December 4, 2025 8:54 PM

views 20

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ...

December 4, 2025 8:52 PM

views 28

ধেমাজি জিলাৰ কাৰেং চাপৰিত ৭ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ দশম মিচিং যুৱ মহোৎসৱ

ধেমাজি জিলাৰ কাৰেং চাপৰিত অহা ৭ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ দশম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত ২২ টা শাখাত হ'বলগীয়া বিভিন্ন সাংস্কৃতিক প্রতিযোগিতাত ছহেজাৰতকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। এই উপলক্ষে কালি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হ'বলগীয়া এই মহোৎ...

December 4, 2025 8:50 PM

views 23

আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগৰ দ্বাৰা আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। গোৱালপাৰা জিলা অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ সৈতে আমাৰ গোৱালপাৰা জিলাৰ সংবাদদাতা ৰছিদু...

December 4, 2025 8:44 PM

views 27

কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধ...

December 4, 2025 8:40 PM

views 21

ভোটদাতাসকলৰ মাজত ৫০ কোটি ৫৭ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছেঃ নিৰ্বাচন আয়োগ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৫৭ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে । বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯ দশমিক ৮-৩ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমান...

December 4, 2025 8:38 PM

views 22

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত প্রধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বি...

December 4, 2025 8:03 PM

views 23

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠৰ নতুন দিল্লীত আদৰণি

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠে আজি নতুন দিল্লীত আদৰণি জনায়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অর্পণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰ...

December 4, 2025 8:01 PM

views 21

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্ৰত্যক্ষ সুবিধা প্ৰদান কৰিছে। এই শ্রম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্রমিক শাসন ব্যৱস্থা শক্ত...

December 4, 2025 7:59 PM

views 29

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধৰ উদ্দেশ্যে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য ভাৰতৰ

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাত সহায় কৰাৰ উদ্দেশ্যে ভাৰতে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য আগবঢ়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে আজি কয় যে ভাৰতে কাবুললৈ ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ ৬৩ হাজাৰ ৭০০ৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰি...

December 4, 2025 7:24 PM

views 27

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত আজি অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই স্কুটীসমূহ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে পি এম এফ এম ই আঁচনিৰ অধীনত আত্মসহায়ক গোটসমূহৰ মাজত চেকো বিতৰণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা...