December 11, 2025 11:51 AM

views 13

ইণ্ডিগ’ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিশেষ তদাৰকী গোট গঠন

বিমান বাতিল আৰু বিমান উৰণত বিলম্ব হোৱাক কেন্দ্ৰ কৰি গুৰুগ্ৰামৰ ইণ্ডিগ'ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিশেষ তদাৰকী গোট গঠন কৰিছে। সঞ্চালকালয়ে ঘোষণা কৰে, যে এই পদক্ষেপৰ লক্ষ্য হৈছে বিমান উৰণত বিলম্ব আৰু বাতিলৰ ফলত যাত্রীসকলে সম্মুখীন হোৱা অসুবিধা দূৰ কৰা। উপ-মুখ্য বিমান পৰিচালন প...

December 11, 2025 11:40 AM

views 13

প্রধানমন্ত্রীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা ভাৰতীয় জনতা পার্টিৰ

ভাৰতীয় জনতা পার্টিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্রমণ সন্দৰ্ভত কংগ্ৰেছে কৰাৰ মন্তব্যৰ সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছৰ মন্তব্যক নিন্দনীয় বুলি অভিহিত কৰি কয়, যে শ্রীমোদীয়ে চৰকাৰী ভ্রমণসূচী আৰু দেশৰ কামতহে বিদেশলৈ যায়। কংগ্...

December 11, 2025 11:38 AM

views 8

ৰাজ্যসভাত আজি ৰাষ্ট্রীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ সংখ্যক বার্ষিকী সন্দর্ভত আলোচনা

ৰাজ্যসভাত আজি ৰাষ্ট্রীয় গীত 'বন্দে মাতৰম'ৰ ১৫০ সংখ্যক বার্ষিকী সন্দর্ভত অধিক আলোচনা কৰা হ'ব। কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ ভাষণেৰে এই আলোচনাৰ সমাপ্তি ঘটিব। ইয়াৰ পাছত নির্বাচনী সংস্কাৰ সন্দৰ্ভত ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হ'ব।

December 11, 2025 11:34 AM

views 19

ভাৰতীয় ৰে’লৱেই ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ভাৰতীয় ৰে'লৱেই ২০২৩ ২৪ বিত্তীয় বর্ষত যাত্রীসকলৰ যাত্রা সুলভ কৰি ৰাখিবলৈ ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই তথ্য প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে যাত্ৰাৰ মুঠ খৰচৰ ৪৫ শতাংশ যাত্ৰীসকলে ৰাজ সাহায্য হি...

December 11, 2025 11:28 AM

views 20

ইটালীৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী এন্ট’নিয় টাজানিৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ইটালীৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী এন্ট'নিয় টাজানিৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা প'ষ্টত প্রধানমন্ত্রীয়ে কয়, যে ভাৰত আৰু ইটালীৰ বন্ধুত্ব ক্রমে অধিক শক্তিশালী হৈ উঠিছে। ইয়াৰ ফলত উভয় দেশৰ জনসাধাৰণ আৰু আন্তঃৰাষ্ট্রীয় সম্প্রদায় লাভান...

December 11, 2025 11:24 AM

views 19

দুদিনীয়া ভ্রমণসূচীৰে শ্রীমতী দ্রৌপদী মুর্মু আজি মণিপুৰলৈ ৰাওনা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু আজি দুদিনীয়া ভ্রমণসূচীৰে মণিপুৰলৈ যাব। ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি আনুষ্ঠানিক আৰু উন্নয়নমূলক কার্যসূচীত অংশ ল'ব। ৰাষ্ট্ৰপতিগৰাকী আজি ইম্ফলত উপস্থিত হোৱাৰ পাছতে তেওঁক পৰম্পৰাগতভাৱে সন্মান আৰু আদৰণি জনোৱা হ'ব। ইয়াৰ পাছত তেওঁ ঐতিহাসিক মাপল কাংজেইবুঙত এখন প্রদর্শন...

December 10, 2025 9:10 PM

views 12

গুৱাহাটীত ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলন

ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান- আই আই এম চিয়ে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আজি আৰু কাইলৈ গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই সন্মিলনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক অনাতাঁৰ কেন্দ্...

December 10, 2025 9:08 PM

views 15

দৃষ্টিহীন মহিলাৰ টি-২০ ক্রিকেট বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক ৰাজ্যপালৰ সম্বৰ্ধনা

ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি লোক ভৱনত দৃষ্টিহীন মহিলাৰ টি-২০ ক্রিকেট বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক সম্বৰ্ধনা জনায়। খেলুৱৈগৰাকীক অভিনন্দন জনাই ৰাজ্যপালগৰাকীয়ে কয় যে চিমু দাস দেশৰ যুৱ প্ৰজন্মৰ প্ৰকৃত আদৰ্শ আৰু খেলুৱৈগৰাকীৰ যাত্ৰা, আশা, নিষ্ঠা আৰু ক্ৰীড়া উৎকৰ্ষৰ প্ৰতীক।

December 10, 2025 9:06 PM

views 19

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এয়াৰ শ্ব প্ৰদৰ্শন কৰা হয়। এয়াৰ শ্বত ছুখয়, এন্তনভ, এন -32 পৰিবহন বিমান, চিনুক, হেভিলীড হেলিকপ্তাৰ আৰু মীগ ১৭ হেলিকপ্তাৰে উৰণ কৌশল প্ৰদৰ্শন কৰে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ ...

December 10, 2025 9:04 PM

views 13

গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত ৫ জন লোক সন্ধানহীন

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত আজি বিয়লি ৫ জন লোক সন্ধানহীন হৈছে। এন ডি আৰ এফে লোককেইজনৰ সন্ধানত নাৱেৰে অভিযান অব্যাহত ৰাখিছে। আমাৰ সংবাদদাতাই জনোৱা মতে, জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্ৰতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক...