November 1, 2024 8:11 PM November 1, 2024 8:11 PM

views 15

ভাৰত আৰু চীনৰ সৈনিকৰ পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ

ভাৰত আৰু চীনৰ সৈনিকসকলে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ কৰিছে। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, ডেমচ’ক এলেকাত টহল পুনৰ আৰম্ভ হৈছে। উভয় দেশৰ সৈনিকৰ মাজত ২০২০ চনৰ এপ্ৰিলত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পাছৰে পৰা অঞ্চলটোত টহল ব্যৱস্থা বন্ধ আছিল আৰু প্ৰায় চাৰে চাৰি বছৰৰ পাছত এই ব্যৱস্থা পনৰ আ...

November 1, 2024 7:58 PM November 1, 2024 7:58 PM

views 9

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে বৰ্তমানলৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন

ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। এইবাৰৰ খেল মহাৰণ প্ৰতিযোগিতা এথলেটিকছ, ফুটবল, ভলীবল, দবা, সাঁতোৰ, কাবাড়ী আৰু চাইক্লিং এই ৭টা শাখাত অনুষ্ঠিত হ'ব। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে পুৰুষৰ সমানে মহিলাসকলেও ন...

November 1, 2024 7:57 PM November 1, 2024 7:57 PM

views 15

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক অসম পেৰালিম্পিক সন্থাৰ সম্বৰ্দ্ধনা

অসম পেৰালিম্পিক সন্থাই সদ্যসমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদক জয়ী খেলুৱৈসকলক আজি খানাপাৰাত আয়োজিত এটা অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়। গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্রতিযোগিতাত দুটা সোণ জয় কৰা কৃষ্ণা দাস, এটা সোণ লাভ কৰা সূৰ্য শ‍ইকীয়াক আজি সম্বৰ্দ্ধনা জনোৱা হয়। আনহাতে, তিনিটা ৰ...

November 1, 2024 7:51 PM November 1, 2024 7:51 PM

views 9

অসম ভাৰোত্তোলন সন্থাৰ নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

অসম ভাৰোত্তোলন সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ সহযোগত অহা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰত নামতিত নতুন প্রতিভা বাছনি শিবিৰ অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ শ্ৰীৰাম স্পোর্টছ একাডেমীয়ে সহযোগিতা কৰিবলগী...

November 1, 2024 7:49 PM November 1, 2024 7:49 PM

views 9

অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ ডুলিয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত অহা ৫ ৰ পৰা ১১ নৱেম্বৰলৈ ডুলিয়াজানৰ বিহুতলীত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এই গ্রন্থমেলাত অসমৰ ভালেমান আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও প্রকাশন গোষ্ঠীয়ে অংশগ্রহণ কৰিব। পৰিষদে জনোৱা অনুসৰি গ্ৰন্থমেলাৰ বা...

November 1, 2024 7:47 PM November 1, 2024 7:47 PM

views 3

কাইলৈ দিনজোৰা কাৰ্যসূচীৰে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান

কামৰূপ জিলাৰ হাজো অঞ্চলৰ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান কাইলৈ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। মহাজত জয়ন্তী উপলক্ষে কাইলৈ পুৱাৰ ভাগত অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে পতাকা উত্তোলন কৰিব। অভিনেতা চম্পক শৰ্মাই বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন ...

November 1, 2024 7:46 PM November 1, 2024 7:46 PM

views 15

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাতত অনুষ্ঠানত সতর্কতা সপ্তাহ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত তদাৰকী আৰু দুর্নীতি নিবাৰণী সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুমাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত...

November 1, 2024 7:43 PM November 1, 2024 7:43 PM

views 12

কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত ২ বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীৰ এটা দলে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত দুজন বাংলাদেশী নাগৰিকক আটক কৰে। পৰৱৰ্ত্তী সময়ত দুয়োজন লোকক সীমান্তৰ সিপাৰে পঠিয়াই দিয়া হৈছে। অসম আৰক্ষীয়ে অনুপ্রবেশ ৰোধৰ ক্ষেত্ৰত চলাই অহা নিৰন্তৰ প্ৰয়াসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শলাগ লয়৷

November 1, 2024 7:40 PM November 1, 2024 7:40 PM

views 4

প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি কাইলৈ কিতাপৰ দিন উদযাপন কৰা হ’ব

বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ, অভিনেতা, নাট্যকাৰ তথা পৰিচালক প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি কাইলৈ কিতাপৰ দিন উদযাপন কৰা হ'ব। গুৱাহাটীৰ উজানবজাৰত থকা কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সন্ধিয়া ৬ বজাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সাংবাদিক নিত্য বৰা মুখ্য অতিথি হিচাপে উপস্থিত থা...

November 1, 2024 7:36 PM November 1, 2024 7:36 PM

views 7

দেশৰ লগতে অসমতো আজিৰে পৰা ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল আৰম্ভ

সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে আজি গোলাঘাটৰ বোকাখাত সমজিলাৰ কুৰুৱাবাহী পঞ্চায়তৰ নগয়া পামত আয়োজিত উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে। আজিৰ উদ্বোধনী অনুষ্ঠানত ডিজিটেল এপৰ জৰিয়তে কিছুসংখ্যক পশুপালকৰ তথ্য পঞ্জীভুক্ত কৰ...