December 1, 2024 7:57 PM

views 10

বৰপেটাত অনুষ্ঠিত কোচবিহাৰ ট্ৰফী প্রতিযোগিতাত অসম দলৰ জয়লাভ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত বৰপেটাত অনুষ্ঠিত কোচবিহাৰ ট্ৰফী প্রতিযোগিতাত অসম দলে জয়লাভ কৰে। দলটোৱে কেৰালাক ২৫৫ ৰানত পৰাস্ত কৰে। দুটাকৈ ইনিংছৰ খেলখনত অংশুমান মালাকাৰে নেতৃত্ব দিয়া অসম দলে প্রথম ইনিংছত ২৩৩ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত ...

December 1, 2024 7:53 PM

views 11

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবা...

December 1, 2024 7:17 PM

views 15

গোলাঘাট জিলাৰ বোকাখাটত পঞ্চম জিলা ভিত্তিক বার্ষিক ভাৰোত্তলন প্রতিযোগিতা অনুষ্ঠিত

গোলাঘাট জিলাৰ বোকাখাট সমজিলা ভাৰোত্তলন সংস্থাৰ উদ্যোগত আজি পঞ্চম জিলা ভিত্তিক বার্ষিক ভাৰোত্তলন প্রতিযোগিতা অনুষ্ঠিত হয়। মন্ত্রী অতুল বৰাই উদ্বোধন কৰা এই প্ৰতিযোগিতাৰ আৰম্ভণিতে কেইবাগৰাকীও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্রীড়াবিদক সম্বৰ্ধনা জনোৱা হয়।

December 1, 2024 7:14 PM

views 8

উজনি অসম মুছলীম কল্যাণ পৰিষদৰ অসম বিধানসভাত ৩ খন আৰু ৰাজ্যসভাৰ এখন আসন মুছলমানৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন

উজনি অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সামগ্রিক কল্যাণৰ বাবে উজনি অসম মুছলীম কল্যাণ পৰিষদে অসম বিধানসভাত ৩ খন আৰু ৰাজ্যসভাৰ এখন আসন মুছলমানৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰিছে। আজি শিৱসাগৰত পৰিষদৰ কেন্দ্ৰীয় সভাপতি মনিৰুল ইচলাম বৰাই এখন সংবাদমেলযোগে এই দাবী উত্থাপন কৰে। তেওঁ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মুছল...

December 1, 2024 7:08 PM

views 13

বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কূটনৈতিক ব্যৱস্থাৰ জৰিয়তে বাংলাদেশ চৰকাৰে যাতে সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰে তাৰ প্রচেষ্টা গ্রহ...

December 1, 2024 6:59 PM

views 23

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ আহ্বান

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই আজি মধ্যপ্রদেশত আয়োজিত বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানত আহ্বান জনায়। ইন্দোৰত আয়োজিত এই অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইডছ আই ভি আক্রান্ত লোকসকলৰ মানৱ অধিকাৰৰ...

December 1, 2024 6:26 PM

views 9

কাছাৰ জিলাত লক্ষীপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালত ভৱনৰ উদ্বোধন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰ জিলাত লক্ষীপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালত ভৱনৰ উদ্বোধন কৰে। এই ভৱনটো প্ৰায় ৩ কোটি ৭৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে। ন্যায়িক ভৱনটোৱে লক্ষীপুৰৰ লগতে কাছাৰ জিলা তথা সামগ্ৰিকভাৱে বৰাক উপত্যকাৰ ন্যায়িক ব্যৱস্থাটোক অধিক গতিশীল কৰি তুলিব বু...

December 1, 2024 6:22 PM

views 47

ৰাজ্যৰ বিভিন্ন ঠাইত বিশ্ব এইডছ দিৱস পালন

আজি বিশ্ব এইডছ দিৱস। ACQUIRED IMMUNO DEFICIENCY SYNDROMEৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত এইডছ দিৱস পালন কৰা হয়। এই দিনটোৱে জনসাধাৰণক HIVৰ বিৰুদ্ধে যুঁজ দিবলৈ একগোট হোৱাৰ লগতে এইডছ সংক্রমিত লোকৰ প্ৰতি সমর্থন জনোৱাৰ সুযোগ প্ৰদান কৰে। ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্রণ সংস্থ...

December 1, 2024 6:14 PM

views 12

সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকৰ বাৰ্ষিক সন্মিলনৰ অন্তিম দিনা প্রধানমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূৱনেশ্বৰত চলি থকা সৰ্বভাৰতীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকৰ বাৰ্ষিক সন্মিলনৰ অন্তিম দিনা দেশৰ কেন্দ্ৰীয় শাসিত অঞ্চল তথা ৰাজ্যসমূহৰ উদ্বিগ্নতাৰ বিভিন্ন সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়। সন্মিলনত চাইবাৰ ক্রাইম, উপকূলীয় অঞ্...

December 1, 2024 6:11 PM

views 18

নাগালেণ্ডৰ কিচামা গাঁৱত হৰ্ণবিল মহোৎসৱ আৰম্ভ

নাগালেণ্ডৰ কহিমাৰ সমীপৰ কিচামা গাঁৱত বহু প্রতিক্ষিত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ হৈছে। ৰূপালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰা এই মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিভিন্ন নাগা ফৈদৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য বহন কৰা নৃত্য-গীতেৰে উৎসৱস্থলী মুখৰ হৈ পৰিছে। এইবাৰৰ এই হৰ্ণবিল উৎসৱত নাগালেণ্ড চৰকাৰৰ লগতে ৱেলছ, জাপান,...