December 5, 2025 12:02 PM

views 80

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ

■ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। প্ৰকল্পটোৰ প্ৰথমটো ইউনিটত বিজুতি ঘটাৰ পাছত দ্বিতীয়টো ইউনিটৰ জৰিয়তে কালি সফলভালে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কার্যক আদৰণি জনাই কয়, যে এই প্রকল্পই লাখ লাখ লোকৰ বাবে বিশুদ্ধ শ...

December 5, 2025 11:58 AM

views 26

অসম বিধানসভাৰ বিধায়ক আৰু সচিবসহ ১০জনীয়া দলৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা ভ্ৰমণ

● অসম বিধানসভাৰ ৬জন বিধায়ক আৰু ৪জন সচিবসহ ১০জনীয়া এটা দলে কালি দক্ষিণ শালমাৰা মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা কৰে। দলটোৱে কালি বিয়লিৰ ভাগত ভাৰত-বাংলাদেশ সীমান্তত চলি থকা খহনীয়া আৰু খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে। বিধায়ক গোবিন্দ চন্দ্ৰ ব...

December 5, 2025 12:11 PM

views 25

যোৰহাটৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৩দিনীয়াকৈ আয়োজন

■ যোৰহাট জিলাৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰেপৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্মৃতিগ্ৰন্থ উন্মোচনীৰ লগতে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৪৫ চনত স্থাপিত বিদ্যালয়খনৰ ২০২০ চনত ...

December 5, 2025 12:05 PM

views 20

গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে ভূমি সংৰক্ষ...

December 5, 2025 12:53 PM

views 40

দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন

● ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। তাৰপ...

December 5, 2025 12:51 PM

views 28

গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছেঃ প্ৰতিৰক্ষা মন্ত্ৰী

● ৰাছিয়াক ভাৰতৰ বিশেষ আৰু কৌশলগত অংশীদাৰ বুলি অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছে। নতুন দিল্লীত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভৰ সৈতে সামৰিক আৰু সামৰিক কাৰিকৰী সহযোগিতাৰ ২২ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়ো...

December 5, 2025 12:47 PM

views 33

নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰিব

● কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্রকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্রত্যক্ষ সুবিধা প্রদান কৰিছে। এই শ্রম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্রমিক শাসন ব্যৱস্...

December 5, 2025 12:45 PM

views 17

বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ দিয়েঃ ড° এছ জয়শংকৰ

● বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয় যে চৰকাৰে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু অবৈধ অনুপ্ৰৱেশ আৰু মানৱ সৰবৰাহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ কৰ্তৃপক্ষৰ সৈতে জড়িত হৈ আছে। ৰাজ্যসভাত কালি ড° জয়শংকৰে কয় যে ভাৰতীয় নাগৰিক...

December 4, 2025 9:02 PM

views 19

৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ সমন্বয়ৰক্ষী সমিতিৰ দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হয়। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় ...

December 4, 2025 8:57 PM

views 21

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানৰ উৰণ আৰু অৱতৰণত খেলিমেলি

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আজি বিমানৰ উৰণ আৰু অৱতৰণত খেলিমেলি হোৱা বাবে বিমান যাত্ৰীসকলৰ মাজত অসুবিধাৰ সৃষ্টি হয়। বিশেষকৈ ইণ্ডিগ বিমানৰ যাত্ৰীসকলে বহু সময় ধৰি বিমান বন্দৰত অপেক্ষা কৰিবলগীয়া হয়। ইতিমধ্যে গুৱাহাটীৰ পৰা উৰা মাৰিবলগীয়া আৰু গুৱাহাটীত অৱ...