December 4, 2025 6:48 PM

views 20

তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। জিলাখনৰ পথালিকুছিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বি টি আৰৰ মুৰববী হাগ্ৰামা মহিলাৰি আৰু বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকে। অনু...

December 4, 2025 6:42 PM

views 28

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ চাৰিটা লেনযুক্ত পথ সম্প্ৰসা...

December 4, 2025 6:32 PM

views 32

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন আজি নতুন দিল্লীলৈ আহিব

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব। এই দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে ৰাষ্ট্ৰপতি পুটিনে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয়...

December 4, 2025 6:28 PM

views 22

যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছেঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতি আৰু আঁচনি ৰূপায়ণৰ ফলত অঞ্চলটোত...

December 4, 2025 6:27 PM

views 24

জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে

জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে। লোকসভাৰ প্রশ্নোত্তৰকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলে এই কথা প্ৰকাশ কৰি কয় যে ৪ কোটিৰো অধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰি থকা হৈছে। তেওঁ কয় যে ২০১৯ চনত প্ৰধ...

December 4, 2025 6:26 PM

views 19

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনাৰ পৰা চৰকাৰে আঁতৰি ফুৰিছে বুলি অনা অভিযোগক খণ্ডন জে পি নাড্ডাৰ

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা চৰকাৰ আঁতৰি ফুৰিছে বুলি অনা অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই খণ্ডন কৰিছে। কংগ্ৰেছ দলৰ সদস্য তথা ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাগেই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত শ্ৰী নাড্ডাই আজি সদনত কয়, যে সংসদ...

December 4, 2025 6:24 PM

views 20

সমগ্র দেশত আজি নৌসেনা দিৱস পালন কৰা হয়

সমগ্র দেশত আজি নৌসেনা দিৱস পালন কৰা হৈছে। নৌসেনা বাহিনীৰ সাফল্য আৰু ভূমিকাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে ৪ ডিচেম্বৰত এই দিৱস পালন কৰা হয়। ১৯৭১ চনত অপাৰেচন ট্ৰাইডেণ্টৰ অধীনত নৌসেনা বাহিনীয়ে আজিৰ দিনটোতে পি এন এছ খাইবাৰসহ পাকিস্তানৰ ৪খন জাহাজ ধবংস কৰিছিল। এইবেলি কেৰালাৰ তিৰুৱনন্তপুৰমৰ ষণমুগম তীৰত আকর্ষ...

December 4, 2025 6:21 PM

views 25

আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস উপলক্ষে বন্যপ্রাণী প্রেমী লোক আৰু চিতা বাঘ সুৰক্ষাৰ বাবে কাম কৰা সংৰক্ষণবিদ সকললৈ প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস উপলক্ষে বন্যপ্রাণী প্রেমী লোক আৰু চিতা বাঘ সুৰক্ষাৰ বাবে কাম কৰা সংৰক্ষণবিদ সকললৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রী মোদীয়ে চিতা বাঘক পৃথিৱীৰ এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰাণী বুলি উল্লেখ কৰাৰ লগতে ৩ বছৰ পূৰ্বে আৰম্ভ কৰা ...

December 4, 2025 6:19 PM

views 18

প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগলৰ পদত্যাগ

প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগলে পদত্যাগ কৰিছে। তেওঁ যোৱা ২ ডিচেম্বৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়লৈ পদত্যাগ পত্ৰ পঠিয়াইছিল আৰু আজি মন্ত্ৰ্যালয়ে এই পদত্যাগ পত্ৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৮৮ চনৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া নৱনীত ছেহগলক ২০২৪ চনৰ মাৰ্চ মাহত প্ৰসাৰ ভাৰতীৰ অধ্যক্ষৰূপ...

December 4, 2025 6:10 PM

views 19

ভাৰতক বাল্য বিবাহমুক্ত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কেন্দ্ৰীয় মন্ত্ৰী অন্নপূর্ণ দেৱীৰ

মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণ দেৱীয়ে আজি নতুন দিল্লীত ভাৰতক বাল্য বিবাহমুক্ত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰিব। দিল্লীক বাল্য বিবাহমুক্ত ভাৰত অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সজাগতা অভিযানৰ অধীনত বাল্য বিবাহ ৰোধ কৰাৰ সংকল্প গ্ৰহণ কৰ...