণিয়া নিবাসী সৰবৰাহকাৰীজনে মেঘালয়লৈ নিচাযুক্ত সামগ্ৰীখিনি লৈ যোৱাৰ পথত শ্রীভূমিৰ চূড়াইবাৰীত আৰক্ষীয়ে তালাচী চলাই সামগ্ৰীখিনি উদ্ধাৰ ...