January 22, 2026 11:11 AM

views 13

পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। এই তালিকাত থকা বিসংগতিসমূহ চালিজাৰি চাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এইবোৰৰ মীমাংসা কৰিবলৈ আয়োগে পশ্চিমবংগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে। তদুপৰি আয়োগে ৰাজ্য প্রসাশন আৰু আৰক্...

January 22, 2026 11:07 AM

views 14

ভাৰতে উচ্চ সুৰক্ষা মান বৰ্তাই ৰাখি পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ এক নির্ণায়ক বিন্দুত উপনীত হৈছে

ভাৰতে উচ্চ সুৰক্ষা মান বৰ্তাই ৰাখি পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ এক নির্ণায়ক বিন্দুত উপনীত হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা পাৰমাণৱিক আইনখনৰ অধীনত বিশদ...

January 22, 2026 11:03 AM

views 44

ট্রাম্পৰ গ্ৰীণলেণ্ড অধিগ্ৰহণৰ দাবীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এই বিষয়ক লৈ চিন্তিত নহয়

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ গ্ৰীণলেণ্ড অধিগ্ৰহণৰ দাবীয়ে ডেনমাৰ্ক আৰু নাটোৰ ঐক্যক জোকাৰি যোৱাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বিষয়টোক লৈ চিন্তিত নহয় বুলি মন্তব্য প্ৰদান কৰিছে। কালি নিশা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকত দিয়া ভাষণত পুটিনে কয় যে গ্রীনলেণ্ডৰ কথা চিন্তা কৰাট...

January 22, 2026 10:59 AM

views 30

গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে উত্তৰ মেৰুৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যতে চুক্তিৰ কাঠামোত সন্মতি প্ৰকাশ কৰাৰ পিছতেই ইউৰোপত থকা আমেৰিকৰ মিত্ৰ দেশসমূহৰ ওপৰত গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ট্রাম্পে অধিকাৰ আৰু মালিকীস্বত্বকে ধৰি গ্ৰীণলেণ্ডক ল'ব বিচৰা বুলি জোৰ...

January 22, 2026 10:56 AM

views 28

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী ইউৰোপীয় সংসদৰ

ইউৰোপীয় সংসদে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী আৰু তেওঁৰ এই পৰিকল্পনাৰ বিৰোধীতা কৰা ইউৰোপীয় সংঘৰ মিত্ৰদেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকিৰ প্ৰতিবাদত সংঘৰ বাণিজ্যিক চুক্তিৰ কাম-কাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুলাই মাহৰ শেষৰফালে স্কটলেণ্ড টাৰ্ণবেতি সম্পাদিত...

January 22, 2026 10:52 AM

views 13

বিশ্ব অর্থনৈতিক মঞ্চ সন্মিলনত ভাৰতে বিশ্বব্যাপী কৃত্রিম বুদ্ধিমত্তা (AI) সেৱাৰ ভেটি গঢ়ি তোলা বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে

বিশ্ব অর্থনৈতিক মঞ্চ সন্মিলনত ভাৰতে বিশ্বব্যাপী কৃত্রিম বুদ্ধিমত্তা (AI) সেৱাৰ ভেটি গঢ়ি তোলা বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে। ডাভোছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ সন্মিলনত ভাষণ প্ৰদান কৰি ইলেক্ট্রনিকছ আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কয় যে, দেশখনে এআই আর্কিটেকচাৰ, এপ্লিকেচন, মডেল, চিপ, ইনফ্ৰ...

January 22, 2026 10:47 AM

views 13

অটল পেঞ্চন যোজনা ২০৩০-৩১ চনলৈকে অব্যাহত থাকিব বুলি কেবিনেটৰ সিদ্ধান্ত

নতুন দিল্লীত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি অটল পেঞ্চন যোজনা ২০৩০-৩১চনলৈকে অব্যাহত থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আঁচনিখনে গ্ৰাহকৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰি ৬০ বছৰ বয়স হোৱাৰ পিছত প্ৰতিমাহে এক হাজাৰৰ পৰা পাঁচ হাজাৰ টকালৈকে নিশ...

January 21, 2026 9:46 PM

views 16

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ‍ ইউৰোপীয় সংঘ আৰু স্পেইনৰ বৈদেশিক পৰিক্ৰমা আৰু সহযোগিতা মন্ত্ৰী জোছ মেনুৱেল আলবেয়াৰ্ছৰ

ইউৰোপীয় সংঘ আৰু স্পেইনৰ বৈদেশিক পৰিক্ৰমা আৰু সহযোগিতা মন্ত্ৰী জোছ মেনুৱেল আলবেয়াৰ্ছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রোপদী মুৰ্মুক আজি ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু স্পেইনৰ মাজৰ সাংস্কৃতিক, পৰ্যটন আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত থকা সহযোগিতাৰ বাবে আন...

January 21, 2026 9:27 PM

views 9

ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিবেশনত বিশ্বই ভাৰতক গোলকীয় উদ্ভাৱনৰ মূল চালিকাশক্তি হিচাপে প্ৰশংসা কৰে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে আজি ডাভ'ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চত আই বি এমৰ মুখ্য কাৰ্যবাহী বিষয়া অৰবিন্দ কৃষ্ণ আৰু মেটাৰ মুখ্য আন্তৰ্জাতিক পৰিক্ৰমা বিষয়া জুৱেল কালানক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বই ভাৰতক গোলকীয় উদ্ভাৱনৰ...

January 21, 2026 9:24 PM

views 11

মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ শুভেচ্ছা

গৃহমন্ত্রী অমিত শ্বাহে আজি মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মণিপুৰৰ লোকসকল যথেষ্ট সংস্কৃতিবান আৰু প্ৰতিভাশালী। তেওঁ লগতে আগন্তুক প্ৰতিষ্ঠা দিৱসলৈ ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতি কামনা কৰে। মেঘালয়ৰ প্ৰতিষ্ঠা...