November 3, 2024 8:38 PM November 3, 2024 8:38 PM

views 9

ৰেলৱেৰ উন্নয়ন ৰাজনীতিৰ উৰ্ধত হোৱা উচিত আৰু জনসাধাৰণৰ সামগ্রিক উন্নয়নত গুৰুত্ব আৰোপ কৰিব লাগেঃ কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, কেৰালাৰ অংমালিৰ পৰা এৰুমেলিলৈ মূল শাৰীবিন্যাস অনুসৰি ছবৰি ৰেলপথ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। ত্ৰিছু ৰেল ষ্টেছনত আজি দুপৰীয়া এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে এই প্ৰকল্প সন্দৰ্ভত...

November 3, 2024 8:34 PM November 3, 2024 8:34 PM

views 16

কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত

কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ দেওবৰীয়া বজাৰত আজি বিয়লি হোৱা গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত হয়। সংবাদদাতাই জনোৱা অনুসৰি টি আৰ চি ক্ৰছিঙৰ সমীপত নিৰাপত্তা বাহিনীৰ বাহনলৈ লক্ষ্য কৰি সন্দেহযুক্ত সন্ত্রাসবাদীয়ে দলিওৱা গ্রেনেড লক্ষ্যভ্রষ্ট হৈ পথত বিস্ফোৰিত হয়। এই ঘটনাত কম...

November 3, 2024 8:30 PM November 3, 2024 8:30 PM

views 22

ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছেঃ বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছে। অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি ব্ৰীছবেনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, উচ্চ বিকাশৰ পথত অগ্ৰসৰ ...

November 3, 2024 8:27 PM November 3, 2024 8:27 PM

views 18

ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে। এই ক্ষেত্ৰত দেশৰ প্ৰগতিৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে, চৰকাৰে সমূহীয়া ভাৱনাৰে যক্ষ্মামুক্ত ভাৰতৰ হকে কাম কৰি যাব। তেওঁ কয় যে, চৰকাৰ যক্ষ্মামুক্...

November 3, 2024 7:45 PM November 3, 2024 7:45 PM

views 13

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত নিয়োজিত পলিং আৰু প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। আজি চামগুৰি সমষ্টিৰ উপ-নির্বাচনত নিয়োজিত পলিং আৰু প্রিজাইডিং বিষয়াসকলৰ দ্বিতীয় প...

November 3, 2024 7:37 PM November 3, 2024 7:37 PM

views 12

ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডৰ ২৫ ৰানত জয়লাভ

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডে ২৫ ৰানত জয়লাভ কৰিছে। আজি তৃতীয় দিনা জয়ৰ বাবে আলহী দলটোৱে নিৰ্ধাৰণ কৰি দিয়া ১৪৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১২১ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ঋষভ পণ্টে সৰ্বাধিক ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ...

November 3, 2024 7:32 PM November 3, 2024 7:32 PM

views 5

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে আজি নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ এখন সংবাদমেল অনুষ্ঠিত হয়। ‘Ethos of peace and harmony an integral part for nation building' শীর্ষক বিষয়বস্তুৰে ১৫ আৰু ১৬ নৱেম্বৰত দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত আয়োজন কৰিবলগীয়া বড়োলেণ্ড মহোৎসৱৰ বিষয়ে আজিৰ সং...

November 3, 2024 7:09 PM November 3, 2024 7:09 PM

views 10

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণ সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠক

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণ সন্দৰ্ভত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে অংশ লৈ এই ধবজাবাহী আঁচনিখন ৰূপায়ণৰ পৰ্যালোচনা কৰে। তেওঁ যোগ্য হিতাধি...

November 3, 2024 7:04 PM November 3, 2024 7:04 PM

views 14

বিজেপি ক্ষমতালৈ আহিলে ঝাৰখণ্ডত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী হ’ব আৰু জনজাতীয় সকল ইয়াৰ বাহিৰত থাকিবঃ গৃহমন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ সংকল্প পত্ৰ মুকলি কৰে। এই উপলক্ষে ভাষণ দি শ্রীশ্বাহে কয় যে, বিজেপি ক্ষমতালৈ আহিলে ঝাৰখণ্ডত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী হব আৰু জনজাতীয় লোকসকল এই বিধি আওতাৰ বাহিৰত থাকিব। তেওঁ কয় যে, ৰাজ্যখনৰ জনগাঁথন...

November 3, 2024 6:58 PM November 3, 2024 6:58 PM

views 5

পৰিবেশ ৰাজ্যমন্ত্রী কীৰ্তিবর্ধন সিঙৰ ভাৰতৰ উন্নীত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ ৰণনীতি আৰু কাৰ্যপৰিকল্পনা  মুকলি

পৰিবেশ ৰাজ্যমন্ত্রী কীৰ্তিবর্ধন সিঙে কলম্বিয়াত অনুষ্ঠিত চিঅ'পিৰ ষষ্ঠদশ বৈঠকত ভাৰতৰ উন্নীত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ ৰণনীতি আৰু কাৰ্যপৰিকল্পনা- এন বি এছ এ পি মুকলি কৰে। এন বি এছ এ পি মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ভাৰতৰ সম্পূৰ্ণ চৰকাৰ আৰু সম্পূর্ণ সমাজৰ দৃষ্টিকোণ সন্দৰ্ভত আলোকপাত কৰে। ইয়াৰ অধীন...