December 15, 2025 6:33 PM

views 33

অসমৰ সংবাদ জগতৰ মহীৰূহ, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ প্রফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন

যোৱানিশা দেহাৱসান ঘটা অসমৰ সংবাদ জগতৰ মহীৰূহ, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, ট্ৰিবিউন গোষ্ঠীৰ অধ্যক্ষ তথা বর্ষীয়ান সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ অন্ত্যেষ্টিক্রিয়া গুৱাহাটী নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হয়। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পীযূষ হাজৰিকাই শেষকৃত্যথলীত উপস...

December 15, 2025 6:29 PM

views 13

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্রহণ কৰা হ'ব। আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়। সেয়েহে কাইলৈৰ গুনানিৰ বাবে আদালতত ৭ অভিযুক্তকে নিয়ম অনুসৰি হা...

December 15, 2025 6:27 PM

views 28

গোৱালপাৰাৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে ‘আণ্ডাৰ দা শাল ট্রী’ নাট সমাৰোহ

গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে চলিত বছৰৰ ‘আণ্ডাৰ দা শাল ট্রী’ নাট সমাৰোহ অনুষ্ঠিত হয়। প্রয়াত নাট্যকর্মী শুক্রাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংদুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত সম্পূর্ণ অভিনৱ শৈলীৰে প্ৰতিবছৰে শাল গছৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই সমা...

December 15, 2025 6:25 PM

views 14

সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বৈজয়ন্ত পাণ্ডাক বিজেপিৰ নিৰ্বাচনী তত্ত্বাৱধায়ক নিযুক্তি

ভাৰতীয় জনতা পাৰ্টিয়ে সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডাক নির্বাচনী তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। দলে লগতে বিধায়ক আৰু জম্মু-কাশ্মীৰ বিধানসভাত বিৰোধী দলৰ নেতা সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দর্শনা বেন জর্ডোছক এই নির্বাচনৰ সহ-তত্বাৱধায...

December 15, 2025 6:21 PM

views 8

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত পৰিষদৰ বিশেষ অধিবেশন

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ বিশেষ অধিবেশন অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত অধিবেশনত বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চলিত বিত্তীয় বৰ্ষৰ বাবে ১০০ কোটি টকাৰ পৰিপূৰক দাবী মঞ্জুৰি সদনত দাখিল কৰে। পাছত সদনে এই দাবীমঞ্জুৰ...

December 15, 2025 6:20 PM

views 8

কোকৰাঝাৰৰ তাৰাং নৈৰ পাৰত অহা ২৮ ডিচেম্বৰৰ পৰা কমতা সংগীত মহোৎসৱ

কোকৰাঝাৰৰ তাৰাং নৈৰ পাৰত অহা ২৮ ডিচেম্বৰৰ পৰা কমতা সংগীত মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। ১২ দিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত কেইবাহাজাৰো শিল্পীয়ে কোচ-ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত গীত আৰু লোকনৃত্যৰ লগতে অন্যান্য নৃত্যগীত পৰিবেশন কৰিব। ইয়াৰ বাবে মহোৎসৱস্থলীত মূল প্রশিক্ষকসকলে ভালেসংখ্...

December 15, 2025 6:13 PM

views 10

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাতীগাঁৱত খেতি চপোৱা উৎসৱ পালন

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাতীগাঁও অঞ্চলৰ ৰাইজে এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আজি পৰম্পৰাগতভাৱে খেতি চপোৱা উৎসৱ পালন কৰে। কৃষকসকলৰ পথাৰৰ ধান লগে-ভাগে চপাই আজি এই উৎসৱ পালন কৰা হয়। ৰাইজে পৰম্পৰা ৰক্ষা কৰি বাদ্যযন্ত্ৰ বজাই খেতি চপোৱাৰ পাছত সমূহীয়া ভোজ-ভাতৰ আয়োজন কৰে ৷

December 15, 2025 6:11 PM

views 9

বৰপেটা জিলাৰ হাউলীৰ মৈৰামাৰাত এজন লোকৰ পৰা ১ লাখ ২৫ হাজাৰ টকাৰ জালনোট জব্দ

বৰপেটা জিলাৰ হাউলীৰ সমীপৰ মৈৰামাৰাত আজি এজন লোকৰ পৰা ১ লাখ ২৫ হাজাৰ টকা জাল নোট জব্দ কৰা হয়। আৰক্ষী আৰু হাউলীস্থিত এছ এচ বি ৬৪ নম্বৰ বেটেলিয়নৰ দলে অভিযান চলাই এখন ই-ৰিক্সাৰ পৰা জালনোটখিনি জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। জিলাখনৰ মন্দিয়াৰ বাসিন্দা লোকজনে এই জালনোটসমূহ হাউলীলৈ সৰবৰাহ কৰিছিল বুলি আৰ...

December 15, 2025 1:45 PM

views 29

মাজুলীত কালিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ

সত্ৰপীঠ মাজুলীৰ শ্ৰীশ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ-মাধৱ মিলত ক্ষেত্ৰত কালিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত এহেজাৰ এগৰাকী শিল্পীয়ে বৰগীত পৰিৱেশন কৰে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত এই ভাওনা সমাৰোহ...

December 15, 2025 1:42 PM

views 21

চলিত বৰ্ষত অসমত ১২টা বাঘৰ মৃত্যু

চলিত বৰ্ষত অসমত ১২টা বাঘৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে তথ্য প্ৰকাশ কৰিছে। যোৱা ১২ ডিচেম্বৰ পৰ্যন্ত দিয়া তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৭টা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান এটা বাঘৰ মৃত্যু হৈছে। তদুপৰি ৰাজ্যৰ অন্যান্য স্থানত কেইবাটাও বাঘ মানুহে হত্যা কৰিছে। বাঘৰ মৃত্যুৰ ক...