December 10, 2025 9:02 PM

views 18

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ শ্বোহম এম্পৰিয়াত অগ্নিকাণ্ড

গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিত থকা শ্বোহম এম্পৰিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত যোৱা নিশা সংঘটিত অগ্নিকাণ্ড বর্তমান নিয়ন্ত্ৰণলৈ অহা বুলি অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উপ-সঞ্চালক নন্দ সিঙে আজি প্ৰকাশ কৰিছে । ঘটনাস্থলী পৰিদৰ্শন কৰি বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা নিশা ১২ বজাৰ পৰা আজি প...

December 10, 2025 7:52 PM

views 147

গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্রণাম জ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃত...

December 10, 2025 7:51 PM

views 22

ৰাজ্যৰ ঠায়ে ঠায়ে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

ৰাজ্যৰ ঠায়ে ঠায়ে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আজি কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছহিদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ...

December 10, 2025 7:49 PM

views 25

শ্বহীদ দিৱসত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে দেশৰ ইতিহাসত অসম আন্দোলনৰ বিশেষ স্থান আছে। অসম আন্দোলনত অংশগ্রহণ কৰাসকলৰ সপোন পূৰ কৰিবলৈ চৰকাৰ ...

December 10, 2025 3:29 PM

views 24

দীপাৱলী উৎসৱক UNESCO-ৰ মানৱতাৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধি তালিকাত অন্তৰ্ভুক্ত

■ ভাৰতৰ প্ৰধান সাংস্কৃতিক আৰু আধ্যাত্মিক উৎসৱসমূহৰ অন্যতম দীপাৱলীক আজি ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা UNESCO-ৰ মানৱতাৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্র শেখাৱটে এই কথা সদৰি কৰি কয়, যে এয়া প্ৰতিগৰাকী ভাৰতী...

December 10, 2025 3:25 PM

views 27

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৬০ টা ৰে’ল ষ্টেচনৰ কাম সম্পূৰ্ণ

চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৬০ টা ৰে'ল ষ্টেচনৰ কাম সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই আঁচনিখনৰ অধীনত উন্নয়নৰ বাবে ১,৩০০ টাৰো অধিক ষ্টেচন চিনাক্ত কৰা হৈছে। তেওঁ কয়, যে চৰকাৰে ৰে’ল ষ্টেচনসমূহত যাত্রী বিশ্রাম ক্ষেত্...

December 10, 2025 3:15 PM

views 21

সুশাসনক জৰুৰী অধিকাৰ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে

ভাৰতবৰ্ষক দক্ষ প্রতিষ্ঠান আৰু সহানুভূতিশীল শাসন ব্যৱস্থাৰ মাধ্যমেৰে প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদা সুনিশ্চিত কৰিব পৰা এখন ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ ভৱিষ্যতৰ আকাংক্ষা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্রাই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱস আৰু নিত্য আৱশ্যকতা পূৰণ সম্পৰ্কীয়...

December 10, 2025 3:01 PM

views 34

মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ: ৰাষ্ট্ৰপতি

● মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱসৰ অনুষ্ঠান আৰু নিত্য আৱশ্যকতা নিশ্চিতকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰ...

December 10, 2025 12:09 PM

views 32

টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত ভাৰতৰ

■ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলতো কালি অদমনীয় প্ৰদৰ্শনেৰে উজ্জ্বলি উঠে। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে আলহী দলটোক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ আমন্ত্রণ মর্মে প্রথমে বেট ...

December 10, 2025 12:05 PM

views 24

জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা

জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় দংগল আৰু ৰুষ্টম-ই-জম্মু কাশ্মীৰ খিতাপ ২০২৫ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদাতাই জনাইছে যে, ভাৰত, ইৰাণ আৰু কেইবাখনো দেশৰ পেছাদাৰী মল্লযুঁজাৰুসকলক একত্ৰিত কৰা এই চেম্পিয়নশ্বিপত কে...