December 5, 2025 6:40 PM

views 16

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এই সময়সূচী অনুসৰি নিৰ্ধাৰিত বিষয়সমূহৰ বাবে অহা ২৮ আৰু ২৯ জানুৱাৰীত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব।

December 5, 2025 6:38 PM

views 15

ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি উচ্ছেদ অভিযান চলায়। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰে। জিলা প্রশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ উপ...

December 5, 2025 6:36 PM

views 24

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ১২ ডিচেম্বৰৰ ভিতৰত এছ আই টিৰ অভিযোগনামা দাখিলৰ সম্ভাৱনা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ কৰিছে আৰু ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে এছ আই টিয়ে বৃহৎ সংখ্যক সাক্ষ্য প্রমাণ লাভ কৰ...

December 5, 2025 3:21 PM

views 28

ৰাচিয়াৰ কৃষিমন্ত্ৰী অক্সনা লুটৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ দ্বিপাক্ষিক বৈঠক

■ নতুন দিল্লীত অনুষ্ঠিত ত্রয়োবিংশ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত কালি কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাচিয়াৰ কৃষিমন্ত্ৰী অক্সনা লুটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে দুয়োদেশৰ মাজত মীন, পশুপালন আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত পাৰস্পৰ...

December 5, 2025 2:41 PM

views 26

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ’ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অভিযানত ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ সৰবৰাহকাৰীক আটক

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ' আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে মিজোৰামৰ আইজলৰ সমীপত অভিযান চলাই যোৱা বুধবাৰে প্ৰায় ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ জন সৰবৰাহকাৰীক আটক কৰে। ইয়াৰে জবৰুল হক নামৰ কৰিমগঞ্জৰ নিবাসীজন এই মাদকদ্রব্য সৰবৰাহ চক্ৰৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই লোকজনৰ বিৰুদ...

December 5, 2025 4:38 PM

views 29

কাইলৈ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ এক বাজি ৩০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত ১-১ৰ সমতা স্থাপন কৰিছে। দুয়োটা দলে কাইলৈ শৃংখলাটো দখলৰ বাবে আপ্রাণ চেষ্টা চলাব।

December 5, 2025 4:33 PM

views 22

ৰাজ্যসভাত বিমানবন্দৰসমূহত ইন্দিগ’ৰ বিমানসেৱা বাতিল সন্দৰ্ভত প্রশ্ন বিৰোধী সদস্যসকলৰ

■ ৰাজ্যসভাত আজি বিৰোধী পক্ষৰ সদস্যসকলে দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত ইন্দিগ’ৰ বিমানসেৱা বাতিল সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ সাংসদ প্রমোদ তিৱাৰীয়ে এই সম্পৰ্কত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই ব্যক্তিগ...

December 5, 2025 4:29 PM

views 19

অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ পর্যালোচনা বৈঠক

যোৱা মাহৰ শেষৰ পৰা ইণ্ডিগোৰ বিমান সেৱাৰ বেমেজালিৰ পৰিপ্ৰেক্ষিতত আজি অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ইণ্ডিগো বিমানৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠক...

December 5, 2025 3:10 PM

views 29

প্রধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন নতুন দিল্লীৰ হায়দাবাদ হাউছত বৈঠকত মিলিত হয়

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আজি নতুন দিল্লীৰ হায়দাবাদ হাউছত বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা, সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত...

December 5, 2025 4:35 PM

views 38

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ দেশৰ কেইবাখনো ৰাজ্যত শীতপ্রবাহৰ পূৰ্বাভাস প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি দেশৰ কেইবাখনো ৰাজ্যত শীতপ্রবাহৰ পূৰ্বাভাস প্ৰকাশ কৰে। সেই অনুসৰি পাঞ্জাব, হাৰিয়ানা, পূৱ ৰাজস্থান আৰু ঝাৰখণ্ডত শীতৰ প্ৰভাৱ পৰিব। বতৰ বিজ্ঞান বিভাগে হিমাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ওড়িশাৰ বিভিন্ন অঞ্চলত কুঁৱলি পৰাৰ সম্ভাৱনা ব্যক্ত ...