November 7, 2024 7:14 PM November 7, 2024 7:14 PM

views 6

ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে বাক্সা জিলাৰ দৰঙাত ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে আজি বাক্সা জিলাৰ দৰঙাত এটা ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি কৰা হয়। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূ-বন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যপ...

November 7, 2024 7:03 PM November 7, 2024 7:03 PM

views 7

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলাখনৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী অনুষ্ঠিত হয়। বিশ্ব বেংকৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত দুৰ্ঘটনাৰ গোচৰত, দুৰ্ঘটনাৰ পিছৰ তদন্ত কিদৰে আগবাঢ়িব লাগে সেই বিষয়ে কাৰিকৰী বিশেষজ্ঞসকলে প্ৰশিক্ষণ প্ৰদান কৰে।

November 7, 2024 6:54 PM November 7, 2024 6:54 PM

views 9

অসমৰ শিক্ষাৰ্থীক কোৰিয়ান ভাষা শিক্ষণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰাণ্ট ক’ৰ্পৰ্চেনৰ পদক্ষেপ গ্ৰহণ

ৰাজ্যৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰাণ্ট ক’ৰ্পৰ্চেনে অসমৰ শিক্ষাৰ্থীক কোৰিয়ান ভাষা শিক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে দুয়োটা প্রতিষ্ঠানে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই অংশীদাৰিত্বত শিক্ষাৰ্থীসকলৰ বাবে এহেজাৰ ডলাৰ অনুদান, শৈক্ষিক স...

November 7, 2024 9:09 PM November 7, 2024 9:09 PM

views 28

ধৰ্মীয় ৰীতি-নীতিৰে ষট পূজাৰ তৃতীয় দিনত ভক্তসকলে অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়

সূৰ্য দেৱতাক ধৰ্মীয় ৰীতি-নীতিৰে আৰাধনা কৰি কল্যাণ কামনাৰে সম্পন্ন কৰা ষট পূজাৰ আজি তৃতীয় দিনা ভক্তসকলে নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈৰ ঘাট...

November 7, 2024 6:45 PM November 7, 2024 6:45 PM

views 13

চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চামগুৰি উচ...

November 7, 2024 1:34 PM November 7, 2024 1:34 PM

views 1

দিৱিজ চৰণ আৰু ডেনিয়েল কুকিৰমেনৰ যুটীটো এইচ পি পি অপেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ দিৱিজ চৰণ আৰু ইজৰাইলৰ ডেনিয়েল কুকিৰমেনৰ যুটীটোৱে ফিনলেণ্ডৰ হেলেচিংকিত অনুষ্ঠিত এইচ পি পি অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। চৰণ আৰু কুকিৰমেনৰ যুটিটোৱে যোৱা নিশা প্রি-কোৱাৰ্টাৰ ফাইনেলত চেক গণৰাজ্যৰ মেটেজ ৱোছেল আৰু ডেনমাৰ্কৰ জোহান্স ইংগিল্ডিছনক ৭-৬, ৭-৫ পোনপটী...

November 7, 2024 1:32 PM November 7, 2024 1:32 PM

views 7

৪,৫২১খন বিশেষ ৰে’লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰেলৱেই যোৱা ছয়ত্রিশ দিনত চাৰি হাজাৰ ৫২১খন বিশেষ ৰে'লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা কৰিছে। ছট্‌ পূজাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে কাইলৈৰ পৰা ১১ তাৰিখলৈ প্ৰতিদিনে ১৬০খন বিশেষ ৰে'লগাড়ীৰ সময়সূচী নির্ধাৰণ কৰিছে । বিশেষ ৰে'লগাড়ীসমূহে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাত...

November 7, 2024 1:29 PM November 7, 2024 1:29 PM

views 10

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ নির্বাচনী আয়োগৰ

নির্বাচনী আয়োগৰ সংস্থাসমূহে নির্বাচন হ'বলগীয়া মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড তথা উপ- নির্বাচন হ'বলগীয়া অন্যান্য ৰাজ্যসমূহত পাঁচশ আঠাৱন্ন কোটি টকা নগদ ধন, ভোটদাতাক প্রলোভিত কৰাৰ বাবে অনা সামগ্ৰী, সুৰা, ড্ৰাগছ আৰু বহুমূলীয়া ধাতু জব্দ কৰিছে। আয়োগে জনাইছে যে মহাৰাষ্ট্ৰত চলা অভিযানত প্রায় দুশ আশী কোটি টকা ...

November 7, 2024 1:28 PM November 7, 2024 1:28 PM

views 5

এন ডি এ আৰু আই এন ডি আই মিত্রজোঁটৰ ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ

এন ডি এ আৰু আই এন ডি আই মিত্রজোঁটে ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী স্মৃতি ইৰাণীয়ে কালি হাজাৰিবাগৰ এখন নির্বাচনী সভাত ভাষণ দি কয় যে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ নেতাসকলে মহিলাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছে। শ্ৰীমতী ইৰাণীয়ে কয়...

November 7, 2024 1:26 PM November 7, 2024 1:26 PM

views 5

ষট্ পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ জনসাধাৰণক ওলগ

আজি ষট্ পূজাৰ তৃতীয় দিন। এই উপলক্ষে ভক্তসকলে বিভিন্ন নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়াব। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ষট্ পূজা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বার্তাযোগে কৈছে যে ষট্ পূজা দেশৰ প্ৰাচী...