November 1, 2024 7:31 PM November 1, 2024 7:31 PM

views 5

কাৰ্বি সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান ৰংকেৰ পূজাৰ দিনটোত প্ৰতি বছৰে ৫ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সীমিত বন্ধৰ দিন ঘোষণা

কাৰ্বি সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান ৰংকেৰ কাকলী বা ৰংকেৰ পূজাৰ দিনটোত প্ৰতি বছৰে ৫ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সীমিত বন্ধৰ দিন ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজ্যপালৰ অনুমোদন মৰ্মে এখন অধিসূচনা জাৰি কৰিছে। ইফালে গাৰো সম্প্ৰদায়ৰ উৎসৱ ৱাং আলা উপলক্ষে ৭ নৱেম্বৰৰতো ৰা...

November 1, 2024 7:29 PM November 1, 2024 7:29 PM

views 14

অসম চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব

অসম চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। এই বিশেষ ছুটিত কৰ্মচাৰীসকলে ৭ নৱেম্বৰ-ঘট পূজা, ৯ নৱেম্বৰ-মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰকো সামৰি নিজৰ পিতৃ-মাতৃ তথা শাহু-শহুৰকো সেৱা শুশ্ৰুষা আগবঢ়াব পাৰিব। ইয়াৰ ওপৰিঞ্চিভা...

November 1, 2024 7:26 PM November 1, 2024 7:26 PM

views 10

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী কালিৰে পৰা পালন কৰা হৈছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপাৱলী আৰু কালী পূজা উপলক্ষে আজি তিনিচুকীয়া জিলা ভ্রমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ নিউ মার্কেট কালী পূজাস্থলীত উপস্থিত হৈ দেৱীৰ আশীষ গ্ৰহণ কৰে। ইপিনে, দীপাৱলী উপলক্...

November 1, 2024 7:25 PM November 1, 2024 7:25 PM

views 18

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিশেষকৈ শাসকীয় বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে বিহালী বিধানসভা সমষ্টিত আজি বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ...

November 1, 2024 6:32 PM November 1, 2024 6:32 PM

views 6

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি ৩ নৱেম্বৰত অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতা

ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি ৩ নৱেম্বৰৰ দিনা পুৱা ১০ বজাত লুইতৰ পৰা মিছিচিপিলৈ শীর্ষক অসম ভিত্তিক মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এই প্রতিযোগিতা আয়োজন কৰিছে। ইপিনে, একেদিনাই বিয়লি ২ বজাৰ পৰা বীৰ...

November 1, 2024 6:23 PM November 1, 2024 6:23 PM

views 12

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই কঁহৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰে। পৰম্পৰাগত হস্তী পূজাৰে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰা হয়। বাগৰি বনাঞ্চলতো আজিৰে পৰা ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ হৈছ...

November 1, 2024 6:48 PM November 1, 2024 6:48 PM

views 24

অন্ন সেৱা দিন চলিত মাহৰ বাবে আজিৰে পৰা আৰম্ভ

খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ জনমুখী প্রয়াস অন্ন সেৱা দিন এই মাহৰ বাবে আজিৰ পৰা ১০ নৱেম্বৰলৈ আৰম্ভ কৰা হৈছে। ৰাজ্যৰ মুঠ ৬৭ লাখ ২ হাজাৰ ৫৪টা পৰিয়ালৰ ২ কোটি ৩০ লাখৰো অধিক হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰিব পাৰিব। আনহাতে, সুলভ মূল্যৰ দোকান...

November 1, 2024 5:51 PM November 1, 2024 5:51 PM

views 10

বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক দেৱেন্দ্ৰৰ সিং ৰানাৰ মৃত্যু

বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক আৰু বিশিষ্ট ব্যৱসায়ী দেৱেন্দ্ৰৰ সিং ৰানাৰ যোৱা নিশা ফৰিদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫৯ বছৰ। তেওঁ ইহসংসাৰত মাতৃ, পত্নী, তিনিটা সন্তান আৰু কেন্দ্ৰীয় ৰাজ্যত মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংকে ধৰি দুজন ভাতৃক এৰি থৈ যায়। প্রধানমন...

November 1, 2024 5:45 PM November 1, 2024 5:45 PM

views 9

প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ দেহাৱসান

প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ আজি নতুন দিল্লীস্থিত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছত দেহাৱসান ঘটে। ৬৯ বছৰ বয়সীয়া অর্থনৈতিক বিশেষজ্ঞগৰাকীক যোৱানিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অর্থনীতিবিদগৰাকীয়ে ৰামকৃষ্ণ মিছন বিদ্যালয়, কলকাতাৰ প্ৰেছিডেন্সী কলেজ, দি...

November 1, 2024 5:40 PM November 1, 2024 5:40 PM

views 9

ৰাজেশ কুমাৰ সিঙৰ দেশৰ প্ৰতিৰক্ষা সচিবৰ দায়িত্বভাৰ গ্ৰহণ

কেৰালা কেডাৰৰ ১৯৮৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰাজেশ কুমাৰ সিঙে আজি দেশৰ প্ৰতিৰক্ষা সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ এই পদৰ পৰা কালি অৱসৰ গ্ৰহণ কৰা অন্ধ্ৰ প্ৰদেশ কেডাৰৰ ১৯৮৮ বৰ্ষৰ প্ৰশাসনিক বিষয়া গিৰিধৰ আৰামানেৰ স্থলাভিষিক্ত হৈছে। আজি দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰী সিঙে নতুন দিল্লীৰ ৰাষ্...